এক নিৰ্ভয়ী সাংবাদিকতাৰ প্ৰতীক পৰাগ কুমাৰ দাস- জনাৰ্দন তালুকদাৰ

Rinku Rajowar
0
বৰ্তমান সময়ত সংবিধানৰ চতুৰ্থ স্তম্ভ সাংবাদিকতাৰ ওপৰত প্ৰায়ভাগ সচেতন নাগৰিকৰে ক'ৰবাত নহয় ক'ৰবাত সন্দিহান ভাৱৰ প্ৰশ্নবোধক এডাল ৰৈ যায়। বিশ্বৰ বৃহত্তম গণতান্ত্ৰিক ৰাষ্ট্ৰ ভাৰতবৰ্ষত গণতন্ত্ৰৰ চতুৰ্থ স্তম্ভ সংবাদ মাধ্যমে এক গুৰুত্বপূৰ্ণ স্থান অধিকাৰ কৰি আহিছে। সংবাদ মাধ্যমে সমাজৰ জাগ্ৰত প্ৰহৰী হৈ সদায় জনগণক পোহৰৰ বাট দেখুৱাই আহিছে। গণতন্ত্ৰত সংবাদ মাধ্যমে শাসক গোষ্ঠী আৰু জনসাধাৰণৰ মাজৰ সেতুৰ দৰে কাম কৰে। শাসক পক্ষৰ সকলো কাৰ্যাৱলীৰ নিৰপেক্ষ আৰু জনকল্যানকামী দৃষ্টি-ভংগীৰে বিশ্লেষণ কৰাৰ লগতে জনসাধাৰণক সঠিক সিদ্ধান্ত গ্ৰহণ কৰাত সহায় কৰে সংবাদ মাধ্যমে। ভাৰতবৰ্ষ তথা অসমো ইয়াৰ ব্যতিক্ৰম নহয়। এইখন অসম মুলুকতেই জন্ম গ্ৰহণ কৰিছিল এনে এজন আপোচবিহীন, মানবতাবাদী সাংবাদিকে যিয়ে কেৱল অসমৰ সংবাদ জগততেই নহয়, অসমীয়া সমাজ জীৱনতো এক আলোড়নৰ সৃষ্টি কৰিছিল। তেখেতৰ দৰ্শন, তেখেতৰ আদৰ্শ আজিও অসমীয়া জাতিৰ পথপ্ৰদৰ্শক। তেখেত আন কোনো নহয়, এইখন অসমৰে সংগ্ৰামী সত্তা পৰাগ কুমাৰ দাস। শ্বহীদ পৰাগ কুমাৰ দাস আছিল একেধাৰে এজন স্পষ্টবাদী সাংবাদিক, সাহসী লেখক তথা এজন সুনিপুণ অৰ্থনীতিবিদ ৷ তেখেতৰ দৰে হাড়ে-হিমজুৱে নিজৰ জাতিক ভাল পাবলৈ শিকা লোক অসমত হয়তো দ্বিতীয়জন নোলাব ৷ তেখেতে কটন কলেজিয়েত উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ পৰা ১৯৭৭ চনত হাইস্কুল শিক্ষান্ত পৰীক্ষাত অসমৰ ভিতৰত তেওঁ চতুৰ্থ স্থান লাভ কৰিবলৈ সক্ষম হৈছিল। তাৰপাছত তেওঁ কটন কলেজৰ পৰা বিজ্ঞান শাখাত প্ৰাক্ বিশ্ববিদ্যালয় পৰীক্ষাত অৱতীৰ্ণ হৈ অসমৰ ভিতৰতে চতুৰ্থ স্থান লাভ কৰি উচ্চ শিক্ষাৰ বাবে দিল্লীৰ ছেইন্ট ষ্টিফেন কলেজলৈ বুলি ৰাওনা হৈছিল ৷ তাত তেওঁ অৰ্থনীতি বিভাগত সন্মানসহ প্ৰথম শ্ৰেণীত স্নাতক ডিগ্ৰী গ্ৰহণ কৰে । তাৰপাছত স্কুল অৱ ইক’নমিকছৰ পৰা স্নাতকোত্তৰ ডিগ্ৰী ল’লে ৷ দিল্লীৰ পৰা উভতি আহি তেখেতে পঞ্জাৱ নেশ্যনেল বেংকৰ বিষয়া হিচাপে নিযুক্ত হৈ কৰ্ম জীৱনৰ পাতনি মেলিছিল। তাৰপাছত তেখেতে নিজৰ কৰ্ম নিপুণতাৰ বাবে ইউনিট ষ্ট্ৰাষ্ট আৰু গুৱাহাটী ষ্টক এক্সচেঞ্জত মহাপ্ৰবন্ধকৰ পদ লাভ কৰে ৷ চাকৰি কৰি থকাৰ সময়তে তেখেতে চাকৰি কৰি লাভ কৰা ধনৰে স্কুলীয়া বন্ধুৰ সতে লগ লাগি 'বুধবাৰ' নামৰ বাতৰি কাকতখন প্ৰকাশ কৰি প্ৰচলন আৰম্ভ কৰে । সেই সময়ত এই বাতৰি কাকতখনে জনগণৰ মাজত তুমুল আলোড়ন সৃষ্টি কৰিবলৈ সক্ষম হৈছিল ৷ ইয়াৰ সমসাময়িক ভাৱে তেখেতে  'প্ৰান্তিক' আৰু ইংৰাজী কাকত 'দ্যা ছেন্টিনেল'ত নিয়মীয়া স্তম্ভ লেখক হিচাপেও খ্যাতি অৰ্জন কৰিছিল ৷ আৰু শেষত তেখেতে ষ্টক এক্সচেঞ্জৰ প্ৰৱন্ধকৰ দৰে লোভনীয় চৰকাৰী চাকৰি ত্যাগ কৰি মৃত্যু পৰ্য্যন্ত অসমীয়া প্ৰতিদিনৰ কাৰ্যবাহী সম্পাদক ৰূপে দায়িত্ব বহন কৰে ৷ তাৰ মাজতে শাসক গোষ্ঠীৰ কু-দৃষ্টিত পৰি দুবাৰকৈ কাৰাগাৰলৈও যাব লগা হৈছিল ৷ কিন্তু তাৰ পিছতো তেওঁৰ কলমক, তেওঁৰ স্বাধীনতাৰ চিন্তাক কোনেও বশ কৰিব পৰা নাছিল ৷ 

          বিশিষ্ট কথা শিল্পী সদ্যপ্ৰয়াত হোমেন বৰগোহাঞি দেৱৰ ভাষাত "বিৰাট পৰিৱৰ্তনৰ পৰিকল্পনা কৰিব পৰা আৰু তাৰ কাৰণে জীৱনৰ সকলো সুখ-স্বাচ্ছন্দ্য ত্যাগ কৰিব পৰা এজন সাহসী, চিন্তাশীল মানুহ" পৰাগ কুমাৰ দাসে আশীৰ দশকত অসমীয়া আলোচনী 'প্ৰান্তিক' আৰু 'দ্যা ছেণ্টিনেল' ইংৰাজী কাকতৰ নিয়মীয়া স্তম্ভ লেখক হিচাপে সাংবাদিক জীৱন আৰম্ভ কৰিছিল। ১৯৮৯ চনৰ মাৰ্চ মাহৰ পৰা প্ৰকাশিত "বুধবাৰ" নামৰ সাপ্তাহিক কাকতৰ তেওঁ সম্পাদক আছিল। ১৯৯৪ চনৰ পৰা তেখেতে নিজাববীয়াকৈ "আগান" আলোচনী প্ৰকাশ কৰি তাৰ সম্পাদকৰ দায়িত্ব পালন কৰে। তাৰপাছত তেখেতে "অসমীয়া প্ৰতিদিন" কাকতৰ কাৰ্যবাহী সম্পাদক ৰূপে দায়িত্ব গ্ৰহণ কৰে। মৃত্যুৰ সময়লৈ তেখেত প্ৰতিদিনৰ সম্পাদক হিচাপে কৰ্মৰত আছিল। নিৰ্ভীকতা আৰু নিৰপেক্ষতাই আছিল পৰাগ কুমাৰ দাসৰ সাংবাদিকতাৰ আধাৰ। অত্যাচাৰ-উৎপীড়নৰ বিৰুদ্ধে আৰু অসমীয়া জাতিৰ হকে নিৰন্তৰ কলম চলাই গৈছিল এইজন সাহসী সাংবাদিকে। ৰাজ্যৰ পিছপৰা জাতি-জনজাতি, সৰ্বসাধাৰণ জনতা, কৃষক, শ্ৰমিকৰ শোষণৰ বিপৰীতে শাসক গোষ্ঠীৰ গণস্বাৰ্থ বিৰোধী নীতিক সমালোচনা কৰি অসমৰ সংবাদ জগতত এক নতুন ধাৰাৰ সূচনা কৰিছিল পৰাগ কুমাৰ দাসে। সেই সময়ৰ অসমৰ ভয়াৱহ পৰিস্থিতিতো তেওঁ নিৰন্তৰভাৱে কলম চলাই গৈছিল। জাতীয়তাবাদী পৰাগ কুমাৰ দাসে উপলব্ধি কৰিছিল যে ভাৰতীয় ৰাষ্ট্ৰ ব্যৱস্থাত স্বেচ্ছাচাৰিতাৰ চৰিত্ৰই সদায় জাতীয়তাবাদক গ্ৰাস কৰি আহিছে আৰু সেই স্বেচ্ছাচাৰিতাৰ বিৰুদ্ধে তেওঁ মাত মাতিছিল। অসমৰ ৰাইজৰ ওপৰত চলা সেনাৰ অত্যাচাৰৰ বিৰুদ্ধে তেওঁৰ কলম চলিছিল। এখন গণতান্ত্ৰিক দেশত বাক-স্বাধীনতা তথা মত প্ৰকাশৰ অধিকাৰৰ এনে দুৰৱস্থাই তেওঁক উদ্বিগ্ন কৰি তুলিছিল। অসমৰ আত্মনিয়ন্ত্ৰণৰ বাবে তেওঁ সংগ্ৰাম কৰিছিল। অপাৰেশ্যন ৰাইন’ৰ সময়ত সাধাৰণ জনতা ৰাষ্ট্ৰ সন্ত্ৰাসৰ বলি হ’ব বুলি তেওঁ আগতীয়াকৈ ভৱিষ্যৎবাণী কৰি এই বিষয়ে বাতৰি পৰিবেশন কৰিছিল। প্ৰয়োজনত সকলোকে জবাবদিহি কৰিব পৰা শক্তি আছিল তেওঁৰ কলমত। তেওঁ পুঁজিবাদীক আক্রমণৰ লক্ষ্য কৰি লৈছিল৷ তেওঁ বৃহৎ পুঁজিবাদী গোষ্ঠীৰ আগ্রাসন–শোষণৰ বিৰুদ্ধে প্ৰতিবাদ কৰিছিল আৰু এই আগ্রাসন ৰোধৰ বাবে সকলো অসমীয়াক হাতে–কামে লাগিবলৈ আহ্বান জনাইছিল৷ তেওঁ চাহ খেতি আৰু বাঁহ খেতিৰ ওপৰত বিশেষ গুৰুত্ব আৰোপ কৰিছিল৷ কাৰণ অসমৰ চাহ খেতি পুঁজিবাদীৰ নিয়ন্ত্রণত আছিল৷ এনেদৰেই তেওঁ অর্থনৈতিক স্বাৱলম্বিতাৰ কথা কৈছিল৷ বৰ্তমান প্ৰধান মন্ত্ৰীয়ে যি "আত্মনিৰ্ভৰ ভাৰত"ৰ কথা কৈছে, পৰাগ কুমাৰ দাসে তেনে এক ধাৰণা আজিৰ পৰা প্ৰায় তিনি দশক পূৰ্বেই অৱতাৰণা কৰিছিল। কেৱল কাকতত লিখিয়েই যে তেওঁ নিজৰ দায়িত্ব সামৰিছিল তেনে নহয়। অসমৰ মানৱ অধিকাৰ সংগ্ৰামৰ তেওঁ নেতৃত্ব দিছিল। ১৯৯১ চনৰপৰা পৰাগ কুমাৰ দাসে "মানৱ অধিকাৰ সংগ্ৰাম সমিতি"ৰ আহ্বায়ক আৰু পিছলৈ সচিব প্ৰধান হিচাপে কাৰ্যনিৰ্বাহ কৰিছিল। তেওঁ "উত্তৰ-পূব মানৱ অধিকাৰ সমন্বয় ৰক্ষী সমিতি"ৰ সচিব প্ৰধান আছিল। তেওঁ ১৯৯২ চনৰ "বাক্‌ স্বাধীনতা সংগ্ৰাম সমিতি" আৰু ১৯৯৪ চনত গঠিত আৰু "গণতান্ত্ৰিক অধিকাৰ সংগ্ৰাম সমিতি"ৰ সক্ৰিয় নেতা আছিল। জাতীয় সমস্যাবোৰক ৰাইজৰ সমুখত তুলি ধৰি তাৰ সপক্ষে জনমত সৃষ্টি কৰাৰ বাবে আগভাগ লৈছিল তেওঁ। ১৯৯২ চনত ৰাষ্ট্ৰীয় নিৰাপত্তা আইন আৰু ১৯৯৩ চনত টাডা আইনৰ অধীনত তেওঁক গ্ৰেপ্তাৰ কৰা হৈছিল। কিয়নো সাংবাদিকতাৰ জৰিয়তে ৮০ দশকৰ পৰা মৃত্যুৰ সময়লৈকে সমাজৰ সজাগ প্ৰহৰী ৰূপে চৰকাৰী পক্ষক তেওঁ জবাবদিহি কৰিবলৈ সক্ষম হৈছিল। কিন্তু পৰাগ দাস আছিল নিজৰ স্থিতিত অটল আৰু এই স্থিতিৰ বাবেই তেওঁ শাসক গোষ্ঠীৰ চকুৰ কুটা হৈ পৰিছিল। তেওঁ ৰচিত ‘স্বাধীনতাৰ প্ৰস্তাৱ’ গ্ৰন্থখন চৰকাৰে নিষিদ্ধ ঘোষণা কৰিছিল। অসমবাসীৰ অধিকাৰৰ বাবে মাত মাতিবলৈ গৈ দিল্লী-দিছপুৰৰ ষড়যন্ত্ৰৰ মাজত সোমাই পৰিছিল পৰাগ কুমাৰ দাস আৰু হয়তো এই ষড়যন্ত্ৰৰ বলি হৈয়েই তেওঁ বন্দুকৰ গুলিত প্ৰাণ দিব লগা হয়। কিন্তু বন্দুকৰ গুলিয়ে মচি নিব নোৱাৰে তেওঁৰ আদৰ্শ, তেওঁৰ প্ৰতিবাদী সত্ত্বা। মৃত্যুৰ পূৰ্বেই তেওঁ লিখি গৈছে- "কোনোবাই যদি ভাবিছে বন্দুক বেয়নেট বা শাৰীৰিক অত্যাচাৰৰ ভয়ত আমি কলম নমাই থ’ম, তেনেহ’লে তেওঁ মূৰ্খৰ স্বৰ্গত বাস কৰিছে।" পৰাগ কুমাৰ দাসৰ মৃত্যুৱে অসমৰ জাতীয়তাবাদী আন্দোলনত মোক্ষম আঘাত সানে যদিও তেখেতৰ আদৰ্শ, তেখেতৰ সৃষ্টিৰাজিয়ে অসমৰ সংবাদ জগতত নতুন দিগন্তৰ সন্ধান দিয়ে ।‌ তেখেতৰ সৃষ্টি "ছাংলট ফেনলা", "স্বাধীনতাৰ প্ৰস্তাৱ", "নিষিদ্ধ কলম আৰু অন্যান্য", "স্বাধীন অসমৰ অৰ্থনীতি" "ৰাষ্ট্ৰদোহীৰ দিনলিপি" আদিকে ধৰি গ্ৰন্থৰাজি আৰু অন্যান্য লেখাসমূহ বৰ্তমানৰ অসম আৰু অসমীয়াৰ বাবে অতি প্ৰাসংগিক। 

             কিন্তু এয়া হয়তো অসমবাসীৰেই দুৰ্ভাগ্য যে আজি অসমত সঁচা সাংবাদিকতাৰ অভাৱ ঘটিছে। সংখ্যাগত দিশৰ পৰা অসমত বাতৰি কাকত, নিউজ চেনেল অথবা পৰ্টেলৰ অভাৱ নাই যদিও গুণগত মানদণ্ডৰ ফালৰ পৰা চাবলৈ গ'লে অসমত এতিয়া নিৰপেক্ষ আৰু নিৰ্ভীক সাংবাদিকতাৰ কিছু অভাৱ যেন অনুভৱ হয়। নতুন নতুন কৌশল আৰু তথ্য-প্ৰযুক্তিৰ ব্যৱহাৰেৰে সংবাদ ক্ষেত্ৰখন আগুৱাই গৈছে যদিও বহু ক্ষেত্ৰত ইয়াৰ কিছু ঋণাত্মক দিশো দেখা যায়। বৰ্তমান কিছুমান নিউজ চেনেলে কেৱল সস্তীয়া জনপ্ৰিয়তা তথা টি.আৰ.পি.ৰ পাছত দৌৰি নিজৰ স্বকীয়তা আৰু সামাজিক দায়বদ্ধতা পাহৰি পেলাইছে যেন অনুভৱ হয়। হালধীয়া সাংবাদিকতাৰ কথাও সততেই শুনা যায়। আনহাতে শুদ্ধ ভাষা জ্ঞান নথকা কিছু সংখ্যক তথাকথিত সাংবাদিকে অসমীয়া ভাষাটোক বিকৃত কৰি পেলোৱা পৰিলক্ষিত হৈছে। নতুনকৈ গঠিত হোৱা একাংশ "পাবত গজা" নিউজ পৰ্টেলৰো এইক্ষেত্ৰত অৰিহণা আছে। সাংবাদিকতাৰ ন্যূনতম জ্ঞান খিনিও নথকা কিছুমান লোকে কেৱল "ভাইৰেল" হোৱাৰ তাড়নাতেই বিভিন্ন পক্ষপাতি বাতৰি প্ৰচাৰ কৰি আহিছে আৰু কোনো অনুসন্ধান নকৰাকৈ কিছুমান উৰাবাতৰি প্ৰচাৰ কৰি জনসাধাৰণক বিপথে পৰিচালিত কৰিছে। সংবাদ মাধ্যমৰ কাম হৈছে চৰকাৰৰ ভাল কামৰ প্ৰশংসা কৰা আৰু ভূল-ত্ৰুটিসমূহ আঙুলিয়াই দেখুওৱা। কিন্তু দুখৰ বিষয় যে বৰ্তমান সময়ত ভাৰতবৰ্ষ তথা অসমত কিছুমান সংবাদ মাধ্যমৰ জন্ম হৈছে যিসমূহ কেৱল শাসক গোষ্ঠীৰ মুখপাত্ৰ যেন ভাৱ হয়। এই স্তাৱকসকলে কেতিয়াও চৰকাৰক প্ৰশ্ন উত্থাপন নকৰে বা তেওঁলোকে জনসাধাৰণৰ কোনো সমস্যা শাসনাধিষ্ঠিত দলৰ সমুখত তুলি নধৰে। তেওঁলোকৰ কাম কেৱল চৰকাৰক তোষামোদ কৰা, নিৰপেক্ষ আৰু বস্তুনিষ্ঠ বাতৰি পৰিৱেশনৰ পৰা তেওঁলোক বহু দূৰৈত। 

              বৰ্তমান অসমৰ বহু সংখ্যক সংবাদ মাধ্যমেই নিৰপেক্ষ আৰু সুস্থ সাংবাদিকতাতকৈ ব্যৱসায়িক লাভালাভৰ অংকতহে ব্যস্ত যেন অনুভৱ হয়। ব্যৱসায়িক মুনাফা অৰ্জনৰ বাবে তেওঁলোকে বিভিন্নধৰণৰ বিজ্ঞাপন প্ৰচাৰ কৰে। কিন্তু বিজ্ঞাপন সমূহ প্ৰচাৰৰ ক্ষেত্ৰত তেওঁলোকে মনত ৰখা উচিত যে শিশুৰ পৰা বৃদ্ধলৈ সকলো বয়সৰ লোকেই বাতৰি কাকত এখন বা নিউজ চেনেল এটাৰ পাঠক বা দৰ্শক হ'ব পাৰে । গতিকে বিজ্ঞাপন হওক বা বাতৰি সকলো বয়সৰ লোকৰ বাবে গ্ৰহণযোগ্য হ'ব লাগে। আনহাতে কিছুমান বাতৰি যেনে- ধৰ্ষণ, যৌন নিৰ্যাতন, গোষ্ঠীগত সংঘৰ্ষ, ডাইনী হত্যাৰ দৰে ঘটনাৰ প্ৰকাশ আৰু প্ৰচাৰে সমাজত কু-প্ৰভাৱ পেলাব পাৰে। এইবোৰ হ'ল একোটা সামাজিক ব্যাধি আৰু এই ব্যাধিৰ বিষবাষ্প বিয়পোৱাৰ পৰা সংবাদ মাধ্যমসমূহ পৰাপক্ষত বিৰত থাকিব লাগে। কিন্তু সুখৰ কথা যে আজিৰ যুগতো এনে একাংশ নিস্বাৰ্থ, নিৰপেক্ষ আৰু জনহিতকৰ সংবাদ মাধ্যম তথা সাংবাদিক আছে যিসকলে উন্নত মানদণ্ডৰ আৰু জনসাধাৰণৰ বাবে উপযোগী বাতৰি পৰিৱেশনৰ জৰিয়তে সাংবাদিকতাৰ ক্ষেত্ৰখনত সুস্থ পৰিবৰ্তন আনিবলৈ সক্ষম হৈছে। যোৱাবছৰ লকডাউনৰ সময়ত দেখিছিলোঁ সাংবাদিকসকলে নিজৰ জীৱনৰ কথাও নভবাকৈ সকলো খবৰ নিৰন্তৰে জনসাধাৰণক যোগান ধৰিছিল। আনহাতে বহুতো সংবাদ মাধ্যমে জনসাধাৰণৰ সমস্যা চৰকাৰৰ দৃষ্টিগোচৰ কৰি সমাধান কৰাত অৰিহণা যোগাইছে। এয়া কেৱল অসমৰ সংবাদ জগতৰ বাবেই নহয়, অসমীয়া জাতিটোৰ বাবেও এটা শুভ লক্ষণ। 

              সংবাদ মাধ্যমক সমাজৰ দাপোন বুলি কোৱা হয়। কিন্তু অসমত সংবাদ মাধ্যমৰ অধিকাৰ ভংগৰ ঘটনা সততেই পৰিলক্ষিত হয়। সাংবাদিকৰ ওপৰত আক্ৰমণ আৰু সাংবাদিক হত্যাৰ ঘটনাও বৰ্তমান সুলভ হৈ পৰিছে। উল্লেখ্যযোগ্য যে ২০১৮ চনত সাংবাদিকৰ হত্যা হোৱা দেশসমূহৰ তালিকাত ভাৰত পঞ্চম স্থানত আছিল। ই নিশ্চয়কৈ এখন গণতান্ত্ৰিক দেশৰ বাবে শুভ লক্ষণ নহয়। যি দেশৰ সাংবাদিকসকল সুৰক্ষিত নহয়, সেই দেশৰ গণতন্ত্ৰ কেতিয়াও সুৰক্ষিত হ’ব নোৱাৰে। আনহাতে অধিকাৰৰ সমান্তৰালভাৱে সাংবাদিকসকলৰ দায়িত্বও গধুৰ। সমাজখনত ঘটি থকা ঘটনাপ্ৰৱাহক চালি-জাৰি চাই জনসাধাৰণৰ আগত পুংখানুপুংখ ৰূপত দাঙি ধৰাৰ দায়িত্ব সংবাদ মাধ্যমৰ। গতিকে সংবাদ মাধ্যমসমূহে নিজৰ ভুলবোৰ সংশোধন কৰি সমাজ আৰু জনসাধাৰণৰ প্ৰতি থকা তেওঁলোকৰ দায়িত্ব সুচাৰুৰূপে পালন কৰাটো অতি প্ৰয়োজনীয়। আৰু অসমবাসীৰ সৌভাগ্য যে এইক্ষেত্ৰত পথপ্ৰদৰ্শন কৰিবলৈ পৰাগ কুমাৰ দাসৰ দৰে স্বনামধন্য সাংবাদিকৰ আদৰ্শ আৰু আশীৰ্বাদ সদায় অসমবাসীৰ লগত আছে। 


জনাৰ্দন তালুকদাৰ
যোগাযোগঃ- ৬৯০০৭৮৮৮৭০
জিলাঃ- নলবাৰী(অসম)

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)