মই এটা ভুল-শতাব্দী শৰ্মা

Rinku Rajowar
2
মই জ্ঞাতে - অজ্ঞাতে এজন ভুল মানুহ !
প্ৰতিটো পদক্ষেপতে 
সকলো ফালৰ পৰা মই ভুল।
চিন্তাবোৰ ভুল,
কথাবোৰ ভুল,
কামবোৰ ভুল,
মোৰ সমস্ততাত ভুলৰ গোজেই গজালি ।
তথাপি জীৱন জিন্দাবাদ বুলি 
ভুলখিনি পুনৰ উনুকিয়াই চাইছোঁ 
সৰ্বশেষত মইয়ে ভুল বুলি স্বীকাৰ কৰিছোঁ ।
মনটোক সুধিছো 
মইনো ইমান ভুল নে ?
মনটোৰো উত্তৰ একেটাই।
বিবেক মগজুৰ তুমুল যুদ্ধ 
মই ভুল নে শুদ্ধ , তাকেই লৈ 
তথাপি কওঁ , মই এটা ভুল 
মোৰ নিজৰ বাবে
অন্যৰ বাবেও মই মাথোঁ অকলে ভুল ।
 
✍🏻শতাব্দী শৰ্মা,নগাওঁ 


Post a Comment

2Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

  1. নীল প্ৰজাপতি20 May 2022 at 09:23

    সুন্দৰ। মোৰো একেই অনুভৱ।

    ReplyDelete
Post a Comment