জীৱন দৰ্শন সম্বন্ধে কিছু মনৰ কথা -সীতা দেৱী

সুখ দুখ হাঁহি কান্দোনৰ সমষ্টিয়েই হৈছে জীৱন। জীৱন মানে সংগ্ৰাম যদিও জীৱন অনুপম। জীৱনৰ প্ৰতিটো মূহুৰ্ত উপভোগ কৰিব   লাগে। অপ্ৰাপ্তি, অসন্তুষ্টি এৰি আনন্দেৰে জীৱন পথত অগ্ৰসৰ হোৱা উচিত।মানৱৰূপী শৰীৰটো নিমিত্ত মাত্ৰ।আত্মাৰূপী মনটোক সদায় জাগ্ৰত আৰু পবিত্ৰ কৰি ৰাখিব লাগে। হয়তো আমি কেইটামান কথা মানি চলিলে আমাৰ জীৱন নিশ্চয় সুন্দৰ হ'ব।
১) সদায় প্ৰফুল্ল মনে থাকিবলৈ চেষ্টা অব্যাহত ৰাখিব লাগে। জীৱনত কি হেৰুৱালোঁ তাৰ হিচাপ নকৰি কি কি পালোঁ তাৰ খতিয়ান ৰাখিব লাগে।
২) সকলোৰে প্ৰতি সদয় ভাব ৰাখিব লাগে।পৰচৰ্চা ও পৰনিন্দা ত্যাগ কৰিব লাগে।
৩)কৰ্ম কৰি যাব লাগে। ফল ভগৱানে উচিত বিচাৰ কৰি সময়ত দিব বুলি আশা কৰা উচিত।
৪) দিনটোত অন্ততঃ মনে ভাল পোৱা মঙ্গলময় কাম এটা কৰিব লাগে। 
৫)খং,ৰাগ, হিংসাত্মক কাৰ্য পৰিহাৰ কৰা উচিত।
৬) দুৰ্বলীৰ প্ৰতি দয়াশীল হৈ তেওঁলোকক সমৰ্থন কৰিব লাগে।
৭)আনক সহায় কৰিব লাগে কিন্তু নিজে প্ৰয়োজন নহ'লে আনৰ সহায় আশা কৰিব নালাগে।
৮)কাৰো অপকাৰ কৰিব নালাগে।
৯) পিতৃ মাতৃ গুৰুজন আৰু ভগৱানৰ প্ৰতি বিশ্বাস ৰাখিব লাগে।
১০) যিকোনো অৱস্থাত নিজৰ মনোবল সাহস আৰু আত্মবিশ্বাস ৰাখিব লাগিব।
    অন্ততঃ এনেদৰে আমি আমাৰ  জীৱন কিছু পৰিমাণে হ'লেও সুন্দৰ আৰু সফল হিচাপে গঢ়  দিব পাৰিম বুলি আশা ৰাখিলোঁ।

   ✍️সীতা দেৱী, বিহপুৰীয়া

Post a Comment

Previous Post Next Post