বিনিয়োগ - আত্মসন্মানৰ সঞ্জীৱনী মন্ত্ৰ |দীপাঙ্কৰ ভৰালী

Rinku Rajowar
0
অতীজৰে পৰা অসমৰ অসমীয়া সমাজে বেঙ্কিং , জীৱন বীমা বা আন আন বিনিয়োগ ব্যৱস্থাটোৰ প্ৰতি বৰ আগ্ৰহী নহয় । মহিলাসকলৰ দূৰৰে কথা , পুৰুষসকলেও এই সুবিধা গ্ৰহণত বৰ বেছি আগ্ৰহী হোৱা যেন পৰিলক্ষিত নহয় । ইয়াৰ কাৰণ বহুতো আছিল । এটা মুখ্য কাৰণ আছিল সেইসময়ত সাধাৰণতঃ পৰিয়ালবোৰ কৃষিৰ ওপৰত নিৰ্ভৰশীল আৰু শিক্ষাৰ লগতে স্বাস্থ্যৰ দৰে প্ৰয়োজনীয় শিতানসমূহত খৰচৰ মাত্ৰা কম আছিল । তদুপৰি , বেছি ভাগ মানুহৰ ঘৰতে ঘৰৰ চাউল , শাক-পাচলি , সৰিয়হ তেল , মাছ , মাংস ইত্যাদিবোৰ আছিল । বাৰীখনতে সকলোবোৰ পোৱা গৈছিল । জৈৱিক প্ৰক্ৰিয়াৰে প্ৰায়বোৰ খেতি কৰা হৈছিল । কিন্তু সময় পাৰ হৈ যোৱাৰ লগে লগে গাঁ‌ৱৰ মানুহবোৰ চহৰমুখী হ'ল । আগৰ দৰে গাঁ‌ৱত খেতিয়কৰ সংখ্যা নাই । খেতি মাটিবোৰৰ পৰিমাণ কমিবলৈ ধৰিলে । লগে লগে কম মাটিতে বেছি উৎপাদনৰ প্ৰতিযোগিতা এখন আৰম্ভ হ'ল । ৰাসায়নিক সাৰৰ প্ৰয়োগ বৃদ্ধি পালে , উন্নত বীজৰ প্ৰয়োগ হ'ল । আগৰ কৃষি পদ্ধতিৰ সলনি নতুন নতুন উৎপাদনমুখী ব্যৱস্থাবোৰে মূৰ তুলি উঠিলে । লাহে লাহে মানুহৰ বেমাৰ-আজাৰ বৃদ্ধি পাবলৈ ধৰিলে আৰু ক্ৰমশঃ আমি নিজেই মৰ্মে মৰ্মে উপলব্ধি কৰিলোঁ কৰ'ণা মহামাৰীৰ সময়ত আমাক কি দৰে দুটাকৈ বছৰ ঘৰৰ ভিতৰত আৱদ্ধ কৰি ৰাখিলে । সেই সময়চোৱাত চৰকাৰী কৰ্মত নিয়োজিত ব্যক্তিসকলক বাদ দি বাকীসকলৰ অৰ্থনৈতিক দিশটোৰ কি অৱস্থা হৈছিল আমাৰ সকলোৰে জ্ঞাত । সম্ভৱতঃ প্ৰায়ভাগ মানুহৰে সাঁচতীয়া সকলো টকা-পইচা শেষ হৈ গ'ল । বহু ভাল ব্যৱসায়ীয়ে ব্যৱসায়ৰ মন্দাৱস্থাৰ বাবে আত্মহত্যাৰ পথ বাচি লোৱাৰ নজিৰ আমাৰ সমাজতেই দেখা গ'ল । পৰিতাপৰ কথা অসমৰ প্ৰায়বোৰ মানুহে বিনিয়োগ কৰিবলৈ যি উদাস মনোবৃত্তি গ্ৰহণ কৰে ইয়ো এটা পৰিয়ালৰ অৰ্থনীতি বিধস্ত হোৱাৰ মূল কাৰণ । কোনো ধৰণৰ পৰিকল্পনা নাই । টকা ঘটিছে আৰু খাইছে । বিনিয়োগৰ নাম শুনিলেই ভেকাহি মৰা বহু ব্যক্তিৰে ক'ৰণাকালৰ মন্দাৱস্থাটোৰ কথা এবাৰ ভাবি চাবলগীয়া । পৰ্যাপ্ত পৰিমাণৰ বেঙ্কত টকা নাথাকিলে যে বৰ্তমান আকাশলঙ্ঘী মূল্যবৃদ্ধিয়ে আমাক কোঙা কৰিব ই একেবাৰে সত্য । তদুপৰি আমাৰ আজিকালি চ'চিয়েল মিডিয়াত সঘনাই পাই থকা মেচেজ এটা আপোনালোকে লক্ষ্য কৰিছেনে ? চিকিৎসাৰ বাবে টকাৰ প্ৰয়োজন । তেওঁ বৰ ভাল সামাজিক , সাংস্কৃতিক বা কোনোবা ৰাজনৈতিক মানুহ হয় , কিন্তু চিকিৎসাৰ বাবে অৰ্থৰ অভাৱ । বহু অভিনেতা , অভিনেত্ৰী , ভাৱৰীয়া , গায়ক , গায়িকা বিশেষকৈ সামাজিক আৰু সংস্কৃতিৰ লগত জড়িত ব্যক্তিসকলৰ দেখা যায় অৰ্থৰ অভাৱে মানুহজনক পুতৌৰ পাত্ৰ কৰি তোলা । কিন্তু কিয় এনে হয় আমি ভালদৰে ভাবি চাবলগীয়া । মই ব্যক্তিগতভাবে সহায় বিচৰা বা সহায় কৰাটো বেয়া বুলি ক'বলৈ যোৱা নাই । কিন্তু আমি কিয় ভৱিষ্যতৰ বাবে কিছু বিনিয়োগ কৰি নাৰাখো ? কিয় আমি স্বাস্থ্যৰ প্ৰতি সজাগ নহওঁ ? কিয় আমাৰ জীৱন বীমা ? স্বাস্থ্য বীমা বা আন আন বিনিয়োগ যেনে মিউচিয়েল ফাণ্ড , চেয়াৰ বজাৰ , ডাকঘৰৰ বিনিয়োগ ইত্যাদিৰ প্ৰতি  অনীহা । 

       সময় পৰিবৰ্তন হৈছে দ্ৰুত গতিত । আপোনালোকে লক্ষ্য কৰিছে যে শিক্ষাৰ মানদণ্ড উন্নত হোৱাৰ লগে লগে শিক্ষালাভৰ ক্ষেত্ৰত খৰচৰ মাত্ৰ অভাৱনীয়ভাবে বৃদ্ধি পাইছে । দৈনিক খাদ্যাভ্যাসৰ লগত জড়িত বস্তুবোৰৰ মুল্য দ্ৰুত হাৰত বাঢ়িছে । কাপোৰৰ , চিকিৎসাৰ মূল্য , মাটিৰ মূল্য , মুঠৰ ওপৰত এনে এটা শিতান নাই য'ত মূল্য বৃদ্ধি হোৱা নাই । আৰু বিশ্বাস ৰাখক ভৱিষ্যতে আৰু বাঢ়িব । এটা দিন আহিব আমি লোৱা উশাহ কণো কিনি ল'ব লাগিব । 

      গতিকে, যিসকলে এতিয়া কিবা অলপ মান হ'লেও আৰ্জিবলৈ সক্ষম হৈছে তেওঁলোকে অলপ অলপ কৈ বিনিয়োগ কৰিবলৈ শিকক । প্ৰতিজন অভিভাৱকৰে এটাকৈ জীৱন বীমা কৰাওক । এটা পৰিয়ালটোৰ বাবে স্বাস্থ্য বীমা কৰক । তাৰ পিছতো যদি সক্ষম হয় , আন আন শিতানবোৰত বিনিয়োগ কৰক । ভাৰতবৰ্ষত উপলদ্ধ কিছুমান বিনিয়োগ শিতান তলত উল্লেখ কৰা হ'ল ----
      জীৱন বীমা, বেঙ্কৰ Fixed Deposite, Reccuring Deposite (RD), Post Office Saving, NSC, PPF, Govt. bonds, Gold Investment, Gold ETF, KVP, Share Market, ULIP, Mutual Funds etc. প্ৰতিটো শিতানৰে লক্ষ্য উদ্দেশ্য বেলেগ বেলেগ । তদুপৰি Risk ৰ মাত্ৰা বেলেগ বেলেগ হয় । নিজৰ সুবিধা আৰু নিজৰ Risk ল'ব পৰা সামৰ্থ্য অনুযায়ী বিচাৰ কৰি বিনিয়োগ কৰাটো ভাল । 

      বিনিয়োগৰ ক্ষেত্ৰত কিন্তু অসমত বিনিয়োগ ক্ষেত্ৰখনত জ্ঞান থাকক বা নাথাকক তাতকৈ কোন ঘৰৰ বা পৰিয়ালৰ সেইটো বেছি গুৰুত্ব দি বিনিয়োগ কৰা দেখা যায় । সেইদৰে কৰা বিনিয়োগৰ ফলাফল বৰ এটা সন্তোষজনক নহয় । গতিকে ভাল জ্ঞান থকা এজন যদি ঘৰৰ হয় ভালেই, নহ'লে কিন্তু ভাল এজনৰ ওচৰত বিনিয়োগৰ বিভিন্ন শিতান জানি বুজিহে বিনিয়োগ কৰিব লাগে । 

✍🏻দীপাঙ্কৰ ভৰালী 
দুলীয়াজান

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)