তুমি - তৃণা ফুকন

Rinku Rajowar
0
এটি শব্দ,
যি শব্দত অনুৰণিত হয়
মোৰ অলেখ ৰঙীন স্বপ্ন।
  এটি সুৰীয়া গীতৰ দৰে
   মিঠা প্ৰণয়ৰ সুৰেৰে
   প্ৰতিক্ষণে ছন্দ তুলি
   মোৰ হিয়াৰ কোঁহে কোঁহে 
   নীৰৱতাৰে বৈ যোৱা
মাথোঁ তুমি.....।
যাৰ দুচকুত ফুলে
মায়াসনা গোলাপ পাহি,
যাৰ হাঁহিয়ে কাঢ়ি আনে
ৰঙালীৰ ৰঙখিনি,
তেওঁৱেই মাথোঁ তুমি....।
মোৰ স্বপ্নাতীত আকাশৰ
অপৰাহ্নিত সূৰুযৰ
হেঙুলী আভাখিনিয়েই হ'লা তুমি।
যাৰ সৰলতাই মনৰ
দূৰ দিগন্তলৈ বিয়পাই
প্ৰশান্তিৰ ঢৌ,
তেওঁৱেই মাথোঁ তুমি...।

✍️তৃণা ফুকন
দেৱৰাজ ৰয় মহাবিদ্যালয়,
গোলাঘাট।

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)