মই চৰুৱা অসমীয়া - আব্দুৰ ৰশিদ

নগৰ নহয়,
এইয়া চৰ।
তথাপিও মই গৌৰৱ কৰোঁ 
চৰুৱা অসমীয়া হৈ ।।

অসমীয়া কলা-সংস্কৃতি
বুকুত বান্ধি লৈ 
গৌৰৱ কৰোঁ
চৰুৱা অসমীয়া বুলি।।

কবিতা নহয়
এইয়া চৰৰ চৰুৱাৰ বেদনা।
তিৰস্কাৰ , ঠাট্টা  
যি প্ৰত্যেক দিনৰ যাতনা
তথাপিও সগৌৰৱে কওঁ মই চৰুৱা অসমীয়া।।

তুমি কোৱা মোক মিঞা,
আৰু বিদেশী বুলি
তথাপিও মই
গৌৰৱেৰে কওঁ চৰুৱা অসমীয়া
অসমৰে অসমীয়া ।।

নিজৰ মাতৃক বলিদান দি
অসমীয়া ভাষা বুকুত লৈ
মই গৰ্বিত অসমীয়া
মইয়ে চৰুৱা অসমীয়া ।।

মোক যিয়েই নোকোৱা কিয়?
পমুৱা, মিঞা, বিদেশী বুলি
তথাপিও মই গৰ্ব কৰোঁ চৰুৱা অসমীয়া
অসমেৰে অসমীয়া হৈ।।

চৰত মই কৰোঁ বাস
অসমীয়া ভাষা বুকুত লৈ।
মৃত্যু মোৰ ইয়াতেই হ'ব
অসমীয়া ভাষাই কয় ।।

চৰত মই কৰোঁ বাস
শংকৰ-মাধৱৰ আদৰ্শ লৈ
আৰু কৰোঁ শ্ৰদ্ধা
শংকৰ-মাধৱৰ কলা-সংস্কৃতিক ।।

মই চৰত বাস কৰোঁ
তথাপিও মই উপভোগ কৰোঁ
ভূপেন দা, খগেন মহন্তৰ গান।
মই চৰুৱা অসমীয়া।।

মোক নকৰিবা অত্যাচাৰ,
নকৰিবা বঞ্চিত।
ময়েই খাটি খোৱা
চৰুৱা অসমীয়া।। 

তুমি কৰা ৰাজনীতি,
বাধা দিয়া নাই।
কিয় তুমি কৰিছা মানসিক অত্যাচাৰ?
খিলঞ্জীয়া অসমীয়া চৰুৱাক ।।

জন্ম মোৰ ইয়াতেই
মৃত্যু মোৰ ইয়াতেই হ'ব।
তথাপিও মই সগৌৰৱে কওঁ
মইয়ে খিলঞ্জীয়া চৰুৱা অসমীয়া।।

আহা, আগবাঢ়ি আহা
আমি একেলগে গঢ়োঁ সুন্দৰ অসম।
একেলগে কওঁ
জয় আই অসম।।

✍🏻আব্দুৰ ৰশিদ
বৰপেটা,ময়নবাৰী

1 Comments

Previous Post Next Post