প্ৰখৰ ৰ'দতো কঙাল ভৰিৰে
ঘূৰি ফুৰিছো মই....!!
বহুতকে খুজিছোঁ সহায়ৰ
ভিক্ষা কিন্তু নাই মই
যে অসহায়.....!!
বিচাৰি ফুৰিছো ক্ষুদ্ৰ
সহায় কিন্তু নাই কোনো
মানুহ আগুৱাই নাহিল
মোক সহায় কৰিবলৈ ।
মোৰ তপত অশ্ৰুবোৰে যে
বিচাৰি ফুৰিছিল এটি শান্তিৰ
ঠিকনা...কঙাল ভৰি খন যে
আগুৱাই নায়ায় কিন্তু কি
কৰিম মই যে অসহায়.....!!!
মোক দেখি মানুবোৰে
পিছুৱাই গৈছে কিন্তু মই
খুজিছিলোঁ সাহস দিবলৈ
এষাৰ মাত কিন্তু নাই
সেই মাতষাৰ দিবলৈ যে
মোৰ কাষত কোনো নাই
সময়ে কি দিলে মোৰ ঠিকনা
চাৰিওফালে দেখোন অন্ধকাৰ
কোন দিশে আছে পোহৰৰ
সুৰুঙা আজি মই বিচাৰি
ফুৰিছো , কিন্তু মই যে
অসহায়......!!!
নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ