দেওহাঁহ

Rinku Rajowar
1
দেওহাঁহ এবিধ ডাঙৰ আকাৰৰ হাঁহৰ প্ৰজাতি। দেওহাঁহক অসমৰ জাতীয় চৰাইৰূপে অভিহিতি কৰা হৈছে । এই প্ৰজাতি হাঁহৰ বিশেষ ধৰণৰ বিকট মাতৰ বাবে অসমীয়াত ইয়াক দেওহাঁহ বোলা হয়। 

দৈহিক গঠন
.......................

দেওহাঁহ বনৰীয়া হাঁহৰ প্ৰজাতি সমূহৰ ভিতৰত এবিধ। দেওহাঁহৰ দৈৰ্ঘ্য 66 - 81 ছে: মি: আৰু ডেউকাৰ দৈৰ্ঘ্য 116 - 153 ছে: মি: । মতা দেওহাঁহৰ ওজন প্ৰায় 2.95 কি: গ্ৰা: আৰু মাইকী হাঁহৰ 1.95 - 3.05 কি: গ্ৰা: । পূৰ্ণবয়স্ক দেওঁহাঁহৰ  দেহটো গাঢ় কলা বৰণৰ ,মূৰ তথা ডিঙি বগা। মতা দেওহাঁহৰ ঠোঁট পাতল হালধীয়া বৰণৰ।

বিতৰণ 
..............

দেওহাঁহ উত্তৰ-পূৱ ভাৰত , বাংলাদেশৰ পৰা জাভা , ছুমুত্ৰালৈকে বিস্তৃত আছিল। বৰ্তমান ই জাভাত বিলুপ্ত হৈছে । ভাৰতবৰ্ষত বৰ্তমান কেৱল অসম আৰু অৰুণাচলতহে দেখা যায়। 2002 বৰ্ষৰ এটা সমীক্ষা অনুসৰি সমগ্ৰ বিশ্বত মাত্ৰ আঠশ ( 800 ) মান দেওহাঁহ আছে। ইয়াৰে প্ৰায় 450 টা ভাৰতবৰ্ষকে ধৰি বাংলাদেশ আৰু ম্যানমাৰত আছে।

আচৰণ
..............
দেওহাঁহ এবিধ অপুৰুগীয়া তথা বিৰল প্ৰজাতিৰ হাঁহ। এই প্ৰজাতিবিধে কেৱল নিশাৰ ভাগতহে খাদ্য খায় বুলি জনা যায়।  

বসতিস্থল
...............

ই মূলতঃ চিৰসেউজীয়া পৰ্ণপাতী বনাঞ্চল, বন্ধ বা কম সোঁতৰ পানী থকা প্ৰাকৃতিক তথা কৃত্ৰিম জলাশয়ত বাস কৰে। দেওহাঁহে গছৰ খোৰোঙতে বাহ সাজি থাকে ।
                    ভাৰতবৰ্ষৰ দিহিং পাটকাই সংৰক্ষিত বনাঞ্চল , নামেৰী ৰাষ্ট্ৰীয় উদ্যান তথা নামদফা ৰাষ্ট্ৰীয় উদ্যান আদিত দেখা যায়।

স্থিতি তথা সংৰক্ষণ
.............................

ক্ৰমান্বয়ে বৃদ্ধি পাই অহা বনাঞ্চল ধ্বংস ,কণী , মাংস তথা অন্যান্য ব্যৱহাৰৰ বাবে কৰা চোৰাং চিকাৰীৰ ফলশ্ৰুতিত দেওহাঁহৰ জনসংখ্যা বিপদজনকভাবে হ্ৰাস পাই আহিছে। বৰ্তমান এই প্ৰজাতিটোক "আই ইউ চি এন ৰেড লিষ্ট" ( iucn red list ) অনুসৰী বিলুপ্তপ্ৰায় ( endangered ) গোটত অন্তভূক্ত কৰা হৈছে।

সংগ্ৰাহক- চিন্ময় নাথ 
এক নং ঝাউবাৰী গোসাইপাৰা , চকিহালী।

Post a Comment

1Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

  1. অতি সুন্দৰ উপস্থাপন সলাগ লৈছোঁ।

    ReplyDelete
Post a Comment