খঙিধৰৰ পিৰালিত পাৰি থোৱা আৰাম চকী খনত বহি প্ৰেমাধৰে কান তাল মাৰি পদূলিৰে যোৱা মটৰ চাইকেল খনলৈ বুলি কৈ উঠিল, "কোন কুকুৰৰ পুতেক গ'ল অ' এইটো? " কাষতে ঘৰ মচি থকা ৰমলাই অকৰা চাৱনিৰে কৈ উঠিল, " এইটো সৰু বোপাই গ'ল নেকি খুৰা!" বাৰিষাৰ আবেলিৰ নিচিনা মুখখন ক'লা কৰি প্ৰেমাধৰ ঘৰমুৱা হ'ল।
◾তীৰ্থ শংকৰ কাকতি