মায়াবী দিঠক-ৰুণা লাইলা

বতাহৰ ৰিব্ ৰিব্ হেন্দোলনি
পুৱতিৰ পক্ষীৰ 
শব্দত ধহ্‌মহাই সাৰ পাই উঠিলোঁ
বতাহৰ খুন্দাত, দুৱাৰখনেও
কেৰমেৰাই উথপ্‌থপ লগালে
হৃদয়ৰ ভিতৰত অশান্ত 
এজাক ধুমুহা 
ধুমুহাত বা-মাৰলিবোৰো
যেন বাউলী হৈছে । 

হঠাৎ  দুৱাৰত
কাৰোৱাৰ হাতৰ
মৃদু টোকৰ
টক্ টক্  টক্

মনত ভ্ৰান্ত ধাৰণাৰ কোলাহল
জানোছা ...
কম্পিত হাতেৰে খুলি  দিলোঁ
হৃদয়ৰ দুৱাৰ
 ধুমুহাৰ গতি দেখোন স্তব্ধ হ'ল
এজাক মৃদু সমীৰণে 
মোক চুই গ'ল । 
 
হৃদয় জ্বলোৱা জুইকুৰা
দেখোন নুমাই গ'ল
 এতিয়া  মাথোঁ‌ নিস্তব্ধতা
স্বস্তিৰ উশাহ
বুকুত এজাক জোনাকী পৰুৱাই
জিলিকনি তুলিলে
যেন পোহৰৰ মেলা ৰচিলে
চৌদিশে এতিয়া  পোহৰৰ পয়োভৰ
কেৱল পোহৰ ।।


✍️ৰুণা লাইলা

Post a Comment

Previous Post Next Post