ব্যয় কৰি নিজৰ শক্তি,
জীৱনক যাবা জানোঁ পাহৰি।
হাতুৰি, বটালি, উলুম, কৰণি,
তাৰ আগতে আমাৰ সুৰক্ষা জৰুৰী।
বিপদৰ পাছত নাখাবা হাবাথুৰি,
খোজে খোজে কৰ্ম কৰিবা চিন্তি।
সময়ে কৈ যায়, সময়ে শিকাই যায়,
তথাপি কিয় সচেতন নহওঁ সদায়।
এটি এটি পল অমূল্য ৰতন,
সু-স্বাস্থ্যৰ গৰাকী সকলোৰে মন।
আগুৱাই যাম জীৱন যুঁজত,
সুৰক্ষাৰ কথা ৰাখিম মনত।
নব্য - প্ৰগতিৰ উন্মেষ ঘটাই,
সু-স্বাস্থ্যৰে থাকিবলৈ জীৱন জীয়াই।।
◾ পাপু শইকীয়া