মোৰ দেউতা প্ৰয়াত ব্যোমকেশ চৌধুৰী জন্ম ভুমি কুৰুৱাৰ এখন প্ৰাথমিক বিদ্যালয়ৰ প্ৰধান শিক্ষক আছিল। দেউতাই প্ৰত্যেক মাহতে দৰমহা পোৱাৰ পাছত শৈশৱত মোক একোখনকৈ কিতাপ উপহাৰ দিছিল । সেইয়া এক অভ্যাসত পৰিণত হোৱাৰ বাবে পাছলৈ ময়ো দেউতাই দৰমহা পোৱাৰ দিনটোলৈ অধীৰ অপেক্ষা কৰিছিলোঁ । চতুৰ্থ শ্ৰেণীত পঢ়ি থকা সময়ৰ কথা হ'ব। এবাৰ দেউতাই দৰমহা পোৱাৰ কেইদিন মান পাছতে অসম কেশৰী অম্বিকাগিৰি ৰায়চৌধুৰীৰ ' মোৰ জীৱনৰ ধুমুহা এচাতি" নামৰ আত্মজীৱনীখন উপহাৰ দিছিল । দেউতাই দিয়া এই বিশেষ কিতাপ খনে মোৰ কৈশোৰৰ কোমল মনক বহুত প্ৰভাৱান্বিত কৰিছিল। আত্মজীৱনীখন পঢ়ি মই মোৰ জাতি আৰু ভাষাক হৃদয়ভৰি ভাল পাবলৈ ধৰিছিলো।
আজি কিছুদিনৰ আগতে কিবা এটা কামত দিল্লীৰ অসম তথ্য কেন্দ্ৰ ( কনাথ প্লেচৰ প্ৰেছ ক্লাৱ)লৈ যাওঁতে ১৯৬৫ চনতে প্ৰকাশিত এইজন অগ্নি কবিৰ ৰচিত 'বেদনাৰ উল্কা ' নামৰ কালজয়ী কবিতাৰ সংকলন পুথিখন পঢ়িবলৈ সুযোগ লাভ কৰিছিলো। উৱঁলিব ধৰা সংকলনখন মেলি লওঁতেই 'অসমীয়া দেখো এজনো নাই ' কবিতাটোৱে সিদিনা মোৰ দৃষ্টি আকৰ্ষণ কৰিছিল । শিৰোনামটো পঢ়িয়েই এজন তৃষ্ণাতুৰ পথিকে ঢোকেঢোকে শীতল পানী পি খোৱাৰ দৰে একে উশাহতে কবিতাটো পঢ়ি অতাইছিলো । তাৰপাছত এবাৰ নহয় দুবাৰ নহয় কেবাবাৰো কবিতাটো পঢ়ি বুজিছিলো যে
সাম্প্ৰতিক সময়ত ধ্বংসৰ গৰাহলৈ গতি কৰা অসম আৰু অসমীয়াৰ বাবে এই কিতাপখন পানী জৰা মন্ত্রৰ 'বৰকৰতি পুথি' নামৰ পুথিখনৰ দৰে । যিখন পুথিত উল্লেখ থকা মন্ত্রৰ উচ্চাৰণৰে এজন মানুহ ৰোগ, ভয় আৰু দূৰ্গতিৰ পৰা ৰক্ষা পৰে ।
শব্দই হৈছে ব্ৰহ্ম, প্ৰতিটো শব্দতে নিহিত হৈ থাকে পৰ্যাপ্ত শক্তি। অনুধাৱনৰ জৰিয়তেই শব্দই সঞ্চাৰ কৰিব পাৰে সকলোৰে হৃদয়ত প্ৰেম, হিংসা, শান্তি, সংঘাত, বিদ্ৰোহ আৰু পৰিবৰ্তনৰ লহৰ । পাঠকৰ অনুভূতি আৰু অনুধাৱন অবিহনে আকৌ বগা কাগজত লেখকে লিখা সেই শব্দবোৰ মাত্র চিয়াঁহীৰ আঁকবাক হে মাত্র ।
ষাঠিৰ দশকতে অসম কেশৰীৰ প্ৰকাশ পোৱা 'বেদনাৰ উল্কা নামৰ পুথিখনৰ প্ৰতিটো কবিতাই যেন জাতিটোৰ দূৰ্গতি আৰু আপদ উদ্ধাৰৰ মহামন্ত্ৰ। কিন্ত চিন্তনীয় কথাটো হৈছে পি-পু-সি-শু ইতিহাসৰ গৌৰৱত গৌৰৱান্বিত এলেহৱা অসমীয়া জাতিটোৱে অসম কেশৰীৰ পৰা আৰম্ভ কৰি ৰসৰাজ লক্ষ্মীনাথ বেজবৰুৱা, ত্যাগ বীৰ হেম বৰুৱা, সূৰ্য্য ভূঞা, বিদ্ৰোহী কবি প্ৰসন্নলাল চৌধুৰী, কলাগুৰু বিষ্ণুপ্ৰসাদ ৰাভা,লৌহ মানৱ বিষ্ণুৰাম মেধি, অভিনয় সৈন্য ব্ৰজনাথ শৰ্মা, অগ্নি কবি কমলাকান্ত ভট্টাচাৰ্য্য, ভবেন্দ্ৰ নাথ শইকীয়া, বেনুধৰ শৰ্মা আৰু শেহতীয়াকৈ সুধাকন্ঠ ভূপেন হাজৰিকা আদি মহানায়ক সকলে জাতিটোৰ আসন্ন বিপদৰ কথা যোৱা বহু কেইটা দশকৰ পৰা সাৱধান কৰি থৈ গ'ল যদিও সকলো গালো বালো খোলাকটিৰ তাল হ'ল। সস্তীয়া আৱেগেৰে পথে ঘাটে টেঁটুফালি জাতীয়তাবাদী দেখুৱাই আন্দোলন কৰি অভিনয় কৰাত আমি ওস্তাদ । কিন্ত সচাঁ অৰ্থত জাতিটোৰ ভাষা, সংস্কৃতি আৰু পৰম্পৰাৰ অস্তিত্বৰ বাবে চিন্তা কৰা লোকৰ সংখ্যা আমাৰ মাজত অতি তাকৰ। যোৱা দশকবোৰত অসমৰ ৰাইজ আৰু ৰজাই জাতিটোৰ ভাষা-সাহিত্য, কলা- সংস্কৃতি আৰু ৰীতি-নীতিৰ ধ্বজ্বাবাহক সকলে সময় সময়ে কৰা সেই সকিয়নিবোৰ উলাই নকৰি যদি গুৰুত্ব সহকাৰে ললে হেতেন তেতিয়া হ'লে আজি এই পৰিস্থিতিৰ সৃষ্টি নহ'ল হেতেন।
১৯৬৬ চনত সাহিত্য একাডেমী বঁটা লাভ কৰিবলৈ সক্ষম হোৱা এই আপুৰুগীয়া পুথিখনত অন্তৰ্ভুক্ত প্ৰতিটো কবিতাই যেন অসম কেশৰীৰ ক্ষোভৰ উদগীৰণত চিটিকি পৰা একো একোটা উত্তপ্ত বেদনাৰ উল্কাপিণ্ড হে। কিতাপখনৰ আগকথাত কবি গৰাকীয়ে লিখিছিল- উল্কা যি , সি উল্কাই, - বেদনাৰেই হওক বা নিৰ্বেদনাৰেই হওক । তাত জুই-ছাই দুয়োটা থাকে । কিন্ত উত্তাপ দুয়োটাই বহন কৰে । যি প্ৰানৱন্ত তাৰ গাত উত্তাপৰ চেঙা লাগিব, - যি অপ্ৰানৱন্ত,তাক তো সকলোৱে খালা-নালা, বাট-ঘাট সকলোতে দেখিয়েই আছোঁ। লিখা বিলাক বিষয় আৰু সময়ৰ স্তৱকত সজাই দিয়া হোৱা নাই । উল্কা কোনো স্তৱক গাথি নপৰে । ভিতৰ শক্তি উহ আৰু বাহিৰৰ বা-মাৰলিয়ে তাৰ গতি - স্থিতি নিৰ্ণয় কৰে । চিটিছন হ'ই পৰি থকা লিখা বিলাক বুটলি কোচাই যেনে-তেনেকৈ দিয়া হ'ল। প্ৰানৱন্ত সকলে তেওঁলোকৰ নিজ নিজ ৰসগত মনেৰে সজাই গোছাই অৱশ্যে পঢ়িব বুলি আশা কৰিছোঁ ।
আহঁকছোন আমি সকলোৱেই আজি জাতিটোৰ একালৰ অভিভাৱক স্বৰূপ অসম কেশৰীয়ে ৰচনা কৰা সেই 'বেদনাৰ উল্কা' নামৰ মহান গ্ৰন্থ খনৰ ' অসমীয়া দেখো এজনো নাই " কবিতাটোৰ জৰিয়তে আত্ম নিৰীক্ষণ কৰি জাতিটোৰ ভাষা, সাহিত্য আৰু সংস্কৃতি ৰক্ষাৰ বাবে যৎপৰোনাস্তি সেৱা আগবঢ়াবলৈ প্ৰয়াস কৰোঁ । কাৰণ শাষ্ত্রতো উল্লেখ কৰা আছে 'স্ব হিতায় স্ব সুখায়' ।
#অসমীয়া দেখো এজনো নাই#
অসমীয়া দেখো এজনো নাই
চেপা, ঢকা-গতা, টনা-ধোঁহা খাই কান্দে ধাকুৰি অসমী আই,
জিত কৰে কোনে? আইৰ বুকুত অসমীয়া দেখোঁ এজনো নাই!
আছে- উজনি নামনি, শিৱসাগৰীয়া, নগঞা, ডিব্ৰুগড়ীয়া,
দৰঙ্গীয়া, কামৰূপীয়া, গুৱালপাৰীয়া, জকাইচুকীয়া
সুৱালকুছীয়া, তেজপুৰীয়া, লখিমপুৰীয়া, গোলাঘাটীয়া,
উত্তৰপাৰীয়া, দক্ষিণপাৰীয়া,
পলাশবাৰীয়া, যোৰহাটীয়া, বৰপেটীয়া, নলবেৰীয়া-কত কিছমৰ “ঈয়া”-
মাতৃভূমি ৰক্ষক হায়! নাই কণাকড়ি অসমীয়া ।
আছে- বামুণ-শূদিৰ, আহোম-চুটীয়া, নগা,গাড়ো, মিৰি, কছাৰী-কোচ,
কেওট-কলিতা, মিকিৰ-খাছীয়া, এটালৈ এটাৰ হিংসা খোছ,-
ভৱিষ্যতত খিল মাৰি থ’ই,
নিজে নিজ চকু কাঢ়ি কণা হ’ই
কোনে কাক মাৰি বৰ্ত্তিব চুকে-কোণে তাৰে ফোছ-ফাছ,;
আছে- চলিহা, ফুকন, চৌধুৰী, মেধী, দাস, ভাগৱতী, বৰদলৈ,
ডেকা, বৰা, বৰকটকী-কাকতি ফোপোলা বজোৱা ফুছ-হিলৈ
নিজৰ দেশক নিজৰ জাতিক
নুবুজা জড়তা আত্মঘাতিক,
ক্ষমতা লাভৰ খকতে মত্ত মাতৃৰ কোনে চাব বিলৈ?
অছে-গোহাঁই ভট্ট,শৰ্মা, বৰ্মা, গগৈ, গোহাঁই বৰুৱা, দুৱৰা, তালুকদাৰ,লহকৰ ,দত্ত, তামুলী, ৰাজখোৱা,
নাথ, বৰবৰা, বৰবৰুৱা,
কিমান উপাধি অন্ত নোপোৱা,-
সকলোটি আছে কিন্তু নাই নাই অসমী-সেৱক অসমীয়া৷
অছে- বহ্ম, চাংমা, ৰয়, পেগু, বসুমতাৰী, নাৰ্জাৰি, ইংতি
মাতৃক বধি মাউৰাটো হ’ই চুঙাত সোমোৱা ভেমটি,-
অনৰ প্ৰভাৱ অধিনতা ল’কে
নি আছে নমাই পলকে-পলকে
একে সাঙোৰতে পৰ্বত-ভৈয়াম অসহযোগৰ হান দি;
আছে- হাজৰিকা, বুজৰবৰুৱা, ভৰালী, ভূঞা, শইকীয়া,
মহীয়া-পখীয়া-এঘাৰদিনীয়া, মহাপুৰুষীয়া, দামোদৰীয়া,-
ই গাওঁৰ পৰা সি গাওঁ চেৰাই
বিৰোধ ধলেৰে সমাজ উটাই
চলিছে ক্ষিপ্ত খোজেৰে ঐক্য-চিন-ছাব কৰি নাইকিয়া,
হায়! হায়! হায়! অসমী সেৱক নাই যে এজনো অসমীয়া৷
নাই লেশমানো এঠাৰ লেপেট কোনো কাৰো স’তে নহয় মিল
ভাগি-চিগি গ’ই ছিন-ভিন হৈ কিলৰ পিঠিত খাইছে কিল,-
মাতৃৰ কোনে দুৰ্দশা চাব নিজেই মৰিছে নিজকে খাই,
তিলতিলকৈ নাই-নুই হ’ই গ’ই আছে তত তথাপি নাই,-
নেতাৰ বেদীত দলীয় দাপৰ,
উন্মাদনাত ধৰিছে ফাপৰ,-
পাছ-দুৱাৰেদি ভোটৰ হাটত দেশ-বিক্ৰীৰ খলকনি,
আগ চোতালত কোৱাৰি বিদৰা আইডোল’লজীৰ কাকধ্বনি,-
তেলপেৰা দৰে প্ৰগতি পেৰাত পেৰপেৰকৈ আছে ওলাই
বাট-ঘাট-হাট পদূলি-পথাৰ ভৰাই কেৱল ঠেঙা-হাৱাই,-
কলাৰ নামত সহাভিনয়ত, চিনেমা-হলত চুৰত মুখত,
ছোৱালী নাচত মন-প্ৰাণ ৰত,-মাতৃৰ দুখ মোচন কৰাৰ তিলমানো তাত ৰহণ নাই,-
হায়! হায়! হায়! অসমী আইৰ ৰক্ষক আজি এজনো নাই!!!!
-অম্বিকাগিৰী ৰায়চৌধুৰী, ১৯৪৯চন, “ৰামধেনু”
ধন্যবাদ সহকাৰে।
- চুমিন্দ্ৰ চৌধুৰী,
সাহিত্য অভিযন্তা,
নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ