বিৰিণাৰ মৰণ -দেৱ দাস

Aditi Tanti
0
“চাল্লা কুক্কুৰ, চুৱা খোৱা নিধক !” হঠাৎ তেনেই ওচৰৰ পৰা দিয়া ফুল ভলিউমৰ গালিটো শুনি থতমত খাই গলোঁ। পঢ়াৰ পৰা মূৰ তুলি ভয়ে ভয়ে তাৱৈ তথা ঘৰৰ মালিকলৈ চালোঁ।
  “ চম্ভালিব নোৱাৰ যদি নিচিলি কিয় ? ” কিবা চলাব নজনা বস্তু লোৱা আনকি হাতেৰে ছুই চোৱাও মনত নপৰেচোন ! সেপধুকি, সাহস গোটাই ক'লো ‘কি লৈছিলোঁ নো ? ’ বুলি সোধাৰ আগতেই পুনৰ গৰ্জিলে- 
     “ মগজত ঘোঁৰাৰ গোবৰ সোপা লৈ ফুৰিবি ! কু-চিন্তা লৈ ফুৰিবি ! পঢ়া-শুনাত মন নাই। দৰকাৰী বস্তুৰ কথা ক'ত মনত থাকিব ? আজিৰ পৰা, আজিৰ পৰা মোৰ কোনো বস্তুত হাত নলগাবি। কৈ থ'লোঁ। ”
    “তাৱৈ , মই কি .......” মোৰ প্ৰশ্নটো শেষ হোৱাৰ আগতেই , মোৰ কথালৈ মন নিদি মানুহজন অহাৰ দৰেই ঘূৰি গলগৈ। আচৰিত !ভাবিলোঁ , মানুহ জনৰ মূৰৰ দুই এটা নট বল্টু হয়তো ঢিলাও থাকিব পাৰে। অলপ পিছতে ভিতৰত আকৌ তৰ্জন-গৰ্জন কৰা শুনিবলৈ পাইছিলোঁ।মোৰ অলপ নহয় বেছিকৈয়েই ভয় লাগিল, চিন্তাও লাগিছিল। কি বা হ'ল ? কি বা কৰিলোঁ। ‌ ‌‌ পঞ্চলিছ বছৰৰ আগৰ এই ঘটনাটো এতিয়া হোৱা হ'লে ভাবিলোঁ হেঁতেন ‘বুঢ়াই মাল খাই ফিটিং হৈ আছে। ʼ যি আছে দেখা যাব বুলি আকৌ পঢ়াত মন দিবলৈ যত্ন কৰিলোঁ। মন নবহিল। পঢ়ি থকা ইংৰাজী ৰেপিদ ৰিদাৰ “The treasure Island ” খনৰ কাহিনীটোৰ পৰা ওলাই আহি এচকুৱা জলদস্যুটোৱে হাতত এখন দেগাৰ আৰু দাঁতেৰে কামুৰি আন এখন দেগাৰ লৈ মোক খেদি ফুৰিবলৈ ধৰিলে... উস !...     
   আমাৰ ফালৰ লʼৰা-ছোৱালীবোৰ হাইস্কুল শিক্ষান্ত পৰীক্ষা দিবলৈ, দুই-তিনি মাহ মানৰ কাৰণে মৰিগাঁৱত মেচ কৰি বা কোনো আপোন মানুহৰ ঘৰত থাকি লৈছিল। কাৰণ পৰীক্ষাৰ কেইদিন লাইন বাচ দুখনত ইমানেই ভিৰ হয় যে উঠাটোৱেই সমস্যা হয়। এবাৰ এজনে বাচত উঠিব নোৱাৰি এটা পৰীক্ষাকে দিব নোৱাৰিলে। ফলত তেওঁৰ পঢ়াও সিমানতে অন্ত পৰিছিল। সেয়েহে 
মোকো মাইৰ একে নামৰে যোৱা,
মৰিগাৱঁত থকা সখীয়েক হতঁৰ ঘৰতে থাকি পৰীক্ষা দিয়াৰ ব্যৱস্থা কৰি দিছিল। ইয়াৰ আগতে বেলেগত ক'তো এৰাতিও অকলে থাকি পোৱা নাছিলোঁ।আগ ফালৰ বাৰান্দা কোঠাটোতে থকাৰ ব্যৱস্থা কৰি দিছিল।প্ৰথম তিনিদিন দেউতা মোৰ লগতে আছিল। পিছত অভয় দি ঘূৰি গৈছিল । প্ৰথম দুদিন মান ৰাতি ভয়ত টোপনি নগৈছিল। খাবলৈও মন নগৈছিল। আমৈ বৰ মৰমিয়াল আছিল। মোক মায়ে মতাৰ দৰে ‘সৰুপাই’ বুলিয়েই মাতিছিল। ৰাতিও মাত লগাই সাহস দিছিল।ভাত ৰান্ধিব লগা নহৈছিল। নতুনকৈ চাহ খোৱাৰ অভ্যাসো কৰাইছিল। ‌ সেইদিনা তাত থকা পোন্ধৰ দিন হৈছিল। আগবেলা দেউতা আহি চাউল,খৰি,শাক পাচলি আৰু ডাঙৰ শʼল মাছ এটা দি থৈ গৈছিল। কোনোমতে অকলে থাকিবলৈ সাহস হৈছিল হে ,কি বা আপুৰুগীয়া সম্পদ ছুই নগৰত জগৰ লগালোঁ ! চিন্তা কৰি থাকোঁতেই আমৈয়ে ভাত খাবলৈ মাতিলে। ভয়ে ভয়ে চুচুক-চামাক কৈ গৈ পিৰাত বহি ভাত খাই থাকোঁতে, তাৱৈৰ গালিৰ মাজতেই গম পালোঁ যে তেওঁলোকৰ ডাঙৰ বাপুৱে সেইদিনা কলেজত নতুনকৈ কিনা ছাতিটো এৰি থৈ আহিল। কʼৰবাৰ পৰা আহি গম পাই তাৱৈয়ে কৰা , গালি-গালাজৰ ভাগ মোকো দিছিল। হয়তো খবৰটোও তেনেকৈয়ে দিছিল বা হেৰুৱাৰ বেদনা প্ৰকাশ কৰিছিল। তিনিদিন মানলৈ মাজে-মধ্যে সেই পৰ্বটো চলি আছিল। কোনোবা পৰত উগ্ৰ মূৰ্তি লৈ তাক মাৰিবলৈ খেদিও গৈছিল।
      পৰীক্ষালৈ এসপ্তাহ আছিল। এডমিট কাৰ্ড আনিবলৈ গৈ,ঘৰত হোৱা ভকত সেৱাৰ সেৱা লৈ , এৰাতি থাকি, পিছদিনা সন্ধিয়া ৰুম পাইছিলোঁ। চাহ খাই উঠি কিতাপ পঢ়িবলৈ লৈছিলোঁহে, ডাঙৰ বাপু খগেন ককাই, যাক নতুনকৈ খগেনদা বুলি মাতিবলৈ শিকাইছিল, দুবাৰ মান লাহে লাহে কপাল টুকুৰিয়াই টুকুৰিয়াই নিঃশব্দে মোৰ ৰুমত সোমাই আকৌ নিঃশব্দে ওলায়ো গৈছিল। ভাবিছিলোঁ, মই পঢ়িছোঁ নে কিবা ফাংফুং কৰি আছোঁ চেকিং কৰি আছে। এপাকত আহি নিজকে কোৱাৰ দৰে, মই শুনাকৈয়ে ক'বলৈ ধৰিলে-“ এতিয়া কাক কম ? কাক গালি পাৰিম ? ভুলটো মোৰেই হয় ! উস্ ভগবান ! ভাগ্যে মই নিনিলোঁ। নিলে ঘৰতে লঙ্কাকাণ্ড হ'লহেঁতেন।” মই কিবা বুজা বা সোধাৰ আগতেই আকৌ ওলাই গৈছিল। তেনেকৈ বহুপৰলৈ চলি থাকিল। মই উৰহীৰ ওৰ নেপাই ভাবিলোঁ ‘এই ফেৰা বা কিহৰ সংকেত ?’ সমস্যাৰ ভিতৰলৈ নগৈ নিজৰ পঢ়াত মন দিলোঁ।
    ভাতৰ পাতত বহি মান-অভিমান আৰু এক পক্ষীয় বাক্য বাণৰ পৰাই গম পালোঁ যে তাৱৈয়ে লৈ যোৱা খগেনদাৰ নতুন ৰভাৰ চাইকেলখন বজাৰৰ পৰা চুৰি হ'ল। উৰহীৰ ওৰ পালোঁ। ৰহস্যৰ অন্ত পৰিছিল যদিও তিনিদিন মানলৈ কাৰবাৰটো চলি আছিল।
    ...............

পৰীক্ষা শেষ হৈছিল। মা-দেউতা দুয়ো মোক নিবলৈ আহিল। পিছদিনা বিদায়। ৰাতি আমাৰ পুখুৰীৰ হাহঁ আৰু শʼল মাছৰ খানা চলিছিল। ওচৰতে পৰা জী-জোঁৱাই হঁতো আহিছিল। মাই আৰু আমৈ পাকঘৰত ব্যস্ত। বাকীবোৰে চোতালৰ জোনাকত বহি, কথাৰ মহলা মাৰিছিল।দেউতাহঁতৰ অতীতৰ হাঁহি ,তামাচা,ৰগৰে ভৰা ৰসাল কাহিনীয়ে পৰিৱেশটো জীপাল কৰি পেলাইছিল। এবাৰ চাইকেল চোৰৰ কথা ওলাইছিল।
     " চাইকেল চোৰ ? চাইকেল চোৰ বোলোতেই ঘটনা এটা মনত পৰিছে।” দেউতাই বেলেগ এটা কাহিনী আৰম্ভ কৰিলে। সাপ্তাহিক হাটৰ একাষত এজন মানুহে ছয়-সাত বছৰীয়া ল'ৰা এটাক এছাৰি এডাল লৈ বৰকৈ কোবাইছিল। ল'ৰাটোৰ চিঞৰত গগন ফালিছিল। মানুহ কেইজনমান চাপি গৈ কিয় তেনেকৈ মাৰিছে সোধিছিল। মানুহ জনে কৈছিল যে তেওঁৰ নতুন চাইকেল খনৰ চাবিটো লৰাটোৱে ক'ৰবাত হেৰুৱালে। সেইবাবে মৰিয়াইছে। কিছু আঁতৰত থকা চাইকেল মিস্ত্ৰী জনলৈ আঙুলিয়াই এজনে সিদ্ধান্ত দিলে । “তালৈ নি তলাটো ভাঙি দিলেই লেঠা মৰে। ল'ৰাটোক কিয় মাৰিব লাগে ?” কথা মতেই কাম হৈ গ'ল। পিছত চাইকেলৰ আচল‌ মালিক আহি চাইকেল নেপাই চিঞৰ-বাখৰ, কন্দা-কটা হাঁহাকাৰ লগাওঁতেহে সকলোৱে গম পালে যে সেই জনা চাইকেল চোৰহে আছিল। নতুন চাইকেল খন লৈ বাপ-বেতা উধাও হৈছিল। লৰাটোৱে মিস্ত্ৰীৰ হাতুৰীটোও লগত লৈ গৈছিল।
  .................

    আমি ঢেক-ঢেকাই হাঁহিছিলোঁ কিন্তু তাৱৈ আৰু খগেন দাই ইজনে সিজনলৈ চাই চাই মনে মনে এজন ভিতৰলৈ আৰু আনজন বাহিৰলৈ উঠি গৈছিল।

⚫দেৱ দাস 

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)