নাৰী নিৰ্যাতন আৰু সমাজ ব্যবস্থা -ভাস্বতী কলিতা

Aditi Tanti
0
         বৰ্তমান সমাজ ব্যৱস্থাত নাৰীৰ ভূমিকা অপৰিসীম। নাৰীয়ে নিজৰ প্ৰতিভাৰে মানুহৰ অন্তৰ জয় কৰি আহিছে। এজনী নাৰী কাৰোবাৰ বাবে মাতৃ, কাৰোবাৰ বাবে পত্নী আৰু কাৰোবাৰ বাবে বাই-ভনী হিচাপে ভূমিকা পালন কৰি আহিছে। মাতৃ হিচাপে নাৰীয়ে সন্তান জন্ম দি লালন-পালন কৰি মানুহ ৰূপে গঢ় দিবলৈ চেষ্টা কৰে। পত্নী হিচাপে স্বামীৰ লগত সহযোগ কৰি দাম্পত্য জীৱন সুখময় কৰি তোলে। অথচ এই নাৰী যুগে-যুগে নিৰ্যাতিতা হৈ আহিছে। পুৰুষতান্ত্ৰিক সমাজ ব্যৱস্থাত নাৰী নিৰ্যাতনৰ ইতিহাস বহু পুৰণি। আগৰ কালত গিৰিয়েকৰ মৃত্যু হ'লে সেই চিতাত পত্নী গৰাকী জাপ দি মৰিব লগা হৈছিল। তাৰ পিছতো যি সকল বিধৱা মহিলা জীয়াই আছিল তেওঁলোককো বিভিন্ন নীতি নিয়মেৰে বান্ধি ৰাখি যমৰ-যাতনা দি জীৱন অশান্তি কৰি তুলিছিল। 

          আজিৰ এই সভ্যতাৰ যুগতো নাৰী নিৰ্যাতন নোহোৱা হোৱা নাই। বৰং নাৰী নিৰ্যাতিতাহে হৈ আছে। বিশ্বৰ উন্নত দেশবোৰত যদিও নাৰীয়ে পুৰুষৰ সমানে অধিকাৰ পাইছে আমাৰ দেশত কিন্তু সেইটো হ'বলৈ এতিয়াও বাকী আছে। কন্যা সন্তানে এতিয়াও নিৰ্যাতনৰ পৰা হাত সাৰিব পৰা নাই  

           এখন ঘৰত যদি দুজনী, তিনিজনী কন্যা সন্তান জন্ম হয়, তেতিয়া অৱহেলাৰ পাত্র হয় আমাৰ সমাজ পুৰুষ প্ৰধান হোৱা হেতুকে কাৰ্যালয়, উদ্যোগ আদিত কৰ্মৰত মহিলাই শাৰীৰিক আৰু মানসিকভাৱে নিৰ্যাতন সহিব লগা হয়। অধিকাংশ পুৰুষে উচ্চপদ আৰু দৰমহাৰ প্ৰলোভন দেখুৱাই মহিলাৰ ওপৰত যৌন উৎপীড়ন চলায়। 

             নাৰী ধৰ্ষণো বৰ্তমান সময়ত অতি পৰিচিত। বিগত কিছু বছৰৰ পৰা প্ৰতি দিনে বাতৰিকাকত, টিভিৰ নিউজবোৰত বিভিন্ন ঠাইত সংঘটিত ধৰ্ষণৰ ঘটনাই বাতৰিৰ শিৰোনাম দখল কৰি আহিছে। বিশ্বৰ প্ৰায়বোৰ দেশতেই এক ভয়াবহ সমস্যাৰূপে দেখা দিছে। ভাৰতৰ অন্য প্রান্তৰ দৰে অসমতো অতি দ্রুতভাৱে বৃদ্ধি পাব ধৰিছে নাৰী নিৰ্যাতনৰ ঘটনা। বহু নাৰীয়ে যৌতুকৰ কাৰণেও নিৰ্যাতিতা হ'ব লগা হয়। 

            মানৱ সভ্যতাৰ দ্ৰুত বিকাশ সত্বেও নাৰী নিৰ্যাতন হ্ৰাস পোৱা নাই বৰং বাঢ়িছেহে। ইয়াৰ কাৰণ আমাৰ সমাজ ব্যৱস্থা বাৰুকৈয়ে দোষী। আমাৰ সমাজ ব্যৱস্থাত পুৰুষসকলে নাৰীক সমপৰ্যায়ৰ নাগৰিক হিচাপে গ্ৰহণ নকৰাটোৱে নাৰী নিৰ্যাতনৰ অন্যতম প্রধান কাৰণ। 

          সমাজে নাৰীক অৱজ্ঞাৰ দৃষ্টিৰে চোৱাৰ বিপৰীতে সম দৃষ্টিৰে চালে এই নিৰ্যাতনৰ পৰিৱেশ নাইকিয়া হ'ব। এগৰাকী নাৰী যাতে স্বাধীনভাৱে জীয়াই থাকি সুস্থ নৱ প্ৰজন্মৰে দেশ জাতিক উন্নতি কৰি তুলিব পাৰে তাৰ বাবে সমাজ প্ৰশাসন, চৰকাৰে নিজ নিজ প্ৰচেষ্টা হাতত লোৱা উচিত। 





    

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)