মুগ্ধ হিয়া আজি শব্দহীন

Rinku Rajowar
0
মুগ্ধ হিয়াই আজি
এবুকু ৰঙীন সপোনৰ অনুভূতিক কঢ়িয়াই ,
মোৰ শুকান শব্দৰ পথাৰত
এমুঠি শব্দক বিছাৰি
হাঁহাকাৰ লগাই ।
ভাবিছিলো ডায়েৰী পাততে লিখিম ,
মোৰ জীৱন বৃত্তান্তৰে এখন সৰু উপন্যাসিকা ;
কিন্তু কি কৰিম কোৱা আজি , 
উপন্যাস ৰচনাৰ বিশাল আয়োজনখনে আধৰুৱা । 
ভাবিছিলো তোমাকে ৰাখিম ,
মোৰ উপন্যাসৰ চৰিত্ৰৰ এটি নায়িকা ।
কিন্তু ,তোমাৰ ওপৰত আজি 
মোৰ অনুভুতিবোৰ আধৰুৱা ।
ভাবিছিলো নীলাভে ভৰা আকাশত
জোন,বেলি,তৰাই পোহৰ সিঁচিব ।
কিন্তু কি কৰো কোৱা 
অচিন আকাশৰ তলতে আজি পলক দিশহাৰা।
ঠিকনা হেৰুৱা পলক আজি  
ডাৱৰৰ আঁৰতে   ৰ'ল পৰি ।
আধামৰা জোনে আজি উচুপি কান্দে..
আন্ধাৰৰ ৰাগি লাগি আজি 
জোন বাৰুকৈয়ে শব্দহীনতাত ভুগে ।।

                          ◾শিৱানী বৰুৱা
                            যোৰহাট , অসম

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)