উন্মনা অভিমানী-দিপশিখা ৰাজকোঁৱৰ

©Admin
0
নাজানো কিয় জানো
মই ইমান অভিমানী
বিষাদৰ গান শুনি
আকাশৰ ধুনীয়া জোনটোক
মোৰ ক্ষোভৰ কথা কওঁ
আৰু তাতেই মই
স্বস্তিৰ নিশ্বাস পেলাওঁ।
মোৰ কেতিয়াও খং নুঠে
মই নাজানো খং কৰিব
মইতো অভিমানী ......
অভিমানহে কৰিব জানো।
অস্তগামী সূৰুযৰ ছায়াত 
মই জিৰাব নিবিচাৰোঁ
মই ঊষাৰ কিৰণৰ দৰে
বাস্তৱত বিচ্ছুৰিত হৈ থাকিব বিচাৰোঁ।
সপোনবোৰ উটি যাব খুজিলে
তাক ভেটা দিম......
হাঁহিবোৰ হেৰাই গ'লে
পুনৰ হাঁহিবলৈ প্ৰয়াস কৰিম
সেমেকা উশাহবোৰক 
মোৰ অভিমানেৰে আজীৱন
জীপাল কৰি ৰাখিম
কিয়নো মই উন্মনা অভিমানী।


দিপশিখা ৰাজকোঁৱৰ

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)