আজি আমাৰ জীৱন সত্ত্বাত
কিহবাই কৰিছে আমনি,
আপুনি হয়তো অনুভৱ কৰা নাই
এই অস্থিৰতাৰ প্ৰবাহ!
অন্যথা আপুনি পোৱা নাই চাগৈ
ক'তো এই প্ৰৱাহৰ তপ্ত শিখা
পোৱা হ'লে কিজানি
কেতিয়াবাই খুলি দিলে হয়
শৰীৰৰ পৰা উৱলিব ধৰা বসনবোৰ।
মন্দিৰৰ কোণত বহি থকা
জীৱনৰ প্ৰথম বিনন্দীয়া পোহৰ চাবখোজা ...
সৌ অকণমানিটোৰ
চকু দুটাত থকা ভাষাবোৰ...
কি আছে সেই ভাষাত
এবাৰ হ'লেও
পঢ়ি চালে নে বাৰু?
কিন্তু নিজৰ মাজত বিভোৰ হৈ
থকাৰ বাবেই হয়তো পঢ়িব নোৱাৰিলে
কি আছিল সেই চকু দুটিৰ ভাষা
ক্ষুধা-বুভুক্ষা নে অন্য কিবা?
কি নামেৰে নামকৰণ কৰিব বাৰু
এতিয়া আপুনি বা আমি সকলোৱে
দেখা এই দৃশ্যমানক
লেতেৰা থালখনত প্ৰতিবিম্ব হোৱা
ছবিখনক আপুনি ধুনীয়া কৰিব পাৰিব নে?
চিনি পাব পাৰিব নে এই দৃশ্যক?
নে আপোনালোকে নিচিনিবই এনে মানৱতাক কেতিয়াও কোনো কালেই।
কোনে জানে সেই প্ৰতিবিম্ববোৰে
কি ক'ব বিচাৰিছিল বাৰু!
মানৱতা বোলে বহি থাকে
নিঃশব্দ মনমন্দিৰৰ ভিতৰত।
আহকচোন কানি-দুৱৰিকৈ হʼলেওঁ
এবাৰ খুলি চাওঁ
মনমন্দিৰৰ দুৱাৰখনৰ কপাট,
আৰু ভালদৰে চিনি লওঁ
প্ৰত্যেজনৰে নিজস্ব স্বকীয় চিত্ৰনাট্য
আৰু মুখমণ্ডলবোৰ।।।
⚫দুলাল বৰা
নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ