কোনে ৰচিব আৰম্ভণি ? ভাষ‍্যতি শৰ্মা

©Admin
0
কোনে ৰচিব আৰম্ভণি?
মই নে আপুনি?

আপুনি চকুত চকু থ'লেই
হয়তো মই বিছাৰি পাম
আপোনাৰ হৃদয়ৰ ঠিকনা।
আপুনি কাষৰত ৰ'লেই 
হয়তো মই অনুভৱ কৰিম,
মোৰ হৃদয়ত আপোনাৰ নামৰ
সেই বিশেষ সুৰটিৰ সীমনা!

ক'ত হ'ব আৰম্ভণি?
উশাহবোৰে জিৰণি লোৱা
সেই বিশেষ ঘাটটিত?
নে জীৱনে ভালপোৱা
আলিবাটটিৰ সেই সৰু কেঁকুৰিত?

শব্দবোৰ সেউজী।
তাত মৰমে চুই যোৱা এখনি নদী।
সপোনবোৰ দৰদী।
তাত অস্তবেলিৰ বিদায় পৰৰ,,
এমুঠি বিষাদৰঙী হাঁহি।
তাতেই নেকি আৰম্ভণি?

আপুনি বুজিলেই যেনিবা
আবতৰীয়া বৰষুণজাকৰ আৰৰ কথা,
বৰষুণজাকে কঢ়িওৱা বিষাদৰ বেথা,
পাৰিব জানো বাধা দিব
বৰষুণৰ টোপালবোৰ সৰা?
নাইবা পাৰিব জানো মনখুলি
বৰষুণজাকৰ সৈতে বিষাদৰ গান গাব?

আপুনি ক'লেই যেনিবা
হৃদয়েৰে বৈ যোৱা বিশেষবোৰৰ কথা
সময়ে জানো পাৰিব
বান্ধিব মিলনগাথাঁ?
জীৱনে জানো বুজিব
অপেক্ষাৰ গভীৰতা?

কোনে ৰচিব আৰম্ভণি?
মই নে আপুনি?



✍️ভাষ‍্যতি শৰ্মা
স্নাতক ৪ৰ্থ ষান্মাসিক
পূব কামৰূপ মহাবিদ্যালয়, বাইহাটা চাৰিআলি

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)