মে দিৱস!এক মে'ৰ দিনটো শ্ৰমিক দিৱস বুলি জনা যায়। কিন্তু এই দিনটোত বেছিভাগ বিভিন্ন শ্ৰেণীৰ শ্ৰমিকৰ বিষয়ে আলোচনা,বা প্ৰবন্ধ,গল্প, কবিতাৰে চৰ্চা হোৱা দেখা যায়।কিন্তু সকলোৰে চকুৰ অলক্ষিতে এনে কিছুমান শ্ৰমিক থাকে যে তেওঁলোকক কোনেও নেদেখে বা তেওঁ লোকৰ শ্ৰম,ত্যাগ, এইবোৰ হয়তো গুৰুত্ব দিয়া নহয়।উদাহৰণ স্বৰূপে বাৰীৰ পাচলি কেইটা হাড়ক মাটি কৰি উৎপাদন কৰিছে বহু লোকে।বজাৰলৈ লৈ গৈছে, কিন্তু উপযুক্ত মূল্য নাইপোৱা।ৰ'দে পোৰা, দেহাটো বৰষুণতো তিতিছে তথাপিও তেওঁৰ সংসাৰ খনৰ অভাৱ পূৰ কৰিব নোৱাৰে।পুনৰ আকৌ পাৰ্ট টাইম কাম এটাৰ বাবে ওলাই গৈছে।নিশা ন'বজাত ক্লান্ত লৈ বিছনাত পৰিছে।গোটেই মাহটো কষ্ট কৰিও তেওঁ হয়তো দহহাজাৰ
টকাও গোটাব পৰা নাই।জুই জ্বলা বজাৰখনত তেনে লোকে সোমাবলৈ ও ভয় কৰে। কিন্তু খাবলৈ
হ'লে বজাৰলৈ যাব লাগিব।পুনৰ ৰাতিপুৱা একেই জীৱন আৰম্ভ।হয় সঁচা কথা.....,
শ্ৰম নকৰাকৈ কোনো মানুহ জীয়াই থাকিব নোৱাৰে। নহ'লে পেট নভৰে।এইসকল লোকৰ বাদেও আৰু এক শ্ৰেণীৰ শ্ৰমিক আছে পৃথিৱীত সকলো তকৈ মানসিক আৰু দৈহিক শ্ৰম এইসকলৰ বেছি হয়।কিন্তু কোনেও আজিলৈকে স্বীকৃতি দিয়া নাই,বা দিব লাগে বুলি নাভাবে। তেওঁ লোক হৈছে ঘৰৰ গৃহিণী সকল।ৰাতিপুৱা শুই উঠাৰ পৰাই ঘৰ চাফা কৰা,বাচন বৰ্তন ধুৱা, ৰন্ধা বঢ়া, পৰিয়ালৰ সকলোৰে সময়মতে খাদ্য যোগান, কাপোৰ ধুৱা,আলহী অতিথি আপ্যায়ন,ঘৰত বেমাৰী মানুহ থাকিলে শুশ্ৰূষা কৰা এই ধৰণৰ কামত এগৰাকী গৃহিণীৰ জীৱনৰ সময়বোৰ কেনেকৈ পাৰ হয় ক'ব ই নোৱাৰে।তাৰ মাজতে ল'ৰা ছোৱালীৰ পঢ়া শুনা,টকা,পইচাৰ চিন্তা,লাইট,পানী, গেছৰ পৰা গেলামাল,পাচলিৰ যোগাৰ কৰালৈকে এগৰাকী গৃহিণীৰ সময় পাৰ হয়। চাকৰিয়াল মহিলা হলেতো তাৰ দুগুণ কষ্ট। মানসিক টেনশ্যন অফিচৰ থাকে।এই সকলৰ শ্ৰমৰ নিদিষ্ট সময় নাথাকে। কোনো পাৰিশ্ৰমিকো নাপায়।
কোনো লোকে পৰিয়ালৰ পৰা আদৰ সন্মান লাভ কৰে কোনোৱে কিন্তু তাকো নাপাই।
কেতিয়াবা ভাবোঁ এই শ্ৰেণীৰ শ্ৰমিকৰ শ্ৰম হয়তো মৃত্যুতহে শেষ হয় চাগে।কাৰন সংসাৰৰ দ্বায়িত্ব ই তেওঁ লোকক দ্বায়বদ্ধ কৰি তোলে ঘৰখনৰ আৰু সমাজৰ প্ৰতি।
তথাপিও তেওঁ লোকে ও বিচাৰে নিশ্চয় শ্ৰমৰ মূল্য কেতিয়াবা!
নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ