কাইলৈ বৰষুণ আহিলে লগ নকৰোঁ তোমাক-প্ৰদীপ দাস ঠাকুৰ

©Admin
0
কাইলৈ বৰষুণ আহিলে লগ নকৰোঁ তোমাক
চাৰিওপিনে ৰাজতন্ত্ৰৰ কথা আমনিদায়ক হয় কেতিয়াবা
গোটেই দিনটো গণতন্ত্ৰৰ বিষয়ে অধ্যয়ন কৰিম 
আমনি লাগিলে হীৰুদাৰ সুগন্ধি পখিলা পঢ়িম

কাইলৈ বৰষুণ আহিলে লগ নকৰোঁ তোমাক
লাগিলে মাতি আনিম চুবুৰীৰ কোনোবা এজনক
সুধিম কি কি সপোন আছে তেওঁৰ কি খাই ভাল পায় 
যুদ্ধৰ অনুভৱ কি তেওঁৰ মনত

কাইলৈ বৰষুণ আহিলে লগ নকৰোঁ তোমাক
একঘেয়ামী কথাবোৰত বিচাৰি নাপাওঁ
প্ৰাণ সঞ্জীৱনী কথা শুনিলে আমনি নলগা
ভালপোৱাৰ পুখুৰীত সাতুৰি সাতুৰি ধৰিম প্ৰেমৰ দৰিকণা 

কাইলৈ বৰষুণ আহিলে লগ নকৰোঁ তোমাক
উলিয়াই লম অতীতৰ অযুত সোঁৱৰণিৰ পৃষ্ঠা
নকৰিবলগীয়া ভুলবোৰত ক্ষন্তেক মৰ্মাহত হম
সোঁৱৰণিৰ অযুগ্ম স্মৃতিবোৰেৰে জীৱনৰ ছবি আঁকিম

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)