সু-সম্পৰ্ক বিনিষ্ট কৰাৰ মূলতে হৈছে সন্দেহ -কনমনি নাথ

©Admin
0
আমাৰ দৈনন্দিন জীৱন প্ৰক্ৰিয়াত সম্পৰ্ক সমূহ সকলোৰে লগত সুন্দৰকৈ বজাই ৰখাৰ ক্ষেত্ৰত খুবেই প্ৰয়োজনীয়তা থাকে। কিয়নো সম্পৰ্ক হৈছে, মানৱ জীৱনৰ এক অবিচ্ছেদ্য অংশ। আমি আমাৰ সম্পৰ্ক সমূহত কেনেকৈ নিজকে খাপ খোৱাই চলিম সেয়া নিৰ্ভৰ কৰে আমাৰ দৈনন্দিন জীৱন প্ৰক্ৰিয়াত কৰি অহা আচাৰ-ব্যৱহাৰৰ ওপৰত ভিত্তি কৰি। বৰ্তমান আমাৰ সমাজ ব্যৱস্থাত কিছু সংখ্যক পৰিয়াল প্ৰথমে সুন্দৰ ভাৱে চলি থাকে কিন্তু কেতিয়াবা আমাৰ সৰু সৰু কথাৰ কাৰণে সম্পৰ্ক সমূহৰ মাজত কিছু খেলি- মেলি হোৱা দেখা যায়। ইয়াৰ কাৰণ হ'ল আমাৰ মাজত ভুল বুজা-বুজি।সু-সম্পৰ্ক বিনিষ্ট কৰাৰ মূলতে হৈছে -সন্দেহ! কিয়নো যেতিয়া কোনো এজন ব্যক্তিক কোনো এটা কথা বা কামৰ কোনো প্ৰমাণ নোহোৱাকৈ সন্দেহৰ বশৱৰ্তীহৈ ভুল বুজা যায় তেতিয়া নিশ্চয় ভাল সম্পৰ্ক এটা বিনষ্ট হোৱাটো স্বাভাৱিক। গতিকে আমি সন্দেহৰ দ্বাৰা কেতিয়াও পৰিচালিত হ'ব নালাগে সদায় বাস্তৱ ক্ষেত্ৰত সত্যৰ দ্বাৰা পৰিচালিত হৈ সঠিক সিদ্ধান্তত উপনীত হোৱা উচিত। নিজৰ ভাল সম্পৰ্কৰ ব্যক্তি এজনৰ লগত যদি সন্দেহৰ দৃষ্টিত লোৱা হয় তেতিয়া সেই পৰিয়ালটোৰ মাজত সদায় অশান্তিৰ সৃষ্টি হৈ প্ৰায়ে বুজা বুজিৰ অভাৱ ঘটি গোটেই পৰিয়ালটিৰ মাজত খেলি-মেলি হোৱাৰ আশংকা থাকে।সেয়ে আমি কোনো বিষয়ত কোনো ব্যক্তিকে কাৰোবাৰ পৰোচনামূলক কথাত সন্দেহৰ আওঁতালৈ আনি সেই ঘটনা বা কথাষাৰ সত্যতা নিৰূপণ নকৰাকৈ এজন ব্যক্তিক বেয়া ব্যৱহাৰ বা কু-দৃষ্টি ৰাখিম! সেয়া মনোভাৱ কেতিয়াও আনিব নালাগে তাৰ বিপৰীতে সেই ঘটনা বা কথাটোৰ গঠনমূলক পৰ্যালোচনা কৰি নিজৰ মাজতে সীমাবদ্ধ ৰাখি বুজা-বুজিৰ মাধ্যমেৰে সহজে সমাধান কৰিব লাগে তেতিয়া আমাৰ মাজৰ সু-সম্পৰ্ক বোৰ কেতিয়া বিনষ্ট নহ'ব বুলি ১০০% ক'ব পাৰি। কোনে জানে কাৰ জীৱনত কি লিখা আছে! আমি সদায় বিশ্বাস আৰু আশাৰ ওপৰত ভিত্তি কৰি জীৱনটো সুন্দৰকৈ অতিবাহিত কৰি জীয়াই আছো। দোষ, ভুল মানৱ জীৱনৰ এক অবিচ্ছেদ্য অংশ বুলি ক'ব পাৰি। কিয়নো আমাৰ জীৱনত এনে কথাৰ পৰা ভিন্ন দিশত ভিন্ন দোষ, ভুলৰ মাজেৰে সফল ব্যক্তি ৰূপত প্ৰতিষ্ঠিত হ'ব পৰা যায় তাৰ উদাহৰণ বহু আছে যদিও ভুলৰ সীমাবদ্ধতা থাকে। আমি যদি হয় অৰ্থত চাওঁ তেতিয়া ভুলে মানুহক কেতিয়াও বিপথে পৰিচালিত নকৰে, ভুলে মানুহক শিক্ষা প্ৰদান কৰে আৰু সেই শিক্ষাই আমাৰ জীৱনত সফলতা আহৰণ কৰাত জখলা সদৃশ হয় পৰে বুলি অভিহিত কৰিব বিচাৰো।ঠিক সেইদৰে আমাৰ জীৱনত কেতিয়াবা ভুল বা দোষ হোৱা তেনেই স্বাভাৱিক।যদি সেই ভুল বা দোষ গঠনমূলক আলোচনাৰ ভিত্তিত মৰমৰ মাধ্যমেৰে বুজাই দিয়া হয় তেতিয়া সেই ভুলৰ পুনৰাবৃত্তি কেতিয়াও নহ'ব বুলি ধাৰণা কৰিব পাৰোঁ আৰু তেতিয়া আমাৰ সম্পৰ্ক সমূহ আৰু অধিক মজবুত হব বুলি বিশ্বাস কৰোঁ।
আপোনাৰ সৰু ভুলৰ কাৰণে গোটেই জীৱন প্ৰক্ৰিয়াটো অশান্তিৰ সৃষ্টি হ'ব পাৰে! বা পৰিয়াল এটা থান-বান হৈ যোৱাৰ উদাহৰণ সমাজত বহু দেখিবলৈ পাই আহিছো। জীৱনটো অকল আপোনাৰ বুলি কেতিয়াও নাভাবিব! কিয়নো আপোনাক ভাল পোৱা বহু সুহৃদ লোক থাকিব পাৰে। বিশেষকৈ নিজৰ আপোন আৰু পৰিয়াল সেই সেই সকলৰ স্বাৰ্থত নিজকে সুন্দৰকৈ জীয়াই থাকিবলৈ শিকা দিশত অধিক মনোযোগ প্ৰদান কৰি সমাজৰ ভাল ভাল কামত মনোনিয়োগ কৰি নিজৰ পৰিয়ালটো সুন্দৰকৈ পৰিচালনা কৰা দিশত অধিক মনোযোগ দিয়া উচিত বুলি ভাবোঁ। আমি কেতিয়াও সন্দেহৰ দ্বাৰা পৰিচালিত নহওঁ বুলি দৃঢ় বিশ্বাস অটুট ৰাখিব লাগিব।
তেতিয়া আমাৰ মাজত থকা মৰম,স্নেহৰ সু-সম্পৰ্ক বোৰ আৰু অধিক মজবুত হৈ জীৱনটো ৰঙীন হৈ পৰিব। গতিকে আমি কেতিয়াও সন্দেহৰ দ্বাৰা পৰিচালিত নহওঁ বুলি মনত দৃঢ় ভাব ৰাখি বিশ্বাস অটুট ৰাখিব লাগিব।

✍🏻কনমনি নাথ।

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)