কেনেকৈ কওঁ,
অবজ্ঞা কৰিব নোৱাৰো তোমাৰ উপস্থিতি,
তুমি হয়তো বিশ্বাস নকৰিব পাৰা
তথাপি বুকু খালি কৰি তোমাৰ দাবী অস্বীকাৰ কৰিব নোৱাৰো,
এই দাবী হৃদয়ত আছিল বাবেই দুয়ো একেলগে কৈছিলো ফুল ভাল পাওঁ বুলি,
এই দাবী বিশ্বাসৰ আছিল বাবেই দুয়ো একেলগে কৈছিলো হাঁহি ভালপাওঁ বুলি,
কি নাছিল এই দাবীত
আজি যে পাহৰি যাম
ওঁঠেৰে নিগৰি অহা শব্দ শংখ
কি নাছিল এই দাবীত
আজি যে গচকি যাম কুঁৱলিৰ চোতালত সূৰ্য ফুলাৰ ৰং
জীৱনৰ এই বিভূতি বৰ্ণ,
নিজান আন্ধাৰৰ পিঞ্জৰা ভাঙি উদ্ভাসিত হ'ব খোজে
এই উদ্দীপ্ত আকাংশা
মই মচি দিবওঁ নোৱাৰো মোৰ হৃদয়ৰ নেপথ্যত হৈ থকা তোমাৰ ছবি।
ধুসৰিত সময়ৰ বুকুত কক বকাই থকা নীৰস পৃষ্ঠাবোৰে
আজিও খামুচি ধৰি আছে,
উশাহবোৰ ঘন হৈ অহাৰ পিছতো বাচি আছে,
যি সৰস সেউজ সমাহাৰ সপোন,
সেয়া কেৱল তুমি ।।
✍️ৰূপামনি দাস
নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ