মেঘে ঢকা আকাশ এই যেন
বৰষুণ পৰোঁ-পৰোঁ ,
তুমি আৰু মই ডাৱৰৰ
ফাঁকে-ফাঁকে আগবাঢ়ো।
লক্ষ্যস্থান আমাৰ নীলাভ আকাশ ।
সপোনত দেখো কোনোবা দূৰ দিগন্তত
সাজি থোৱা আমাৰ আশাৰ কাৰেং ।
লক্ষ্যস্থানলৈ আৰু কিমান দূৰ ?
গণিব নোৱাৰা, চকুৰে মনিব নোৱাৰা
হৃদয়েৰে অনুমান কৰিব পৰা
এডাল দীঘল সাঁকো।
য'ত তুমি আৰু মই
হাতে হাত ধৰি আগবাঢ়ো ।
তিমিৰ তমসা ৰাতিৰ আকাশত
তৰাৰ পোহৰ চিকিমিকি।
আমাৰ সপোনবোৰ তাতে
উঠিব জিলিকি ।
ওমলি -জামলি আমাৰ
লাগিব ভাগৰ ।
তৰাৰ দেশৰ পৰীয়ে
তাতে গীত গাব--
"আমাৰে মইনা শুব এ-----।"
◾মিনাক্ষী দত্ত