ক’লা-বগা |প্ৰণৱ কুমাৰ চক্ৰৱৰ্ত্তী

©Admin
0
ক’লা কাউৰীটোৱে
বগা বগলীজনীৰ আগত অভিমান কৰিছে
ক’লা বাবেই কাউৰীক 
বগা বগলীয়ে পাত্তা নিদিয়ে বুলি
মিছাকৈ চকুপানী উলিয়াই দেখুৱাইছে৷
বগলী স্বাভিমানী যদিও টেঙৰ নহয়,
ক’লা কাউৰীক বগা বগলীয়ে
সমাজনীতিৰ পাঠ পঢ়ালে,
বৰ্ণবৈষম্যৰ বিপক্ষে নিজৰ স্থিতি জনালে
আৰু বগলী কিমান নিৰপেক্ষ 
তাৰ প্ৰমাণ দিয়াৰ প্ৰয়াস কৰিলে৷
বগলীক কোনোবাই কাউৰী টেঙৰ
বুলি সকিয়াই দিলে,
কুলি আৰু কাউৰীৰ সেই পুৰণি 
আখ্যান সুঁৱৰি বগলীৰ কাউৰীলৈ মৰম লাগিল৷
ক’লা কাউৰীয়ে বগা বগলীক বন্ধুত্বৰ প্ৰস্তাৱ দিলে
বগলীয়ে সহমত প্ৰকাশ কৰিলে,
বন্ধুত্বৰ চিন হিচাপে কাউৰীয়ে
এদিনৰ বাবে বগলীৰ বগা পাখিখিনি বিচাৰি আব্দাৰ কৰিলে,
বন্ধুত্বৰ বিনিময়ত বগলীয়ে বগা পাখি উভালি কাউৰীক দিলে,
বগলী জীৱনলৈ ঘূণীয়া হ’ল
লগৰবোৰেও বগলীক চিনি নোপোৱা হ’ল,
স্বাভিমানী বগা বগলী এতিয়া নিঃসঙ্গ,
টেঙৰ ক’লা কাউৰীয়ে ইটোৰ পাছত
সিটোক ন ন ধৰণে ঠগাই এতিয়া
চৰাইৰ ৰজা হোৱাৰ বাট মোকলাই আছে..

✍️প্ৰণৱ কুমাৰ চক্ৰৱৰ্ত্তী
নলবাৰী, ৯৮৬৪১৪৯৬৬৪

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)