সাজি লোৱা সভাঘৰ এদিন উদং কৰিব
সুখ কুটি কুটি নষ্ট কৰি পেলাব
বিনন্দীয়া জীৱন অজগৰে গিলা দি গিলিব
অনুতাপত অৱহেলিত হ'ব মন
আছুতীয়া কক্ষত মৌনতাই কান্দিব
সৰাপাত যেন নিঃসংগতাই যুঁজত নামিব
খৰস্ৰোত সোঁতে
তৃষ্ণাতুৰ মন উটুৱাই লৈ যাব
নিঃসংগতাই সংগী হ'ব জীৱনৰ
সপোনৰ পম খেদি
বিয়লি বেলাত আস্থাৰে কৈছোঁ তোমাক
বিশ্বাস ৰাখিবা মনত
সময়ৰ শিক্ষাই জুৰুলা কৰিব আমাক
নিঃসংগতাৰ গধুৰ বেদনাই
নিঃকিন অনুভৱক ঘেৰি ধৰিব
বন্ধ কোঠাত শব্দ স্তব্ধ হ'ব
মনৰ আশা লটিঘটি হ'ব নিহালী খনত
অনুভূতিয়ে বুটলিব দুখৰ সময়
চকুপানী মচিবলৈ কোনো নোলাব
আবেগিক মনে জিৰণি নাপাব
বেজাৰ ভগাই ল'বলৈ কোনো নাথাকিব
ধূসৰ পৃথিৱীত কল্পনা অসাৰ হৈ ৰ'ব
সংগীহীনতাই নিঃসংগ কৰিব জীৱন
উপভোগৰ মজিয়া খনত
বেমাৰৰ বীজাণু আহি ধেমালি কৰিব
বিষময় হৈ উঠিব অনুপম জীৱন
নিঃসহায় অনুভৱ উজাগৰে থাকিব
নিঃসংগ সময়ত মৰম বিচাৰি
হৃদয়ে উচুপি উঠিব
কেঁকাই কেঁকাই কপাল ধিয়াই
সাঁথৰ ভাঙিব নোৱাৰা শব্দৰ অৰ্থ
খেপিয়াই থাকোঁতেই হৃদস্পন্দন বন্ধ হ'ব
মৌন দুটি ওঁঠ নিঠৰুৱা হৈ পৰিব
গন্ধময় আৱৰ্জনা সাৰথি হ'ব
নিঃসংগ সময়ত সমবেদনা জনাবলৈ
প্ৰেয়সীয়ে উথপথপ কৰি মূৰ্চ্ছা যাব
সৰাপাত যেন নিঃসংগতাই মেলানি মাগিব
নিৰ্জনতাই সৰাপাতৰ বিননি
বুকুত সাবটি গুচি যাব বহু দূৰলৈ ।
✍🏻অনন্ত কুমাৰ ভূঞা
জীৱনৰ চিৰন্তন বাস্তৱ সত্য অনুভৱেে সিক্ত এটি অনুপম কবিতা ৷ পঢ়ি সুখ পালোঁ ৷
ReplyDelete