বাৰিষা বানৰ কোলাত,
প্লাৱনে ধোঁৱাই নিয়ে অসমীৰ চৰণ
সানে নিষ্ঠুৰ আঘাত।
প্ৰকৃতিৰ দান বৰ লুইত আজি
হৈ উঠিছে ৰুষ্ট,
বলিয়া হৈছে সুৰমা বৰাক
কৰিছে অতি অনিষ্ট।
ডিক্ৰং ,ৰঙানৈ ভৰলী, বৰনৈ
আনিছে কালৰ বন্যা,
দিখৌ-দিচাং কপিলী,ধনশিৰীয়ে
চলাইছে ধ্বংসৰ তাণ্ডৱ লীলা।
সংস্কৃতিৰ বাহক নদী দ্বীপ মাজুলী
লুইতৰ বলিয়া গৰ্ভত,
প্ৰকৃতিৰ ৰম্যভূমি হাফলং, ডিমা হাছাওঁ
লুকাইছে খহনীয়াৰ মাজত
হোজাই, কামপুৰ দৰং, গহপুৰ
লুকাইছে বাৰিধিৰ বুকুত,
জাগীৰোড, ওদালগুৰি শিলচৰ, পলাশবাৰীত
বানৰ সংহাৰী ৰূপ।
শান্ত -সমাহিত তৃষ্ণা নিবাৰণী
নদী বোৰ আজি অশান্ত,
কালৰ ৰুদ্ৰ ৰূপত সাৱটিছে অসমক
কৰিব বিচাৰিছে নিশ্চিহ্ন।
ভাঙিছে মথাউৰি বুৰাইছে ঘৰ-বাৰী
প্ৰকৃতিৰ কি ৰুদ্ৰ ৰূপ,
চিহ্ন-বিঃ চিহ্ন ৰাষ্ট্ৰীয় ঘাইপথ
চলিছে ধ্বংসৰ স্তূপ।
কালৰ পাকচক্রত বিলীন হৈছে
মানুহকে ধৰি কত জীৱ-জন্তু,
প্ৰলয়ৰ নাচোন নাচি তথাপিও শান্ত নহয়
কপিলী, লুইত মহা সিন্ধু।
সেউজী অসম নহয় গেদৰ মৰুভূমি
যেন নিজান মৰিশালি,
মহাবাহুৰ সৰ্বগ্ৰাসী ৰুষ্ট জোৱাৰত
হৈছে অসমৰ বুকু খালি।
___________
✍🏻পল্লৱ ৰায়
পূৰ্বজ্যোতি নিগম।
গহপুৰ, বিশ্বনাথ।
নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ