ফাঁচিকাঠৰ পৰা মই ভগত সিঙে কৈছোঁ-নাছিৰ আহমেদ

Rinku Rajowar
0
ফাঁচিকাঠৰ পৰা মই ভগত সিঙে কৈছোঁ -----
তোমালোকে মোক ফাঁচিকাঠত ওলমাই দিলেও
হত্যা কৰিব নোৱাৰিবা মোৰ বিপ্লৱী সত্ত্বাক।
মোক এবাৰ মাৰিলেও দুবাৰ জী উঠিম ;
দুবাৰ মাৰিলেও তিনিবাৰ জী উঠিম ;
তিনিবাৰ মাৰিলেও হাজাৰ হাজাৰ বাৰ জী উঠিম
আৰু চিঞৰি চিঞৰি কম " ইয়ে আজাদী ঝুটা হ্যায় 

হে বগা চামৰাৰ সাম্ৰাজ্যবাদী শাসকৰ দল,
হে ক'লা চামৰাৰ সাম্ৰাজ্যবাদী শাসকৰ দল----
তোমালোকে আৰু কিমান চলাই যাবা ,
আৰু কিমান চলাই যাবা,
ক'লা হাতোৰাৰে বৰ্বৰোচিত আক্ৰমণ ?
ৰক্ত-পিপাসু ৰক্তবীজৰ দৰে  কৰিবা ৰক্তপান ?

অক্টোপাছৰ দৰে  সমাজক   গিলি গিলি
এফালৰ পৰা চলাই যাবা হত্যা লুট আৰু ধৰ্ষণ !

ফাঁচিকাঠৰ পৰা মই ভগত সিঙে কৈছোঁ-----
তোমালোকে মোক ফাঁচিকাঠত ওলমাই দিলেও
হত্যা কৰিব নোৱাৰিবা মোৰ বিপ্লৱী সত্ত্বাক।

মই ভাৰত মাতৃৰ বিপ্লৱী সন্তান 
মোৰ শৰীৰৰ সিৰা-উপসিৰাত বৈ গৈছে বিপ্লৱৰ অগ্নি-স্ফূলিঙ্গ !

মই আজি জাগ্ৰত প্ৰহৰী ভাৰতৰ প্ৰান্তে প্ৰান্তে,
অসমৰ সেউজ-বননিত মই লভিছো চিৰ তাৰুণ্য,
নদী-উপনদীয়েদি প্ৰৱাহিত মোৰ তীব্ৰ ঝংকাৰ ,
 এতিয়া মেঘেও গুজৰি -গুমৰি বজাইছে ৰণ-ডংকা
পূৱ আকাশৰ‌ বুকু ফালি ওলাইছে লাল ঝাণ্ডা,
চৰাই-চিৰিকটিৰ কলকাকলিত আনন্দৰ বাৰ্তা,
জীৱ-জন্তুৰ চঞ্চল গতিত চলিছে যুদ্ধৰ আখৰা ।

হে বগা চামৰাৰ সাম্ৰাজ্যবাদী শাসকৰ দল----
হে ক'লা চামৰাৰ সাম্ৰাজ্যবাদী শাসকৰ দল----
হুচিয়াৰ ! হুচিয়াৰ ! হুচিয়াৰ !
তোমালোকৰ বিপন্ন সময় সমাগত !
তোমালোকৰ শোষণ-নিৰ্যাতন এতিয়া পশ্চিম আকাশৰ
 ডুবন্ত বেলিটিৰ দৰে 
তীব্ৰ নদীৰ সোঁতত বিলুপ্তৰ পথত !

ফাঁচিকাঠৰ পৰা মই ভগত সিঙে কৈছোঁ---
তোমালোকে মোক ফাঁচিকাঠত ওলমাই দিলেও
হত্যা কৰিব নোৱাৰিবা মোৰ বিপ্লৱী সত্ত্বাক !
হত্যা কৰিব নোৱাৰিবা মোৰ বিপ্লৱী সত্ত্বাক !!

✍️নাছিৰ আহমেদ , গোৱালপাৰা।

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)