আজি মই এই পৃষ্ঠাখনত নাথাকিলো হয়।
তোমাৰ অবিহনে একোৱে নহ'ল হয়
জীৱনৰ তুমিয়ে মোৰ নিস্বাৰ্থ ভালপোৱা।
এদিন ভাৱিছিলো জানা !
এই পৃথিৱীৰ পৰা সকলো এৰি
অজান দেশলৈ গুছি যাম বুলি!
একোতে মন নবহিছিল!
তুমি যেতিয়া মোৰ হৃদয়ত আহিছিলা
মই সকলো পাহৰি পেলাইছিলো।।
এক নতুন জীৱন
উপভোগ কৰিবলৈ সপোন দেখিবলৈ লৈছিলোঁ।
এতিয়া জানা!
তোমাৰ অবিহনে মই
থাকিবই নোৱাৰোঁ!
তোমাৰ লগত কটোৱা প্ৰকৃতিৰ
সময়বোৰ বহুত ভাল লাগে।
এইটোৱে ভাৱো!
এই সময় কেতিয়াও যেন শেষ নহয়।
✍️লক্ষীৰাম কুৰ্মী
শাওতঁলী চাহ বাগিছা
Thank u
ReplyDelete