বৰষুণৰ পঁজা - মধুকৃষ্ণা দেউৰী শিলপনীয়া

আকাশ আৰু পথাৰ একাকাৰ
নেৰা-নেপেৰা বৰষুণৰ ৰূপ  কি হ'ব পাৰে ।
কিমান ভয়ংকৰ হ'ব পাৰে
ভাবি চাইছোনে বাৰু   ?
 মই সুধিছো বৰষুণ ভাল পোৱা বোৰক
অ, মই সুধিছো!
ময়ো ভাল পাওঁ বৰষুণৰ স্পৰ্শ
বৰষুণত তিতিবলৈ।
কিন্তু??
ভাবি চাইছোনে বাৰু ।
আমি বৰষুণ ভাল পোৱাবোৰে
উৰুষা পঁজাৰ তলত
এমুঠি অন্নৰ বাবে উচুপি থকা
বৰষুণে জুৰুলা কৰা ঘৰখনৰ কথা।
সিহঁত এতিয়া বাৰু কেনেকৈ আছে।
দিন ৰাতি।
কেচুৱাটো বুকুত লৈ হাতখনৰে ঢাকি ৰাখি 
পাৰ কৰা মুহূৰ্তবোৰলৈ
এবাৰ আমি ভাবি চাইছোনে
নৈৰ কাষৰ মঠাউৰিত 
বাস কৰি থকা মানুহবোৰলৈ
সিহঁতৰ সপোনৰ ঘৰখনৰ কথা।
কেনেকৈ ৰাতিৰ ভিতৰতে
ঘৰখন খহাই নিয়ে,
সপোনবোৰ ভাঙি দিয়ে।
সিহঁতৰ সপোন বোৰ কেনেকৈ
চকুৰ পলকতে নদীৰ বুকুত
উটি যায়।
এইয়া কি নিষ্ঠুৰ পৰিহাস
মোৰ ভাবিলে বুকুখন কঁপি উঠে।

✍️মধুকৃষ্ণা দেউৰী শিলপনীয়া
     ডিব্ৰুগড়

Post a Comment

Previous Post Next Post