প্ৰত্যাশা- ৰিতু ৰশ্মি হাজৰিকা

Rinku Rajowar
0
শ্যামৰ মনলৈ অনৰ্গল চিন্তা আহি থকা হৈছে । হুমুনিয়াহ এটি কাঢ়ি দেৱালত আঁৰি থোৱা ঘড়ীটোলৈ চাই ভাবিব ধৰিলে যে নিশা প্ৰায় এঘাৰ বজালৈকে পূৰ্ণ হৈ থকা পথটোৰ কোলাহলবোৰ অস্বাভাৱিকভাৱে নিতাল মাৰিছে এইকেইদিন। হঠাতে মনত পৰিল আজি ডিচেম্বৰৰ পহিলা তাৰিখ। আজিৰ তাৰিখতে   ঠেঁটুৱৈ ধৰা ঠাণ্ডাবোৰৰ লগত তৰ্কা-তৰ্কি লাগিছিল তেওঁৰ, সেয়া যেন এক অঘোষিত আইনী শাসনহে  চলিছিল  চহৰখনত। গহীন কুহেলিকাবোৰৰ আৱৰণ ভেদি প্ৰচণ্ড শীতকো নেওচি নিজান ৰাস্তাটোত অকলশৰে ৰাজত্ব কৰি অহা মটৰখনৰ গতি এইবাৰ আগতকৈ কিছু মন্থৰ হ’ল। পুহমহীয়া হুৰহুৰাই বতাহজাকে ঠেৰেঙা কৰি পেলোৱা শ্যামৰ শৰীৰটোৱে সেইখিনি সময়ত একাপ গৰম চাহ আৰু এটি চিগাৰেটৰ আৱশ্যকতা বাৰুকৈয়ে অনুভৱ কৰিলে। পাচে তাৰ চাহিদাবোৰক নসাৎ কৰি ৰাস্তাৰ কাষৰ বন্ধ দোকানবোৰে তালৈ চাই যেন ঠাট্টাৰ সুৰেৰে  হাঁহিহে মাৰিলে।

"ধেৎ !” মটৰখনৰ ইঞ্জিন হঠাতে বন্ধ হ'ল ।ষ্টিয়াৰিংডালত ঢকা এটা মাৰি খংবোৰ উজাৰিলে শ্যামে। ঠিক একেটা সময়তে গৰাকীৰ পৰা সঁহাৰি বিচাৰি শ্যামৰ চেলুলাৰটোৱে এটা মৃদু কম্পনৰ সৃষ্টি কৰিলে ডেছবৰ্ডখনত।
”ৰ' গৈ আছো অ’ ৰ' পামগৈ অলপ পাছতেই কৈছিলোৱেইচোন অলপ পলম হ’ব বুলি।”
সহধৰ্মিনী সুনীতাই হাজাৰটামান প্ৰশ্নৰ উত্তৰ দুটা বাক্যতে সামৰি বিৰক্তিৰে ফোনটো কাষৰ ছিটটোলৈ দলিয়াই দিলে শ্যামে। এনেবোৰ সময়তে প্ৰচণ্ড খং এটা উঠে তাৰ; নিজৰ ওপৰতো, ডাক্তৰী পোছাকযোৰৰ ওপৰতো। দিনত হাস্পাতালত  নানা কেচ, নানান মানুহৰ নানা বেমাৰ নিৰাময় কৰি  আৰু নিশা ঘৰত সুনীতাৰ  অভিমানবোৰৰ লগত যুঁজি জীৱনক ধন্যবাদ  বুলি ক’বলৈ যেন একেবাৰেই পাহৰি পেলাইছে শ্যামে । দিনটোৰ ব্যস্ততাবোৰ সামৰি ঘৰ সোমোৱালৈ সদায়ে পলম হয় শ্যামৰ । সুনীতাই কেতিয়াবা বুজে, কেতিয়াবা যেন বুজিও নুবুজে।এইকেইদিন অশান্ত হৈ পৰিছে ঠাইখিনি; মহামাৰীৰ বিধ্বংসী ৰূপে জোকাৰি পেলোৱা চহৰখনত বিৰাজ কৰিছে এক অস্বাভাৱিক নিস্তব্ধতাই। কিন্তু এই মহামাৰী  ক'ৰ পৰা বিয়পিছে , কাৰ মুনাফাৰ বাবে হৈছে আনকি মহামাৰীৰ মূল উদ্দেশ্যই বা কি সেইয়াও এতিয়ালৈকে থিৰাং কৰিব পৰা নাই সচেতন মহলে। শ্যামৰ ব্যস্ততাবোৰ আগতকৈ বাঢ়িছে। পাব্লিকৰ গালি-শপনিবোৰ, মিডিয়াৰ প্ৰেচাৰ, ওপৰৱালাৰ অৰ্ডাৰবোৰ হজম কৰি কৰি চাবি দিয়া পুতলাৰ দৰে দৌৰি ফুৰিছে সিহঁতবোৰে। সাধাৰণ মানুহখিনিৰ মাজত একপ্ৰকাৰৰ অভিশঙ্কাৰ সৃষ্টি কৰিছে এই মহামাৰীয়ে । দিন কি ৰাতি কি মানুহবোৰে এলাপাকত বাহিৰলৈ আহিবলৈ এৰিছে, আহিলেও সোনকালেই আকৌ ঘৰলৈ ঘূৰিছে। যোৱা এটা মাহত ব্যস্ত চহৰখনক যেন একপ্ৰকাৰ মৰিশালিত পৰিণত কৰি পেলাইছে মহামাৰীয়ে।দিনটোৰ তিক্ততাবোৰ আৰু নিশাটোৰ হাড়কঁপোৱা বতাহবোৰৰ মাজত বিৰাট ভাগৰুৱা অনুভৱ কৰিলে শ্যামে। সময়ো যথেষ্ট হৈছিল তেতিয়া। ফৰেনছিক ৰিপৰ্টটো সংগ্ৰহ কৰি আগদিনা শটো প্লাষ্টিকেৰে  মেৰিয়াই স্পটটোৰ ওচৰ-পাজৰৰ মানুহখিনিক সান্ত্বনা দি  ঘূৰি অহালৈ বেছ দেৰিয়েই হৈছিল তাৰ। এইখিনি সময়ত ৰাস্তাটোত যে এখনো চাহৰ দোকান খোলা থাকিব তাৰ লেখমানো আশা নাই। গৰম লাল চাহ একাপ ঘৰতেই খোৱাৰ সিদ্ধান্ত কৰি গাড়ীখনৰ স্পীড আগতকৈ বঢ়াই দিলে শ্যামে। অৱশ্যে বেছি দূৰ আগবাঢ়িব লগা নহ’লেই সি। জনশূন্য ৰাস্তাটোৰ বাঁওকাষে তেতিয়াও গ্ৰাহকৰ অপেক্ষাত থকা চাহৰ দোকান এখন সহজেই পৰিদৃষ্ট হ’ল শ্যামৰ।

“বৰুৱা টি ষ্টল, খাই থাকক,  বিন্দাচ থাকক।”
নামফলকখন পঢ়ি অৱসাদবোৰৰ মাজতো এমোকোৰা হাঁহি ওলাই আহিল শ্যামৰ  ।  সেই সময়ত সৰু গুমটি এখন পোৱা হ’লেও শ্যামৰ  নিচিনা টিহ’লিক এটাই ঈশ্বৰক দেখা দি দেখিলেহেঁতেন। ইমানবোৰ বন্ধ দোকান অতিক্ৰম কৰি পঞ্চাশটাকৈ ফ্লেভাৰত চাহ উপলভ্য হোৱা দোকান এখন খোলা পাই সৰগ ঢুকি পোৱাৰ দৰে লাগিল তাৰ। নেদেখাজনক এগালমান ধন্যবাদ দি ৰাস্তাৰ দাঁতিত মটৰখন  ৰখাই দোকানখনৰ ভিতৰলৈ সোমাই গ’ল সি। ঠিক দোকান নহয় এটা আহল বহল কোঠা। এখন হাফ ৱালেৰে কোঠাটোক ভাগ কৰা হৈছে দুটা ভাগত। কোঠাটোৰ এটা ভাগত গ্ৰাহকৰ সুবিধাৰ্থে কেইবাখনো প্লাষ্টিকৰ টুল, এখন ড্ৰয়াৰ টেবুলৰ সৈতে এখন আৰামী চকী লগতে এলকহলযুুুক্ত চেনিটাইজাৰ  আৰু এটা কিতাপেৰে পৰিপূৰ্ণ আলমিৰা। সম্ভৱতঃ দোকানখনৰ মালিক এজন খুব ভাল কিতাপ পঢ়ুৱৈ; আজৰি সময়বোৰ চাগৈ তেওঁ পাৰ কৰে কিতাপবোৰৰ লগত। দোকানখনত সোমায়ে কিবা এটা ভাল লাগি গ’ল শ্যামৰ ।
“একাপ চাহ হ’ব নেকি?”
ষ্টলখনত উপস্থিত থকা একমাত্ৰ ব্যক্তিজন সেই সময়ত ব্যস্ত আছিল। বোধহয় দিনটোৰ ব্যস্ততাবোৰ সামৰি তেওঁ দোকান বন্ধ কৰাৰ যো-জা চলাইছে। শ্যামৰ মাতটোত ঘূৰি চালে মানুহজনে। দামী অভাৰকোট, ৰাউণ্ড ফ্ৰেমৰ ব্ৰেণ্ডেড চশমা, শ্মশ্ৰুবিহীন চিকুণ তেজগোৰা মুখখনৰ সৈতে ষাঠিৰ উৰ্দ্ধৰ মানুহজন বেছ আঢ্যবন্ত যেনেই লাগিল শ্যামৰ। হয়তো মানুহজন ষ্টলখনৰ মালিক।
”নিশ্চয় হ’ব। এই ঠেৰেঙা লগা জাৰবোৰ কাটিবলৈ একাপ গৰম চাহ বিচাৰি অহা আপোনাৰ দৰে মুছাফিৰসকলৰ বাবেইতো এই হেন ৰাতিলৈকে বোন্দাপৰ দি দি ৰৈ আছো।”
পাৱাৰ টিলাৰৰ ইঞ্জিনটোৰ দৰে ঢেক্ ঢেক্ শব্দ তুলি হাঁহি এটাৰে মানুহজনে উত্তৰ দিলে। অৱশ্যে তেওঁৰ ৰসিকতাৰ প্ৰতি অলপমানো আগ্ৰহ নেদেখুৱালে শ্যামে । সেই সময়ত কথা পতাতকৈও একাপ চাহ খাই সোনকালে ঘৰ কেনেকৈ পাব পাৰি তাৰ চিন্তাত আছিল শ্যাম।
“ছৰী অলপ ৰগৰ কৰিলোঁ। এইবোৰৰ মাজৰ কোনবিধ আপোনাৰ পচন্দৰ?”
বেৰখনত লগাই থোৱা বৰ্ডখন মানুহজনে আঙুলিয়াই দিয়াতহে চকুত পৰিল তাৰ। কাৰ্ডামম, চ’ক’লেট, মিণ্ট, ভেটিভাৰ, ক্ৰেনবেৰী, ষ্ট্ৰ’বেৰী ইত্যাদি ইত্যাদি পঞ্চাশবিধ বিভিন্ন ফ্লেভাৰৰ চাহৰ নামেৰে পৰিপূৰ্ণ বৰ্ডখন। এই সময়ত হাড়কঁপোৱা ঠাণ্ডাৰ পৰা শৰীৰটোক উপশম দিবলৈ সাধাৰণ লাল চাহ একাপেই যথেষ্ট আছিল তাৰ বাবে। বৰ্ডখনত চকু ফুৰাই বিমূৰত পৰিল শ্যাম। বৰ্ডখনত লিখি থোৱা প্ৰায় ৩৫টা মান ফ্লেভাৰৰ নাম হয়তো শ্যামে  সেই মুহূৰ্ততহে প্ৰথম শুনা পাইছে। সাংঘাতিকভাৱে ভাল পায় সি চাহৰ সোৱাদ লৈ; নিজকে চাহৰ ৰাগিয়াল  বুলি কেতিয়াবা কেতিয়াবা গৰ্বও কৰে সি বহুতৰ আগত। ভালেকেইটা ফ্লেভাৰৰ চাহৰ সোৱাদো লৈ পাইছে সি। তাৰ পাছতো মানুহজনৰ প্ৰশ্নটোৰ উত্তৰ দিবলৈ গৈ ভীষণ অপ্ৰস্তুত হ’ল শ্যাম ।“বাৰু ইয়াত থকা পঞ্চাশটা ফ্লেভাৰৰ আপোনাৰ আটাইতকৈ পচন্দৰ কোনবিধ?” মানুহজনৰ প্ৰশ্নটোৰ পৰা বাচিবলৈ বিশেষ কায়দাৰ ব্যৱহাৰ কৰিলে সি।

“আচলতে  মোৰ আটাইতকৈ পচন্দৰ ফ্লেভাৰটো মই গ্ৰাহকৰ বাবে ৰখাই নাই। সেইটো এটা স্পেচিয়েল ফ্লেভাৰ মোৰ বাবে। কাৰণ সেইটো মোৰ সম্পূৰ্ণ নিজা সৃষ্টি।” গৰ্বেৰে উত্তৰ দিলে মানুহজনে।
“কিয়, সেইটো ফ্লেভাৰ আনে টেষ্ট কৰিব নোৱাৰিব নেকি?”
“ওহো! কাৰণ এই সোৱাদৰ ভাগ নহয়।” কৈয়ে মানুহজনে আকৌ ঢেকঢেকাই হাঁহি দিলে।


“পিছে কিয় নাজানো এই মুহূৰ্তত মোৰ ঠাণ্ডাত কঁপি থকা শৰীৰটোৱে আপোনাৰ সেই বিশেষ চাহকাপৰহে সোৱাদ ল’বলৈ ইচ্ছা কৰিছে।”
মানুহজনৰ কথাবোৰলৈ লক্ষ্য কৰি চাহকাপৰ প্ৰতি কিবা এটা বিশেষ আকৰ্ষণ অনুভৱ কৰিলে শ্যামে।
“যি দেখিছো আপুনি সেই কাপ চাহৰ সোৱাদ লৈহে এৰিব। ভালেই হ’ল, এনেয়ো মই দোকান সামৰাৰ আগেয়ে এইকাপ চাহ খাৱেঁই বাৰু। আজি লগ এটাকে হ’ল নে কি কয়? আচ্ছা এনেই সুধিছোহে সকলো ডাক্তৰী মানুহ আপোনাৰ দৰেই চালাকনে বাৰু?”
মানুহজনৰ ৰসিকতাত এইবাৰ শ্যামেও সজোৰে হাঁহি দিলে। বয়স হৈছে যদিও মানুহজন ৰসিক, গ্ৰাহকক আকৰ্ষণ কৰিব পৰাৰ ভালেখিনি কায়দা তেওঁৰ আছে। অলপমান কথা পাতিয়ে সেয়া অনুমান কৰিব পাৰিছে সি।    শ্যামক অলপ সময়   বহিবলৈ দি গেছৰ ষ্ট’ভটো অন কৰি চচপেনটো তুলি দিলে মানুহজনে। মানুহজন কথকী, চাহ বনোৱাৰ সময়খিনিও তেওঁ ইটো সিটো কথা আৰম্ভ কৰি দিলে শ্যামৰ  লগত। বোধহয় তাক ডাক্তৰী পোছাকত দেখি বেছিয়েই যেন আগ্ৰহ দেখুৱাইছে তেওঁ। ষাঠিয়ে গৰকা মানুহজনৰ নাম যোগেশ গগৈ, জন্মসূত্ৰে যোৰহাটৰ; পিছে এতিয়া এইখন চহৰৰ স্থায়ী বাসিন্দা। গগৈ  তাহানিৰ দিনৰে এগ্ৰি গেজুৱেট। টি হাজবেন্দ্ৰি এণ্ড টেকন’লজিত মাষ্টাৰ্চ কমপ্লিট কৰাৰ পাচত তেওঁ টি বৰ্ডৰ চাকৰিত সোমাল, নিজাকৈ ঘৰ-সংসাৰ এখনো হ’ল। তাৰ পাছত ব্যস্ততা মাথোঁ ব্যস্ততা। জীৱনটোত গগৈয়ে বহু কিবাকিবি পালেও, বহু কিবাকিবি হেৰুৱালেও। তেতিয়াৰ পৰা এতিয়ালৈ বহুখিনি সলনিও হ’ল; কিন্তু সেই তেতিয়াৰ পৰা গগৈৰ  চাহৰ লগত যি সম্বন্ধ সেইয়াহে এতিয়ালৈকে একেই থাকিল।

“চাকৰি কৰি থাকোঁতেই তেওঁ ঢুকাল। একমাত্ৰ ল’ৰাটো বহিৰত এতিয়া ৱেল এষ্টাব্লিচড্‌। অকলে অকলে অৱসৰৰ সময়বোৰ পাৰ কৰিবলৈ বৰ কঠিন। সেইকাৰণেই এইখন খুলি ল’লোঁ। ভাবিলোঁ, চাকৰিৰ জীৱনটো চাহৰ লগতেই কটালোঁ যেতিয়া বাকী দিনকেইটাও চাহৰ লগতেই কটাও। এতিয়া পিছে ভাল লাগে, দিনটো বিভিন্ন  মানুহক লগ পাওঁ, দুই এষাৰ কথাও পতা হয়।”
মানুহটো কথাচহকী, আধাবলিয়া ইত্যাদি ইত্যাদি; একপ্ৰকাৰ ভুল ধাৰণাই কৰি পেলাইছিল শ্যামে । গগৈৰ  কথা-বতৰাবোৰে তাৰ মনটোত গোজ লোৱা ধাৰণাবোৰেই সলাই পেলালে পলকতে। প্ৰভাত কাকতিৰ প্ৰতি শ্ৰদ্ধাত অজানিতেই মূৰটো দোঁ-খাই আহিল শ্যামৰ।
“টি বৰ্ডত থাকোঁতেই অদ্ভুত নিচা এটাই লগ লৈছিল মোৰ। যেতিয়াই সময় পাওঁ বিভিন্ন বস্তু চাহৰ লগত যোগ দি বেলেগ বেলেগ ফ্লেভাৰ বনাই সোৱাদ লৈ চাওঁ। এইবোৰ কৰি কৰি কোনোবা এখিনিত সাংঘাতিক ধৰণে টি এডিক্টেদ হৈ পৰিলোঁ মই। মাজতে মোৰ এনে হৈছিল সদায় এটা নতুন ফ্লেভাৰৰ সোৱাদ ল’বলৈ মন যায়। কিন্তু কিয় জানো এটা ফ্লেভাৰ একেৰাহে দুবাৰ টেষ্ট কৰাৰ পাছত আকৌ তৃতীয়বাৰ তাৰ সোৱাদ ল’বলৈ মন নোযোৱা হয় মোৰ। আৰু সেইবাবে সদায়ে এটাকৈ নতুন বস্তু যোগ দি মই একাপ একাপ চাহৰ জুতি লওঁ। এইবোৰ কৰি কৰি হয়তো নিজেই নজনাকৈয়ে মই অসংখ্য চাহৰ ফ্লেভাৰ আৱিষ্কাৰ কৰি পেলালোঁ। আপুনি হয়তো বিশ্বাস নকৰিব এই বৰ্ডখনত থকা পঞ্চাশটা ফ্লেভাৰৰ বেছিভাগেই মোৰ নিজৰ আৱিষ্কাৰ।” জীৱনৰ অভিজ্ঞতাৰেপুষ্ট ৰসাল কথাবোৰ কৈ থকাৰ মাজতেই চাহ কৰা পৰ্ব শেষ হৈছিল গগৈৰ ।
“এণ্ড ডা টি ইজ ৰেডি।”
কাঁচৰ দুটা কাপত দুভাগ চাহ সুন্দৰকৈ সজাই আনি একাপ শ্যামলৈ আগবঢ়াই দিলে তেওঁ। তেজৰঙীন একাপ চাহ! উদগ্ৰ সুঘ্ৰাণ, আকৰ্ষণীয় ৰঙেৰে ধূৱাচ্ছন্ন চাহকাপ হাতত লৈ মোহাচ্ছন্ন হৈ পৰিল শ্যাম। ইমান সময়ে গগৈৰ  সৰস কথাবোৰে শ্যামৰ  অৱসন্নতাবোধ ভালেমান দূৰলৈ ঠেলি পঠিয়াইছিল। স্পেচিয়েল চাহকাপ হাতত লৈ আগ্ৰহেৰে চুমুক দিলে শ্যামে। আহ! কি অপূৰ্ব সোৱাদ আছে এই ৰঙীন চাহ কাপত। আদা, তুলসী, ইলাচী, ডালচেনি ঢালি হাজাৰ চেষ্টা কৰিলেও মানুহে এনেকুৱা এটা সৰ্বোৎকৃষ্ট সোৱাদৰ সৃষ্টি কৰিব নোৱাৰে। মচলা চাহ? নাই তুলনাই হ’ব নোৱাৰে এই কাপৰ সৈতে। কেইবাটাও স্পেচিয়েল ফ্লেভাৰৰ চাহ পূৰ্বে টেষ্ট কৰিছে সি, যোৱাবছৰ চেন্নাই যাওঁতে এশটা ফ্লেভাৰৰ চাহ পোৱা এখন ষ্টলত একে বহাতে দহটামান ফ্লেভাৰ টেষ্ট কৰি অহা মানুহ শ্যাম। কিন্তু এই কাপ চাহৰ দৰে সোৱাদ আৰু সুঘ্ৰাণ? নাই, সি নালাগে তাৰ দৰে বহুসংখ্যক চাহপ্ৰেমীয়ে সোৱাদ লৈ পোৱা নাই এনে একাপ চাহৰ। সম্ভৱতঃ কিবা এক আচৰিত বস্তু ব্যৱহাৰ কৰিছে গগৈয়ে যিটো আন কোনোৱেই নাজানে একমাত্ৰ তেওঁৰ বাহিৰে; হয়তো তেওঁ কাকো জানিবলৈও দিয়া নাই।
“ৱাহ! হোৱাট্‌ এ টেষ্ট। সঁচাকৈ আপোনাৰ হাতত যাদু আছে।” প্ৰশংসাত পঞ্চমুখ হৈ পৰিল শ্যাম । দিনটোৰ তিক্ততাবোৰক ইতিমধ্যেই দূৰলৈ খেদি পঠাইছিল চাহকাপে।

“এক্সুৱেলী এই কাপ চাহৰ সোৱাদ লোৱাৰ সৌভাগ্য এতিয়ালৈকে মাত্ৰ ছয়জন ব্যক্তিৰহে হৈছে। আপুনি সৌভাগ্যৱান। আৰু তাতোকৈ আচৰিত কথা কি জানে এতিয়ালৈকে এইকাপ চাহৰ সোৱাদ লৈ পোৱা কেইজনে দ্বিতীয়বাৰলৈ আৰু আন ফ্লেভাৰৰ চাহৰ সোৱাদ লৈয়ে পোৱা নাই৷” ঈষৎ হাঁহি এটা মাৰিলে গগৈয়ে।
“আৰে ৱাহ্‌। পিছে এইটো ফ্লেভাৰৰ নামটো জানিবলৈহে মোৰ বিৰাট ইচ্ছা হৈছে। ক্ৰেনবেৰী ফ্লেভাৰ নেকি?” এনেকুৱা একাপ ৰঙীন ফ্লেভাৰৰ চাহৰ সোৱাদ আগতেও লৈছে সি। কিন্তু সেইকাপৰ সোৱাদ আজিৰ কাপতকৈ সম্পূৰ্ণ বেলেগ আছিল। তথাপিও নামটো জনাৰ আপাহতে শূন্যতে এককোব ঘূৰাই চালে শ্যামে।
“জেতুলীপকা? নাই তুলনাই নহয় এইকাপৰ লগত।” আকৌ এটা ৰহস্যময় হাঁহি গগৈৰ ।
“তেন্তে চিউৰ টেঙামৰা।” আকৌ এবাৰ চেষ্টা কৰি চালে সি৷
“ওহো, বোলে কয়েই নহয় গছৰ গুটি খাবা নাম নক’বা। আজি নাম নজনাকৈয়ে টেষ্ট লওকচোন বাৰু নে কি কয়।” চান্স পালেই ৰসিকতা ঢলাত কৃপণালি নকৰে গগৈয়ে। এইবাৰো তাৰ ব্যতিক্ৰম নহ’ল।
”আচ্ছা এতিয়া আপোনাৰ সেই আগৰ অভ্যাসবোৰ আছে নে। মানে সদায়ে নতুন নতুন বস্তুৰে চাহ কৰা অভ্যাসটো।” চাহ কাপ শেষ হোৱালৈকে এটা নতুন প্ৰশ্নৰ অৱতাৰণা কৰিলেই শ্যামে । নাই  ই নতুন ফ্লেভাৰৰ চাহবিধৰ সৃষ্টি কৰাৰে পৰা সেইবোৰ অভ্যাস মোৰ নাইকিয়া হৈছে। এই ফ্লেভাৰটোৰ চাহকাপত সাংঘাতিক সোৱাদ এটা পাওঁ মই। যেন কিবা এটা অদ্ভুত নিচা আছে ইয়াৰ। এতিয়া মোৰ এনে হৈছে দিনটোত এনেকুৱা দুকাপ চাহ খাবলৈ নাপালে মোৰ শৰীৰটোৱে শান্তি নাপায়। আৰু কি জানে আন ফ্লেভাৰৰ চাহত মই আজিকালি অকণো সোৱাদেই নাপাওঁ, মানে খাবলৈ এৰিয়েই দিছো প্ৰায়।” হাঁহি হাঁহি উত্তৰ দিলে গগৈয়ে।
“এনি ৱে এই ডিচেম্বৰ মাহৰ ৰাতিখন আপোনাক লগ পাই এটা ভাল অভিজ্ঞতা হ’ল মোৰ। থেংক ইউ চ’ মাচ যে আপোনাৰ আটাইতকৈ ফেভৰিট স্পেচিয়েল চাহকাপৰ সোৱাদৰ ময়ো অংশীদাৰ হ’বলৈ পালোঁ।” খালী হোৱা কাপটো ট্ৰেখনত ৰাখি কৰমৰ্দনৰ উদ্দেশ্যি হাতখন আগবঢ়াই দিলে নিলয়ে, প্ৰত্যুত্তৰত গগৈয়ে।
”উফফ!” অজানিতে চিৎকাৰ এটা ওলাই আহিল শ্যামৰ মুখেৰে। সোঁহাতৰ তলুৱাখনত এটা মৃদু খোঁচ অনুভৱ কৰিলে শ্যামে ।  যেন চেফটি পিন এটাৰ দৰে কিবা এটাই খুচি দিয়া হৈছে তাৰ ডিঙিত । গগৈৰ  হাতটোৰ বন্ধনৰ পৰা নিজৰ হাতখন উলিয়াই আনিলে সি। লাহে লাহে কাহ আহিব লৈছে । শ্যামে কিবা এটা বুজি উঠাৰ পূৰ্বেই তাক আচৰিত কৰি  গগৈৰ  সেই অবিকল্প হাঁহিটোৱে সেই সময়ত কঁপাই তুলিলে নিশাটোৰ নিস্তব্ধতাবোৰক। গগৈৰ  সোঁহাতখনে তেওঁৰ পিনে আগবঢ়াব ধৰোঁতে তেতিয়া শ্যামে বাধা প্ৰদান কৰিলে ।সন্দেহৰ পোক এটাই হঠাৎ উকমুকাই উঠিল শ্যামৰ মনটোত।

দেহাটো ক্ৰমাৎ চেঁচা পৰি যোৱাৰ দৰে লাগিল শ্যামৰ । মূৰটোও যেন গধুৰ হৈ আহিছে আগতকৈ, দৃষ্টিশক্তিবোৰো যেন ক্ৰমশ ধূসৰ হৈ আহিছে তাৰ। শৰীৰত থকা শক্তিবোৰো যেন শেষ হৈ আহিছে শ্যামৰ । অৱশ হৈ পৰা শ্যামৰ  শৰীৰটোক  কোঠাটোত থকা আৰামী চকীখনত বহুৱাই দিলে গগৈয়ে।
“আপুনি বোধহয় ভাগৰিছে। লেট মি হেল্প ইউ।”
ৰহস্যাবৃত হাঁহি অলপ কুুুহুমিয়া গৰম পানী কৰি আনিলে গগৈয়ে। এইখিনিটো মানুহে  ব্যৱহাৰ কৰে। মানুহটোৰ আচহুৱা কাণ্ড কাৰখানাবোৰে সন্দেহৰ পোকটো যেন ক্ৰমাৎ বঢ়াই আনিলে শ্যামৰ। ব্ৰেণ্ডেড চশমা জোৰৰ তলৰ চকুজুৰিৰ কুটিল চাৱনিটোৱে যেন বহু কথাই কৈ গ’ল শ্যামক।
”ইটচ এ ট্ৰেপ, ইটচ এ ট্ৰেপ।” ধূসৰতাৰ মাজতো সম্পূৰ্ণ ছবিখন স্পষ্ট হৈ পৰিল শ্যামৰ  চকুৰ আগত। চিঞৰি উঠিল শ্যামে , পাচে শ্যামে  চিঞৰখিনিকো তল পেলাই উচ্চস্বৰত বাজি উঠা গগৈৰ  উদ্ভট হাঁহিটোত ৰজনজনাই গ’ল সমগ্ৰ কোঠাটো, যেন এক অট্টহাস্য। ইতিপূৰ্বে হোৱা মহামাৰীৰ আতংকই  নিৰ্মমভাৱে হত্যা কৰিছে তেওঁলোকক। ফৰেনছিক ৰিপৰ্টটোত সকলোবোৰ কথাই স্পষ্ট হৈ আছিল। গগৈয়ে  ঠিকেই কৈছিল শ্যামক। স্পেচিয়েল চাহৰ সোৱাদ যি ছয়জনে লৈ পাইছে তেওঁলোকে আৰু আন ফ্লেভাৰত চাহৰ সোৱাদ লৈয়ে পোৱা নাই। নিজৰ অজ্ঞতাৰ ওপৰতেই ধিক্কাৰ জন্মিল শ্যামৰ । আহ! কি চমৎকাৰ প্লেন! আচলতে সন্দেহ কৰিব পৰাকৈ একো অৱকাশেই ৰখা নাছিল মানুহজনে। শৰীৰত বাচি থকা শক্তিখিনিৰে শেষ চেষ্টা এটা চলোৱাৰো সুবিধা নাপালে শ্যামে। দুৰ্বল  হৈ পৰা শ্যামৰ মুখত অলপ গৰম পানী খোৱাই দিলে গগৈয়ে। ষাঠিৰ উৰ্দ্ধৰ ওস্তাদ চিকাৰীজনৰ ক্ৰুৰতাবোৰৰ ওচৰত যেন অকাতৰে আত্মসমৰ্পণ কৰি পেলালে শ্যামে ।

“ৱাহ! কি ধুনীয়া কালাৰ! কাইলৈৰ ৰাতিপুৱাৰ স্পেচিয়েল চাহ কাপ! অহ গ’ড ইট ৱিল বি এ ভেৰী ডিলিচিয়াছ ৱান৷”
কাহি থকা দেখি বিস্ময়কৰ শব্দ এটা কৰি জিহ্বাখনেৰে এক অদ্ভুত ধৰণেৰে টকালি পাৰিলে  গগৈয়ে। ইলেকট্ৰিক বাল্বটোৰ ক্ষীণ পোহৰবোৰৰ মাজতো মানুহটোৰ পৈশাচিক হাঁহিটো নাওনিমিতকৈ চকুত পৰিল শ্যামৰ ।
“ৱেইট ৱেইট, য়ু ৱানা ন’ দ্য নেম অফ ডেট স্পেচিয়েল ফ্লেভাৰ না? ইট্‌জ নেম ইচ অলচ’ স্পেচিয়েল। মাই অল টাইম ফেভৰিট টি– দ্য ড্ৰাকুলা টি।”
ক্ৰমশঃ অৱশ হৈ পৰা শ্যামৰ  শৰীৰটোৰ ওচৰত ফুচফুচাই উঠিল ৰহস্যময় মানুহজনে। নিশা তেতিয়া প্ৰায় দহ বাজিবৰেই হৈছিল। দুঃসহ যন্ত্ৰণাত মৰণোন্মুখ হৈ পৰা শ্যামৰ  চক্ষুজুৰি আৰু নিস্তব্ধ ৰাস্তাটোৰ কাষত খোলা থকা একমাত্ৰ দোকানখনৰ মুখ্য দুৱাৰখন বন্ধ হৈ পৰিল একে সময়তে।



ৰিতু ৰশ্মি হাজৰিকা
     বিশ্বনাথ চাৰিআলি 
   ফোন নং ৯৭০৬৬১৬৪৩৫

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)