মোৰ বাবে বাট চাবা অনামিকা -মনোৰমা দাস

Aditi Tanti
0
 অনামিকা মই উভতি যাম          
মোৰ বাবে বাট চাবা                  
বাট চাবা মই যামেই                   
তোমাৰ অন্তৰ তীখা কৰা           
শীতৰ কুঁৱলীৰ মাজতো বাট চাবা                                     

অনামিকা মই যামেই দুু:খ নকৰিবা........... শৰতৰ ৰূপালী বৰষুণ              
আৰু ইয়াৰ অৱসাদৰ মাজতো বাট চাবা অপেক্ষা কৰা                            
আন কোনেও বাট নাচালেও       
তুমি বাট চাবাই অনামিকা      
বাট চাবা বতাহ আৰু প্ৰচণ্ড ধুমুহাৰ মাজতো বাট চাবা গ্ৰীষ্মৰ জুইৰ মাজতো অনামিকা মোৰ চিঠি যোৱা বন্ধ হলেও আশাৰে অপেক্ষা কৰিবা ........ প্ৰিয়তমা মোৰ! 
যিয়ে কয় মই ঘূৰি নাযাম 
সেই সকলৰ পৰা আতৰি থাকা ধৈৰ্য্য ধৰিবলৈ শিকা                   
মোৰ বন্ধুসকলক কবলৈ দিয়া    
তেওলোকৰ দয়া-সহানুভূতিৰ 
 শব্দবোৰলৈ মন নিদিবা             
মোৰ বাবে বাট চাবা              
 মোৰ সমৃতিৰ নামত যদি 
তেওলোকে মদ পান কৰাবলৈ বাধ্য কৰায় 
তুমি তাত যোগ নিদিবা অনামিকা মোৰ ! মোৰ বাবে বাট চাবা ! তোমাৰে মোৰেই দেখা দেখি হ'বই এদিন তোমাৰ ওচৰলৈ উভতি যামেই তেওলোকক ক'ব দিয়া ই যে এক অদৃষ্টহে সকলো বিভিষীকা পাৰ হৈ        
মৃত্যুৰ প্ৰত্যেকটো সম্ভাৱনা চেৰাই 
মই যে নিৰাপদে ঘূৰি যামেই অকল তুমি আৰু মইহে জানোঁ কিয়নো পৃথিবীত অকল তুমিহে মোক স্থিৰভাৱে দৃঢ়ভাৱে অপেক্ষা কৰি আছা অনামিকা মই তোমাৰ ওচৰলৈ 
ঘূৰি নাযাম বুলি          
কিয় ভয় খাইছা ?                     
কোনোদিনেই প্ৰশ্ন নকৰিবা .... কাৰণ হৃদয়ত প্ৰশ্ন য'ত বিন্দুমাত্ৰ নাই ------ উত্তৰৰ অৱকাশ ক'ত ?             
উত্তৰৰ অৱকাশ ক' ত ?

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)