ঐ চেঙৰী,জগন্নাথ বৰুৱা মহাবিদ্যালয়ৰ অৰুণিমা দত্ত - নাছিৰ আহমেদ

ঐ চেঙৰী,
তুমি এবাৰ আহা না আমাৰ গোৱালপাৰালৈ,
নিজ চকুৰে চাই যোৱা আমাৰ সহজ -সৰল জীৱন-ধাৰা।

বাট বুলিবলৈ একো নাই 
ঠেক ৰাস্তাত যান-বাহনৰ হৈ- হাল্লা ,ঠেলা-হেঁচা
বিহানা কাউৰীয়ে ৰমলিয়াতে সৱে আৰম্ভ কৰে
সিহঁতৰ দুৰ্গম,দুৰ্বিসহ জীৱন-যাত্ৰা ,
আকৌ‌ সন্ধে বেলা ঢাল-কাউৰীয়ে ৰমলিয়াতে
বহুতৰে প্ৰাণ-বায়ু উৰি কৰে বৈকুণ্ঠ যাত্ৰা !  

ঐ চেঙৰী ,
এবাৰ আহা না আমাৰ গোৱালপাৰালৈ---
নিজ চকুৰে চোৱা আমাৰ শুকান পথাৰ ;
য'ত বিচাৰি পাবা ধোঁৱা আৰু পোৰা ইটাৰ গোন্ধ!

ককাদেউতাৰ খেতি মাটিত মহাজনৰ উপদ্ৰৱ ।
ধূলি-ধূসৰিত গাঁৱত দেখি যোৱা বিৰাট শূন্যতা ;
আৰু দেশীৰ ভাষা-সংস্কৃতিৰ নিঠৰুৱা চেহেৰা।

নিজ চকুৰে চাই যোৱা
সেউজ বননিৰে ভৰপূৰ পাহাৰ-বোৰৰ নগ্ন ৰূপ
নিষ্ঠুৰ ঠিকাদাৰ, বিষয়া -মন্ত্ৰীৰ ক'লা হাতোৰাত
সেইবোৰ হ'ল একো একোটা নেজকাটা বান্দৰ!

ঐ চেঙৰী,
জগন্নাথ বৰুৱা মহাবিদ্যালয়ৰ অৰুণিমা দত্ত
এবাৰ আহা না আমাৰ গোৱালপাৰালৈ
নিজ চকুৰে চাই যোৱা আমাৰ সৰল জীৱন-ধাৰা
চাই যোৱা আমাৰ সমাজৰ দুৰ্দশাৰ ছবি ।

এদিন আমাৰ নদী-উপনদীৰ বুকুত দেশী চেঙৰা -চেঙৰীয়ে প্ৰাণ খুলি গাইছিল দেশী গান --- চটকালি গান , মাজিৰ গান,
মন দেওৱা - নেওৱাৰ গান , বিচ্ছেদৰ গান !

আজি সেই নদী শুকাই, খীণাই মৃত্যুৰ বুকুত ডুব গ'ল ! 

পুঠি, খৈলচে,টেঙনা, গৰাই, মাগুৰ শিঙি আদি

য'ত হাউছেৰ মাছ আজি চিৰতৰে হেৰাই গ'ল ;

ময়না ,টোটা, শাৰো, বাঐ, গোঙৰা ,চিলে, কাউৱাৰ
কিচিৰ -মিচিৰ শব্দ কান্দি কান্দি দূৰতে বিদূৰ হ'ল

ঐ চেঙৰী,

জগন্নাথ বৰুৱা মহাবিদ্যালয়ৰ অৰুণিমা দত্ত
তথাপি এবাৰ আহা না আমাৰ গোৱালপাৰালৈ
নিজ চকুৰে চাই যোৱা আমাৰ সৰল জীৱন-ধাৰা!

বিঃ দ্ৰষ্টব্য --- অসমীয়া আৰু অবিভক্ত গোৱালপাৰা জিলাৰ দেশী / ৰাজবংশী ভাষাৰ সংমিশ্ৰণত কবিতাটি ৰচনা কৰিলোঁ।

✍️নাছিৰ আহমেদ , গোৱালপাৰা

Post a Comment

Previous Post Next Post