সৰা ফুলৰ পাপৰি -প্রথম খণ্ড | মামণি বৰঠাকুৰ

©Admin
0
"ব্ৰজেন দা "
"ও"......... ;
"আকৌ কেতিয়া আহিবা? "
"যেতিয়া পঢ়া শেষ হব  । "
"মানে? "
"মানে আৰু কি? যেতিয়া মোৰ এম, বি, বি, এচ  কমপ্লিট হব তাৰ পাছত। "
"আৰু মই...... .? 
" তুমি কি কৰিবা আৰু, গ্রেজুৱেশ্বন কমপ্লিট কৰিবা ;ঘৰৰ কাম শিকিবা.......! 
"এহ, হব তুমি যে বৰ নিষ্ঠুৰ ব্ৰজেন দা "! 
" কিয় কলা....? 
"ইমান কেইটা বছৰ তোমাৰ বাবে কেইটা মান দিন, আৰু মোৰ বাবে বহু যুগ। মই কি লৈ কেনেকৈ থাকিম তুমি জানো এবাৰো ভাবিছা? "
"তুমি বৰ আজলী হৈ আছা মনি! মই টো বন্ধ পালেই আহি থাকিম, মোৰ মৰমী জনীক চাবলৈ। কেৱল এনেকৈ তোমাৰ ঘৰলৈ হে আহি থাকিব নোৱাৰিম বুলি কৈছো.....! "
"ব্ৰজেন দা"
"কোৱা... "
"তুমি যদি মোক পাহৰি যোৱা.... "? 
" ধেৎ পাগলি, তোমাক পাহৰি মই কাক লৈ কি কৰিবলৈ জীয়াই থাকিম! মই কেৱল তোমাৰ বাবে হে মনি নিশ্চিন্ত থাকা। 
বাৰু কোৱাচোন, তুমি জানো মোক পাহৰিব পাৰিবা....? "
"কিয় তেনেকৈ কোৱা? "
বুলি মনিয়ে উচুপি উঠিল। 
"এই চোৱা যাবৰ সময়ত হাঁহি মুখে বিদায় দিয়া। আহাচোন কাষলৈ। "
ব্ৰজেনৰ বুকুৰ মাজত মনিয়ে চকুলো ধৰি ৰখাৰ বৃথা চেষ্টা  কৰে। 
"মই তোমাক কেনেকৈ পাহৰিম ব্ৰজেন দা, মই সদায় তোমাৰ। "
"যাওঁ মনি, বহু দেৰি হ'ল। সিফালে মা, দেউতা, ৰৈ আছে চাগে  । "
"যোৱাগৈ ব্ৰজেন দা, ভালদৰে পঢ়িবা, চিঠি পত্ৰ দি থাকিবা। বিদায়! "
ব্ৰজেন চলিহা নামৰ গাওঁৰ সৰবৰহী যুবকজনে এইবছৰ উচ্চতৰ মাধ্যমিক পৰীক্ষাত ৰাজ্য খনৰ ভিতৰতে সপ্তম স্থান অধিকাৰ কৰি, চিকিৎসা বিজ্ঞান পঢ়িবলৈ গুৱাহাটী মেডিকেল কলেজলৈ ৰাওনা হ'ল। হাজাৰ জনৰ মনত যেন হাঁহি বিলাব, দুখীয়াক বিনামূল্যে চিকিৎসা কৰিব! কিমান যে সপোন তাৰ......! 
মনি দীপা ভৰালী, তাৰ মৰমৰ মনিৰ অণুপ্রেৰণা, মাক দেউতাকৰ সপোন, বুকুত বান্ধি এজন ভাল চিকিৎসক হোৱাৰ আশাৰে,। 
সি গুৱাহাটীলৈ ৰাওনা হ'ল। 
বুকুত শিল বান্ধি হলেও মনিয়ে তাক বিদায় দিলে। 

                   আগলৈ......................

✍️মামণি বৰঠাকুৰ

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)