নল-খাগৰিৰ পাটিখনত বহি মৰমেৰে ল'ৰা-ছোৱালীহালক মৰম কৰি দিলোঁ। পাৰ হৈ যোৱা প্ৰতিটো মুহূৰ্ত আৰু আনুষঙ্গিক শব্দই লাহে লাহে ৰাতিপুৱাৰ ফালে আগবঢ়াই নিলে মোক। জীৱনত প্ৰথমবাৰৰ বাবে পোহৰৰ আগমনৰ প্ৰতি ঘৃণা উপজিল। মনৰ ভিতৰত এনে এটা মহাপ্ৰলয়ৰ বাবে প্ৰাৰ্থনাত কাতৰ হৈ উঠিল, যিয়ে পোহৰৰ কোনো কণাকে প্ৰৱেশ কৰিবলৈ নিদিব আৰু গোটেই পৃথিৱীখন আন্ধাৰে ঢাকি ৰাখিব।
এটা বিনিদ্ৰ নিশাৰ অন্তত মোৰ চকুহাল জাপ খাই আহিছিল।পুৱতি পুৱাই চৰাই কিচমিচ শব্দত টোপনি ভাঙিল।
- ‘ মা ' আমি ইয়াৰ পৰা কেতিয়া যাম ? ’
ল'ৰাটোৱে সাৰ পায়েই মোক প্ৰশ্ন কৰিলে।কেইটামান দীঘল উশাহ হৃদয় ভাঙি-চিঙি বুকুৰ মাজৰ পৰা উলাই আহিল। ল'ৰাটোক মই সাৱটি ধৰিলোঁ। মোৰ গোটেই শৰীৰটোয়েই যেন কঠিন হৈ পৰিছে।বুকুৰ কামিহাড় কেইডাল যেন বাজিবলৈ আৰম্ভ কৰিছে। ছোৱালীজনীও সাৰ পালে। তাই মোৰ কাষলৈ আগবাঢ়ি আহিল। কিমান অসহায় মোৰ অবিহনে এই ছোৱালীজনী ।
মুহূৰ্ততে মোৰ নিজৰ কামৰ নিষ্কলুষতাত আত্মবিশ্বাসে জন্ম ল'লে। দুয়োটাকেই মৰমেৰে হাত বুলাই দিলোঁ। অনিশ্চয়তাৰ বুকুত নিশ্চয়তা ইতিহাস লিখিম। মই মোৰ সন্তানৰ বাবে স্বচ্ছন্দে সকলো বাধা অতিক্ৰম কৰি যাম।মোৰ সন্তানেই মোৰ জীৱন। নিজৰ বিবেকৰ লগত কথা পাতি থাকোঁতেই মাহীয়ে আহি চাহ দিলেহি।
- ‘ তহঁতেও খাবি নেকি চাহ ? ’ ল'ৰা ছোৱালী দুটালৈ চাই মাহীয়ে সুধিলে। মাহীৰ কথাত ল'ৰাটোৱে মুখখন ঘূৰাই দিলে।
তই এই অৱস্থাত এনেকুৱা পৰিৱেশত কেনেকৈ থাকিবি আই।মোৰ কথা শুন। ঘৰলৈ ঘূৰি যা। ক'ত অট্টালিকা আৰু ক'ত বাঁহৰ জুপুৰি।
মোক শান্তি লাগে মাহী।সুখ নালাগে। সৰুতে মোক লৈ ডাঙৰ কৰা এই গৰাকী অবিবাহিতা গাৱলীয়া মাহীয়ে মাকৰ দৰেই মোক মৰম স্নেহ কৰি ডাঙৰ দীঘল কৰিছিল। মাহীৰ ওচৰত লগতে গাঁৱৰ পৰিৱেশত মোৰ সন্তান অতি নিৰাপদ আৰু এই সময়ত এগৰাকী বয়সীয়াল মহিলা মোৰ বাবে খুবেই প্ৰয়োজন।অৱশ্যে এই আচহুৱা পৰিৱেশত ল'ৰা-ছোৱালীহালে খাপ খাবলৈ অলপ সময় লাগিব।
আলহী অহা গম পায় মাহীৰ ঘৰ জীয়ৰী বোৱাৰীয়ে নধৰা হৈছে।পুৰণি পৃথিৱীৰ এইসকল মানুহৰ আন্তৰিকতাত মন ভৰি পৰিল। ক'ত সেই চহৰ য'ত আত্মীয়তা বুলি কোনো কথা নাই।
নৈ পৰীয়া ঠাইখনত মই কিছু দিনৰ আলহী। মই জানোঁ মোৰ সন্তানৰ ভৱিষ্যৎ ইয়াত নাই।আপোনত্বই সকলো নিদিয়ে। এই ঠাইত জীৱন জীয়াব পাৰি।জীৱন গঢ়িব নোৱাৰি।কাৰণ স্কুল , চিকিৎসালয় আনকি প্ৰয়োজনীয় বস্তু কেইপদ কিনি ল'বলৈ ও দোকান নাই। মোৰ এই অৱস্থাত ওচৰত চিকিৎসালয় নাই। ইও এটা বিৰাট সমস্যা হৈ পৰিছে। তথাপিও এটা মকৰাৰ দৰেই জীয়াই থাকিব লাগিব। নিজৰ জালতেই নিজে বন্দী হৈ।
সময়বোৰ পাৰ হৈ গৈছে। উশাহ সলাবলৈ পাঁহৰি গৈছোঁ।অন্তদ্বন্দ্বত ভুগিছোঁ মই।মোৰ হ'ব লগা সন্তানটোৰ কথা ভাবি কি ভয়াবহ ভাৱে জীয়াই আছোঁ মই। এই সন্তান কেনেকুৱা ধৰণৰ হ'ব। এজন পাপী দেউতাকৰ জিনত জন্ম হোৱা সন্তান। আৰু মাক এগৰাকী নৰ হত্যাকাৰিনী।দেউতাকক হত্যা কৰা দৃশ্যটো সি বাৰু পেটৰ পৰাই চাই আছিল নেকি ? মুৰটো আচন্দ্ৰাই কৰিলে।
নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ