মৰমৰ বান্ধোন-কল্পনা বৰা

©Admin
0
পুৱাৰেপৰা পলাশী আৰু শাহুৱেকৰ মাজত সৰু-সুৰা তৰ্কা-তৰ্কি হৈ আছে।সকলো সময়তে মিলা-প্ৰীতিৰে থকা শাহুৱেক-বোৱাৰীয়েকৰ মাজত আজি কাজিয়া দেখি পৰশ অলপ আচৰিত হʼল।পৰশৰ মাকে যে পলাশীক পেটে পেটে অলপ বেয়া পাই সেইটো পৰশে জানে। কিন্তু পলাশীৰ ব্যৱহাৰে কোনোদিন মাক-বোৱাৰীয়েকৰ মাজত কাজিয়া হʼব দিয়া নাই।এই কাজিয়াত যে পলাশীৰ বেছি দোষ নাই, সেইটো পৰশে ঠিকেই বুজিছে। তথাপি কাজিয়া বহলি নোযোৱাৰ আগতে পৰশে মাত লগালে-- 

"পলাশী, তুমি যে মাৰ লগত এনেকৈ তৰ্ক কৰিছা? এনেকৈ মাকৰ লগত কাজিয়া কৰিব পাৰে নেকি? যোৱা, ৰুমৰ ভিতৰলৈ যোৱা।"
      মাকে যাতে মনত কিছু সন্তোষ পাই তাৰ বাবেই পৰশে অলপ খঙতেই পলাশীক কথাকেইষাৰ কʼলে।মাকেও হয়তো পৰশৰ কথাত সন্মতি জনাই কিবা এটা কৈছিল। মুখেৰে একো নামাতি পলাশীয়ে মুখখন ওফন্দাই খৰ-খোজেৰে ৰুমৰ ভিতৰত সোমালগৈ।শাহুৱেকেও আৰু নিজৰ কামত ব্যস্ত হৈ পৰিল।

        ৰুমৰ ভিতৰত সোমাই উচুপি উঠিল পলাশী।তাইৰ গাতটো বেছি দোষ নাছিল। ইমান সৰু কথাটোত বাৰু মাকে ইমান বেয়াকৈ কʼব লাগেনে? কথাবোৰ নিজৰ মাজতেই আওৰাই থাকিলে তাই।

        আধাঘন্টা মানৰ পাছত পলাশীৰ খংটো অলপ কমিল বুলি ভাৱিয়েই পৰশে দুৱাৰমুখৰ পৰা হাঁহি এটা মাৰি লাহেকৈ মাত লগালে--"পলাশী........!"

        পলাশীয়ে অভিমানতে ইফালে মুখ ঘূৰালে।
     "অʼ আই! আমাৰ বাইদেউ গৰাকীৰ অভিমানটো ভগাই নাই নি বাৰু...? মই আকৌ ভাৱিছিলোঁ......." পৰশৰ কথা শেষ হʼবলৈ নাপালেই পলাশীয়ে কৈ উঠিল-- 

"চোৱাচোন, মইতো একো ডাঙৰ দোষ কৰা নাই ন! মাই বাৰু মোক সেইটোতে... ..."
এইবুলি কৈ পলাশী উচুপি উঠিল।

"অহ‌্ হʼ! তুমি বাৰু এতিয়াও ইমান সৰু ছোৱালী হৈ আছানে ? চোৱা, সন্তানে বিয়া কৰোৱাৰ লগে লগে প্ৰত্যেকগৰাকী মাতৃয়ে হয়তো ভাৱে----তেওঁৰ সন্তানক বোৱাৰীগৰাকীয়ে বুকুৰ মাজৰপৰা কাঢ়ি লৈ যাব,মাকক হয়তো গুৰুত্ব নিদিব। সেয়ে বোৱাৰীৰ প্ৰতি মাকৰ সৰু-সুৰা ঠেঁহ-পেচবোৰ থাকেই দিয়াচোন । তুমিটো এয়া বুজি পোৱা ন !"

‌‌       "সেইবাবেই তুমি মাৰ আগত মোক ইমান.........." পলাশীৰ অভিমানটো তেতিয়ালৈ ভগাই নাছিল।

        "চোৱাচোন,এইফালে চোৱা তুমি।" পৰশে তাৰ ফালে ঘূৰাই লৈ পলাশীক কʼলে---- ‌
"ম ইতো ভালদৰেই জানো ন! তুমি মোক বুজি পোৱা আৰু তোমাক তেনেকৈ কোৱাৰ কাৰণ তোমাক বুজালে বুজি পাবা।তুমিয়ে কোৱাচোন, মই জানো তোমাৰ দৰে মাৰ ওচৰত গৈ মাক মৰমেৰে বুজাব পাৰিম?"

পৰশৰ কথাত পলাশীৰ দুচকুত হাঁহি বিৰিঙি উঠিল।বেচেৰীজনীৰ কান্দি কান্দি চকু দুটা ফুলি গৈছিল।চকুৱে মুখে হাঁহি বিৰিঙি উঠা পলাশীজনীক সেই সময়ত বেছ ধুনীয়া লাগিছিল।

       "সঁচাই,তাৰমানে তুমি মোক বেয়া পোৱা নাই?"পলাশীয়ে আনন্দত জঁপিয়াই উঠিল।

       "ধেৎ এইজনী ,কি‌যে কোৱা নহয় তুমিও! তোমাক মই বেয়া পাব পাৰো নেকি? মই ভালদৰে বুজি পাওঁ--- তুমি মোক কিমান ভালপোৱা, কিমান বিশ্বাস কৰা। চোৱা,এজনী নাৰীয়ে কিমান দুখেৰে সৰুকালৰপৰা ডাঙৰ হোৱা ঘৰখন এৰি,মাক দেউতাকৰ ওচৰত আলসুৱা ছোৱালীজনীয়ে ভাই-ভনীৰ পৰাও আঁতৰি কেৱল মাত্ৰ এজন পুৰুষৰ ওপৰত বিশ্বাস কৰিয়ে নিজৰ সমস্ত ত্যাগ কৰে।জীয়ৰী কালত হয়তো কিবা এটা হʼলেই উচুপি উঠি মাকৰ কোলাত জিৰণি লৈছিল,চঞ্চলভাৱেই যাওঁ বুলিলেই নিজৰ পছন্দৰ ঠাইলৈ গৈ ফূৰ্তি কৰিছিল। কিন্তু এই সকলোবোৰ মৰমৰ পৰা বঞ্চিত হৈ আন এখন ঘৰ নিজৰ বুলি আকোঁৱালি লʼব লাগে। সম্পূৰ্ণ অচিনাকী শহুৰ-শাহুৱেকক পিতৃ-মাতৃ জ্ঞান কৰিব লাগে। সেই ঘৰখনৰ, সেই পৰিস্থিতিৰ সকলোৰে লগতৈই নিজক খাপ খুৱাই তুলিব লাগে।নিজৰ বহুতো ভাললগা স্বভাৱ ত্যাগ কৰিব লগা হয়।এখন অচিনাকী ঘৰলৈ আহি সেই মানুহজনৰ ওপৰত বিশ্বাস ৰাখিয়েইতো শান্তিৰে শুব পাৰে।এই সকলোবোৰ অসাধাৰণ কাম একমাত্ৰ নিজৰ স্বামীৰ ওপৰত আস্থা ৰাখিয়েইতো কৰিব পাৰে।"
পৰশে কথাবোৰ এনেধৰণে কৈ আছিল যেন পলাশীয়ে কিবা কাহিনীহে শুনি আছে।

         "এই পাগলী,কি চাই আছা এনেকৈ?" পৰশৰ কথাত তাইৰ চমক ভাগিল।
         "হু......"

    "এতিয়া বুজিলা....। তুমি মোক কিমান বিশ্বাস কৰিব পাৰা বাবে এইবোৰ কৰিব পাৰিছা, মইতো বুজি পাওঁ ন! তোমাক মই কেনেকৈ বেয়া পাব পাৰোঁ,কোৱা তুমিয়ে পাগলী.......!"

        এইবুলি কৈ পৰশে মৰমতে তাইৰ গালত লাহেকৈ চিকুট এটা মাৰিলে।

 ‌   কিবা এক অবুজ আনন্দ ই পলাশীৰ অন্তৰত খুন্দা মাৰি ধৰিলে।নজনাকৈয়ে চকুলো বৈ আহিল তাইৰ দুগালেৰে।

       "ধেৎ,কান্দিবলৈ আহিছে আকৌ চোৱা এইজনীয়ে ..! যোৱা,মাৰ লগত আগৰদৰেই মাত-বোল কৰাগৈ.....।"
      পলাশীয়ে চকুলো মোহাৰি হাঁহিমুখে উঠি গʼল।

 ⚫কল্পনা বৰা                

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)