আপোনাৰ বাবে এই কবিতা-হেমেন হাজৰিকা

Rinku Rajowar
0
আপুনি বাৰু দিনক দিনে
স্বাৰ্থপৰ হৈ পৰিছে নেকি ?
শিলৰ দৰে কঠিন কৰি 
গঢ়ি লৈছে নেকি হৃদয় ?
কোনো নীৰৱ মুহূৰ্ত্তত
আন্ধাৰত নিজৰ সতে 
একান্ত ভাৱে বহি
কিমান বাৰ আওৰাইছিল
পাবলো নেৰুদা , নজৰুল হুছেইন আৰু 
হেনৰী মেৰী মেকলিন কিম্বা
নাচিম হিকমতৰ কবিতা ।কৃষ্ণচূড়া , গুটিমালীৰ সুবাসত
কটাইছিল আপুনি 
কিমান জোনাকী সন্ধ্যা ?
ৰ'দ জিলমিল দুপৰীয়া
সোণাৰুৰ তলত বহি
শাঁত পেলাইছিল মনৰ ভাগৰ
এই সকলোবোৰেই
আপোনাৰ মনত আছে ।
আমি অকিঞ্চনে
আশা কৰিছোঁ পুনৰ যেন
কৰ্ণ কুহৰত বাজি থাকে
আমাৰ শৰাইঘাটত কিদৰে
কটাইছিল আপুনি
একোটা চটফটীয়া সন্ধিয়া ।
কেনেকৈ জলপৰীক শুনাইছিল দৰদী কবিতা ।
সেইবোৰ কথা  
আমাৰ প্ৰত্যয় জন্মিছে
আনক কথাবোৰ ভাঙি
ক'ব নোৱাৰি আপুনিও
হতাশাত ভুগিছে ।
আহক , আমি হাতে হাত ধৰি
মুক্ত আকাশৰ তলত আওৰাও
"কাৰ পৰশত ফুলিলি বান্ধৈ......."
তাৰ বাবেই
আপোনাৰ বাবে এই কবিতা ।।

       
🔴হেমেন হাজৰিকা
ৰাণী কামৰূপ অসম

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)