দাদা আজি তোলৈ বৰ মনত পৰিছে ,
হিয়া খনে উচুপি উঠিছে,
তোৰ সেই কৰুণ মৃত্যুৰ ছবিটি দুচকুত ভাঁহি উঠিছে ।
তোৰ শাৰীৰিক যন্ত্ৰণাৰ আৰ্তনাদৰ ধ্বনি
আজিও মোৰ কাণত বাজে।
তোক সিহঁতে হত্যা কৰিছিল দাদা ,
মুখত কাপোৰ বান্ধি,
কাৰেন্টৰ চক দি,
কোবাই কোবাই মাৰি পেলাইছিল ...
তোৰ যথৰ দেহৰ ওপৰত বন্দুকৰ গুলী চলাইছিল ....
সেইদিনা পুৱা ১০ বজাত, অফিচৰ ফোনত
ভাহি আহিছিল তোৰ মৃত্যুৰ খবৰ।
কান্দোনত সকলোবোৰ ভাঙি পৰিছিল।
দাদা,
আমি
শোকসভা, প্ৰচেছন, ধৰ্না, আন্দোলন কৰিও,
ন্যায় নাপালোঁ।
ন্যায় এটা সাঁথৰ হৈ ৰ'ল।
তই সংগ্ৰামী, তই বিপ্লৱী,
শ্বহীদ হ'লি দেশৰ বাবে।
হেৰাই গ'ল পিতৃৰ মুখৰ মাত,
পাহৰি গ'ল সকলো ...
নিজৰ নাম, ঠিকনা, পৰিবাৰ।
বহু দুখ দুৰ্গতিৰ পাছত
পিতৃও সেইদিনা
চিৰদিনৰ বাবে শুই গ'ল।
মাৰ চকুলোবোৰ আৰু মই কিমান মচিম।
মই আজি বৰ অকলশৰীয়া অ দাদা,
তোৰ বৰকৈ মনত পৰে ....
সেই
তেজৰে লুটুৰি পুটুৰি
গুলিবিদ্ধ দেহটো,
দাঙ খাই থকা তোৰ হাত খনলৈ।
তই তেতিয়াও যেন জীয়াই আছিলি।
তই যেন চিঞৰি চিঞৰি কৈ আছিলি.....
"জয় আই অসম, জয় আই অসম"
আৰু যেন কৈছিলি
"শুন নৰখাদক হঁত
তেজ দিলো,
প্ৰাণ দিলো,
কিন্ত দেশ নিদিলো ,
মোৰ বুকুৰ তেজৰে
আই অসমীৰ কপালত
বিজয়ৰ তিলক পিন্ধালো।"
আকৌ এবাৰ ...
"জয় আই অসম,
জয় আই অসম ,
জয় আই অসম। "
নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ