বৰষুণ-হিৰণ্যময়ী বৰুৱা

এজাক যেন বিষাদৰ বৰষুণ
হিলদৌল ভাঙি আহিল ওভতি
তাই হেনো খঙত মতিভ্ৰম
জোৱাৰ ভাটাৰ দৰে ব্যতিক্ৰম।
কৈলাসৰ নন্দিনী তাই
হিমালয়ৰ পাদদেশত বসতি
কোমল মনৰ তাই বিৰহী কিয়?
অজানিতে বৰষুণে কঢ়িয়াই আনে
এজাক যেন বৰষুণ।
তাইৰ ক'লা চুলি টাৰিত
কিয় বাৰু বিষাদেৰে মালা গাঠিছে!

হিৰণ্যময়ী বৰুৱা

Post a Comment

Previous Post Next Post