তৰাই তিৰবিৰাই,
সন্ধিয়াৰ মুকলি বতাহ জাকে
বৰকৈ আমনি কৰে।
বাৰে বাৰে মনত পেলাই দিয়ে,
মোৰ জোনাকৰ জোনাকী জনী লৈ !
জোনাকী জনীক এৰি অহাৰ পৰাই
মই আকাশত এটাও জোনাকী
পৰুৱাই দেখা নাইচোন ।
তৰা ভৰা আকাশত তাই হেৰাই গ'ল ,
উজ্বল নক্ষত্ৰ হৈ তাই হেৰাই গʼল
জোনাকৰ বাটত ।
জোনাকী পৰুৱা বোৰ
আজি কʼত হেৰাল বাৰু?
মনে মনে বিচাৰোঁ জোনাকী জনীক
এৰি অহাৰ পথত ।।