এটা অৰ্ধগলিত মৃতদেহ

Rinku Rajowar
0
ব্যস্ত নগৰীৰ পথৰ দাঁতিত পৰি আছে
এটা অৰ্ধগলিত মৃতদেহ ।
কাষেদি হৰ্ন দি দি অহা-যোৱা কৰিছে যান-বাহন,
ফুটপাথেদি নাকত ৰুমাল লৈ খোজ কাঢ়িছে   পথচাৰী ,
চাইৰেন বজাই বজাই পাৰ হৈছে মন্ত্ৰীৰ কনভয় ।

অৰ্ধগলিত মৃতদেহটোৰ পৰা নিগৰিত হৈছে ----
উঁৱলি যোৱা বাহী ভেকেটা ভেকেট গোন্ধ ,
পোৰা  ইটাৰ গোন্ধ , সৰাপাতৰ গোন্ধ
পঁচা পঁচা গো-মুত্ৰৰ গোন্ধ
বিহ মিহলোৱা মৃত তেজৰ উশাহ বন্ধ হোৱা গোন্ধ !

ব্যস্ত নগৰীৰ ব্যস্ত মানুহ  
মৃতদেহটো জুমি চোৱাৰো কাৰো সময়েই নাই ;
একো একোজন যেন নিষ্প্ৰাণ, নিস্পৃহ ,
মনুষ্যত্বহীন , বিবেক-বৰ্জিত ৰবট মাথোঁ।

মাজে মাজে অৱশ্যে আহে এদল চেঙেলীয়া ডেকা
হাতত অট্টাধুনিক এনড্ৰয়েদ ম'বাইল  ; মৃতদেহটোৰ ফটো তোলে বিভিন্ন ভঙ্গীত, বিচিত্ৰ ৰূপত !
ছছিয়েল মিডিয়াত প্ৰেৰণ কৰি বাঃ বাঃ লয়।

ব্যস্ত নগৰীৰ পথৰ দাঁতিত পৰি আছে
এটা অৰ্ধগলিত মৃতদেহ।
কাষেদি হৰ্ন দি দি অহা-যোৱা কৰিছে যান-বাহন,
ফুটপাথেদি নাকত ৰুমাল লৈ খোজ কাঢ়িছে পথচাৰী ,
টহলদাৰ পুলিচজনে ইফালে সিফালে দৌৰিছে
ঘনাই ঘনাই হুইছেল বজাই বজাই  ;
মুখত এটাই মাথোঁ বাণী  " জো হুকুম জাহাপনা ,
তেৰে দৰবাৰমে মে হাজিৰ হু ! "

এনেকৈ অৱহেলিত হৈ পৰি আছে                                    এটা  অৰ্ধগলিত মৃতদেহ !
নাম -গোত্ৰ আৰু পৰিচয়হীন, ঠিকনাবিহীন !!

নাছিৰ আহমেদ, গোৱালপাৰা।

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)