আজিৰ দিনটোৰ বিশেষত্ব-২৪ মে'

©Admin
0

(১) ১৯৩১ চনৰ আজিৰ দিনটোতে আমেৰিকা যুক্তৰাষ্ট্ৰৰ ৱাল্টম'ৰ ওহাইঅ' পথত প্ৰথম খন শীততাপ নিয়ন্ত্ৰিত যাত্ৰীবাহী ৰেল চলাচল কৰিছিল

(২) ১৯৫৯ চনৰ আজিৰ দিনটোতে সাম্ৰাজ্য দিৱসৰ নাম সলনি কৰি কমনৱেলথ দিৱস ৰখা হয়।

(৩) ১৯৮৫ চনৰ আজিৰ দিনটোতে বাংলাদেশত অহা  ঘূৰ্ণীবতাহত ১০,০০০ লোকৰ মৃত্যু হয় ।

(৪) ১৯৮৬ চনৰ আজিৰ দিনটোতে  মাৰ্গাৰেট থ্যাচাৰ  ইজৰাইল ভ্ৰমণ কৰা প্ৰথম ব্ৰিটিছ প্ৰধানমন্ত্ৰী ৰূপে পৰিগণিত হয় ৷

(৫) ২০০০ চনৰ আজিৰ দিনটোতে  ইজৰাইলে দক্ষিণ লেবাননত পৰা ১৮ বছৰৰ পাছত সৈন্যবাহিনীক তাৰ পৰা উভতাই  আহে।

(৬) ২০০২ চনৰ আজিৰ দিনটোতে  ৰাছিয়া আৰু আমেৰিকা যুক্তৰাষ্ট্ৰই মস্কো চুক্তি স্বাক্ষৰ কৰে ৷

(৭) ১৮৭৫ চনৰ আজিৰ দিনটোতে চৈয়দ আহমেদ খানে আলিগড়ত মহমেদান এংলো অৰিয়েণ্টেল স্কুল স্থাপন কৰে, যাক বৰ্তমান আলিগড় মুছলিম বিশ্ববিদ্যালয় বুলি জনা যায়।

(৮) ২০১৩ চনৰ আজিৰ দিনটোতে  মণীষ কুমাৰ ডেকাই মাউণ্ট এভাৰেষ্ট শৃংগ জয় কৰা দ্বিতীয়জন অসমীয়াৰ কৃতিত্ব অৰ্জন কৰিছিল 

(৯) ১৮১৯ চনৰ আজিৰ দিনটোতে গ্ৰেট ব্ৰিটেইন আৰু আয়াৰলেণ্ডৰ ৰাণী ভিক্টোৰিয়াৰ জন্ম হৈছিল ।

(১০) ১৮৯৯ চনৰ আজিৰ দিনটোতে  এজন বিখ্যাত বঙালী কবি,  সংগীতজ্ঞ আৰু দাৰ্শনিক কাজী নজৰুল ইছলামৰ জন্ম  দৈছিল ।

(১১) ১৯৫৪ চনৰ আজিৰ দিনটোতে মাউণ্ট এভাৰেষ্ট আৰোহণ কৰা প্ৰথম ভাৰতীয় মহিলা বাচেন্দ্ৰী পালৰ জন্ম হৈছিল ।

(১২) ১৫৪৩ চনৰ আজিৰ দিনটোতে প্ৰখ্যাত ইউৰোপীয় জ্যোতিৰ্বিজ্ঞানী আৰু গণিতজ্ঞ নিকোলাচ কপাৰনিকাচ মৃত্যু হৈছিল। 

(১৩) ২০০০ চনৰ আজিৰ দিনটোতে  হিন্দী চলচ্চিত্ৰৰ বিখ্যাত গীতিকাৰ আৰু কবি মজৰুহ চুলতানপুৰীৰ মৃত্যু হয়।



Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)