পুৱতি তৰাৰ সপোন-শেৱালি বৰুৱা শইকীয়া

©Admin
0
পুৱাই গুঞ্জনে এখন কোমল হাতৰ চেঁচা পৰশত অনিদ্ৰাত অৱশ হোৱা চকুযুৰি মেলিয়ে সম্মুখত তপস্যাক দেখি সপ্ৰতিভ হ'বলৈ চেষ্টা কৰিলে।। তপস্যাই "হেপ্পী মেৰেজ এনিভাৰ্চেৰী দেউতা"" বুলি গুঞ্জনক সাৱটি ধৰি কঁপালত এটা মিঠা চুমা আঁকি দিলে।
গুঞ্জনেও  তপস্যাক মোৰ "পুৱতি তৰাজনী" বুলি তাইৰ স্ট্রেইট কৰা চুলিকোচাৰ মাজত হাত বুলাই দি মৰম কৰিলে।আন দিনা হোৱা হ'লে গুঞ্জনক তপস্যাই তাইৰ চুলিৰ শ্বেপ বেয়া কৰা বুলি থেনথেনাই আহিলহেঁতেন।কিন্তু আজিৰ এই বিশেষ ক্ষণটো তপস্যাই দেউতাকৰ
বাবে বিশেষ কৰি ৰাখিবলৈ অলপ বুজা হোৱাৰে পৰা আপ্ৰাণ চেষ্টা কৰি আহিছে।
সিহঁতৰ "শ্ৰদ্ধা কুটীৰ''ত আজিৰ এই দিনটোত সকলোৱেই বিশেষভাৱে সাজু 
 হৈ পৰে। শ্ৰদ্ধাৰ উপস্থিতি আজিও   এইখন ঘৰৰ প্ৰতিজন সদস্যই আত্মিক ভাৱে অনুভৱ কৰে।বিবাহ বাৰ্ষিকীৰ  এই বিশেষ দিনটোত গুঞ্জনে শ্ৰদ্ধাৰ বাবে তেওঁৰ প্রিয় ৰজনীগন্ধা ফুলৰ থোপাটো নিজ হাতে  বাগিচাৰ পৰা ছিঙি আনি শ্ৰদ্ধাৰ ফটোখনৰ সন্মুখত সজাই থয়হি। তাৰপিছত শ্ৰদ্ধাৰ প্রিয় আকাশ ৰঙৰ চাৰ্টটো পিন্ধি গুঞ্জনে তপস্যাক লৈ সিহঁতৰ প্রিয় ঠাই খনলৈ যায়।আজিও তাৰ ব্যতিক্ৰম নহ'ল।  গুঞ্জনে শ্ৰদ্ধাৰ ফটোৰ সন্মুখত তেওঁৰ প্রিয় ৰজনীগন্ধা ফুলেৰে সুভাশিস যাছি এটা মিঠা চুমা ফটোখনতে  উপহাৰ দিলে। 

 এইবাৰ তপস্যাই শুক্লেশ্বৰ মন্দিৰত এভাগ পূজা আগবঢ়াবলৈ দেউতাকৰ পৰা অনুমতি লৈছে।গুঞ্জনে তাৰ পুৱতি তৰা মানে পৰীৰ একো কথাই আজিলৈকে অমান্য
 কৰিব পৰা নাই। আৰু ভৱিষ্যতেও  চাগে  অমান্য কৰিব নোৱাৰিব বুলিয়েই গুঞ্জনে ভাৱে।

আজি পৰীৰ মনতো এক গভীৰ প্ৰশান্তিয়ে আহি দোলা দিছেহি। আজি পৰীয়ে মাকৰ ৱাৰড্ৰপটো খুচৰি এযোৰ আকাশ নীলা পাটৰ কাপোৰ পিন্ধি তাৰ লগত মিলাকৈ এটা সৰু বিন্দী লগাইছে। কাণত এযোৰ সেইটো কালাৰৰে ইয়েৰিং পিন্ধিছে। গুঞ্জনে গাড়ীৰ হর্ণটো জোৰকৈ বজাই দিয়াত পৰীয়ে শেষ বাৰৰ কাৰণে নিজকে আইনাত চাই মাকৰ ফটোখনত চুমা এটা খাই দৌৰি আহি গাড়ীত বহিলহি। গুঞ্জনে পৰীক সন্মুখত নীলা কাপোৰ সাজেৰে দেখি ক্ষন্তেক সময়ৰ কাৰণে  দুচকু জপাই দিছিল। সেই স্পর্শক   আকৌ এবাৰলৈ গুঞ্জনে হৃদয়ত সিঁচি  ল'লে। এইয়া  গুঞ্জনৰ সন্মুখত বহি আছে   প্ৰাণৰ প্ৰতিমা শ্ৰদ্ধাৰেই  অনুবিম্ব । 
  মন্দিৰত সোমাই পূজাৰ কাম সমাপ্ত কৰি পৰী দেউতাকৰ সৈতে শুক্লেশ্বৰ ঘাটলৈ আহিল। সেই প্রিয় ঠাইখনৰ আপোন যেন লগা শব্দবোৰৰ আকুলতাই আজি গুঞ্জনক বৰকৈয়ে আমনি কৰিলেহি।।সেই আগৰ ব্ৰহ্মপুত্ৰৰ মোহনীয় পৰিৱেশ নাই যদিও গুঞ্জনৰ হৃদয়ত আজিও অঁকা হৈ থাকিল সূৰ্যাস্তৰ সেই মোহনীয়া বেলিটিৰ অপৰূপ স্পর্শ। আজি তাৰ আৰু শ্ৰদ্ধাৰ বাইছ বছৰীয়া বিবাহ বাৰ্ষিকী। শ্ৰদ্ধা তাৰ জীৱনৰ পৰা আঁতৰি যোৱা আজি বিশটা বছৰত  এবাৰলৈও গুঞ্জনে অনুৰঞ্জনা সেই নাৰীৰ মুখখনক পাহৰিব পৰা নাই। আকণ্ঠ সুৰাত ডুবি থাকিব পৰাকৈ সি আজিও মাতাল হ'ব নোৱাৰিলে একমাত্ৰ পৰীৰ বাবেই। আজি সিহঁতৰ যুগ্ম জীৱনৰ সাক্ষী পুৱতি তৰাক তাৰ আৰু শ্ৰদ্ধাৰ অকথিত জীৱন ডায়েৰীৰ প্ৰতিটো পৃষ্ঠাৰ কথা অকপটে স্বীকাৰ কৰিবলৈ যোৱা এটা সপ্তাহ ধৰি নিজৰ লগতেই যুঁজি আছে। 
মন্দাক্ৰান্তা নিৰৱধি সেই অন্তঃসলীলা  প্ৰেমৰ ফল্গুধাৰা তাৰ মৃত্যুৰ লগে লগেই চাগে নিৰ্বাপিত হৈ পৰিব চিৰদিনৰ বাবে। তপস্যাই দেউতাকৰ বাবে চুগাৰ ফ্ৰী ক্ষীৰ ঘৰতেই প্ৰস্তুত কৰি আনিছে।ধনীকাইক দেউতাকৰ প্রিয় আঁৰি মাছৰ জোলখন  আফু গুটিৰে ৰান্ধিবলৈ দিহা দি আহিছে।দিল্লী বিশ্ববিদ্যালয়ত স্নাতকোত্তৰ শ্ৰেণীত অধ্যয়ন কৰিবলৈ যোৱাৰ আগতে তাই দেউতাকক মানসিকভাৱে কিছু মুক্ত কৰি দিবলৈ বিচাৰিছে।সেয়েহে আজি তাই দেউতাকৰ মুখৰ পৰা "পুৱতি তৰা""ৰ কাহিনী শুনিবলৈ বৰকৈয়ে  উদবাউল হৈ পৰিছে।

  পৰীক কথাখিনি কোৱাৰ আগতেই গুঞ্জনে তাইৰ পৰা এটাই মাথোঁ প্ৰতিশ্ৰুতি বিচাৰিলে যাতে তাই দেউতাকক কোনো দিনেই ভুল নুবুজে। কাৰণ তেওঁ শ্ৰদ্ধাক বচাব নোৱাৰিলে।  আইতাকৰ মুখত তাই জনা হোৱাৰে পৰা মাক আৰু দেউতাকৰ কথাবোৰ শুনি আহিছে।কিন্তু আজি বিশ বছৰে একুৰা জ্বলা জুইৰ উত্তাপ বুকুত কঢ়িয়াই তাইক মানুহ কৰা দেউতাকৰ পৰা শুনিবলৈ আজি পৰীয়ে ইচ্ছা কৰিছে।বুকুৰ অকথিত ঠিকনাটোৰ ভাঁজত লুকুৱাই থোৱা জীৱনৰ দুৰ্বিসহ পৃষ্ঠাবোৰ দেউতাকে কাৰোবাক এবাৰলৈ খুলি দিলে অন্ততঃ এমুঠি সুখৰ বতাহ ভগ্ন হৃদয়খনলৈ প্ৰবাহিত  হ'ব বুলিয়েই আজিৰ এই বিশেষ দিনটোত পৰীৰ এই প্ৰচেষ্টা।দেউতাকক ভুল বুজা মানে পৰীয়ে নিজকে পাহৰি যোৱাৰ দৰেহে হ'ব নিশ্চয়।

  দেউতাকৰ অবিন্যস্ত চুলিখিনি ঠিক কৰি দি পৰীয়ে  পৰিস্থিতিটো কিছু পাতল কৰিবলৈকে দেউতাকক জোকালে।দেউতা তুমি জোঁৱাই নোপোৱাকৈয়ে এক্কেবাৰেই বুঢ়া হৈ গ'লা দেখোঁন।কালিলৈ মই চুলিত কালাৰ লগাই দিম দেই মোৰ হেণ্ডচাম দেউতাক।গুঞ্জনৰ ওঁঠৰ ফাঁকেৰে এটা ম্লান হাঁহি সৰকি আহিল। পৰীয়ে দেউতাকৰ হাতখন তাইৰ হাতৰ মুঠিত লৈ পৰীয়ে আব্দাৰ কৰিলে।দেউতা কোৱা আকৌ"! মই শুনিবলৈ আগ্ৰহেৰে ৰৈ আছোঁ।মইয়েই  জানো  তোমালোকৰ সেই পুৱতি তৰাৰ অম্লান প্ৰেমৰ  আকাশ খন নহওঁ? কোৱানা দেউতা; প্লিজ!

    প্ৰশাসনিক বিষয়া গুঞ্জন বৰঠাকুৰ আজি পুনৰবাৰ অতীতক সুৱঁৰিবলৈ গৈ ক্লান্ত হৈ  পৰিছে। মনৰ ভিতৰতে তেওঁ কথাবোৰ জুকিয়াইছিল।ক'ৰ পৰা আৰম্ভণি কৰিব ভাবি থাকোঁতে হঠাতে যেন শ্ৰদ্ধাৰ খিলখিল হাঁহিৰ শব্দত তেওঁ তন্ময় হৈ উভতি চাইছিল সোণোৱালী অতীতক। কটন কলেজৰ দ্বিতীয় বৰ্ষৰ ছাত্ৰ গুঞ্জন বৰঠাকুৰৰ গীতত আকুল হোৱা শ্ৰদ্ধাশিখা বৰুৱাই চিনাকি হ'বলৈ অহা সেই ক্ষণটোৰ কথা  গুঞ্জনে কেনেকৈ পাহৰিব?কটনৰ সকলোতকৈ ধুনীয়া ছোৱালী জনী তেওঁৰ লগত আহি নিজেই চিনাকি হোৱাৰ বাবে লগৰবোৰে সেইদিনা আবেলিলৈ কটনৰ কেণ্টিনত তেওঁৰ পৰা এটা গপচ পাৰ্টি খাইছিল । বঁটা বিতৰণী অনুষ্ঠানৰ দিনা নৱাগতা শ্ৰদ্ধা শিখাই লাভ কৰিছিল শ্ৰেষ্ঠ গায়িকাৰ সন্মান।গুঞ্জনে শ্ৰেষ্ঠ গায়কৰ ট্ৰফীতো আনিবলৈ যাওঁতে প্ৰেক্ষাগৃহত আনন্দৰ লহৰ নামিছিল।গুঞ্জনক লৈ তাৰ বন্ধুবোৰৰ আনন্দৰ সীমা নাছিল।আচলতে গুঞ্জন বৰঠাকুৰ সকলোৰে প্ৰিয় আছিল।
 শ্ৰদ্ধা আৰু গুঞ্জনৰ মাজত   তেতিয়ালৈকে বৰ বিশেষ কথা বতৰা হোৱা নাছিল। কিন্তু এজনে আনজনক দেখিলে  লাজতে তলমূৰ কৰিছিল। গুঞ্জনৰ শ্ৰদ্ধাক কম বুলি ভাবি থকা কথা কেইটা নোকোৱাকৈয়ে বহুদিন পাৰ হৈ গৈছিল।শ্ৰদ্ধাৰ ঘৰৰ ওচৰৰে অৰিন্দমক শ্ৰদ্ধাই 
বৰ ধুনীয়াকৈ মাতবোল কৰিছিল। সেয়েহে গুঞ্জনে তাৰ বন্ধু অৰিন্দমক খাটনি ধৰিছিল শ্ৰদ্ধাৰ সৈতে কেণ্টিনত কথা পতাই দিবলৈ।
  সেইদিনা ইকনমিক্সৰ ক্লাছটো কৰি গুঞ্জন আৰু অৰিন্দম কেণ্টিনলৈ আহিছিল। অৰিন্দমে আগতেই কথা পাতি 
থোৱাৰ বাবে তাৰ মাহীয়েকৰ ছোৱালী ৰিমিয়ে শ্ৰদ্ধাক জোৰকৈয়ে কেণ্টিনলৈ লৈ আহিছিল। অৰিন্দমে শ্ৰদ্ধা আৰু ৰিমিক কেণ্টিনত দেখা পাই আচৰিত হোৱা যেন দেখুৱাইছিল। লাহেকৈ শ্ৰদ্ধাক গুঞ্জনৰ কাষত এৰি থৈ ৰিমিয়ে অৰিন্দমক জেঠায়েকৰ  ইটো- সিটো খবৰ সুধিছিল। সেই সুযোগতে অৰিন্দম উঠি আহি বেলেগ এখন টেবুলত ৰিমিৰ সৈতে বহি কথা পতাৰ ভাও জুৰিছিলহি। শ্ৰদ্ধা লাজতে কুচিমুচি গুঞ্জনৰ সন্মুখত বহি আছিল।গুঞ্জনে লাজ লাজকৈ কথাবোৰ আৰম্ভ কৰিছিল। শ্ৰদ্ধাই মনে মনে কথাবোৰ শুনি গৈছিল।তাইৰ ঘৰৰ কথা সুধিছিল।তাই কৈছিল তাইৰ ঘৰত মাক আৰু ককায়েক আছে।গুঞ্জনে নিজৰ কথাবোৰো তাইক কৈ গৈছিল। দেউতাক গড়কাপ্তানী বিভাগৰ অভিযন্তা।মাক স্কুল শিক্ষয়িত্ৰী। তেওঁ ঘৰৰ একমাত্ৰ সন্তান।

গুঞ্জনে এবুকু আকুলতাৰে শ্ৰদ্ধাৰ আলফুল হাতখনত মৃদু  স্পৰ্শেৰে কঁপা কঁপা মাতেৰে কৈছিল,'' শ্ৰদ্ধা  মই তোমাক মোৰ কাষত চিৰদিনলৈ বিচাৰো । মই তোমাক ভালপাওঁ। তুমি মোৰ হ'বানে শ্ৰদ্ধা?শ্ৰদ্ধাৰ চকুৰ পৰা সৰি পৰিছিল দুটোপাল অশ্ৰু।তাই  কেৱল  নীৰৱে সন্মতি দিছিল।  দেউতাকৰ মৃত্যুৰ পিছত কোম্পেনীত এটা সৰু চাকৰি কৰি বৰ কষ্টেৰে তাইক ককায়েকে পঢ়াইছে।সেয়েহে গভীৰ আশংকাত তাই ভিতৰি ভিতৰি কঁপি উঠিছিল।কিন্তু হৃদয়ত গুঁজি লোৱা গুঞ্জনৰ ভালপোৱাৰ অনুৰণনত তাই যেন শকুন্তলা হ'বলৈ আগবাঢ়িছিল। কলিজাৰ আটোমটোকাৰি কোঠাটোত আজি শ্ৰদ্ধাই মাক আৰু ককায়েকৰ পিছতেই গুঞ্জনক আলফুলকৈ ৰখাৰ সিদ্ধান্ত লৈ শেষ বাৰৰ কাৰণে  গুঞ্জনৰ ভালপোৱাক সঁহাৰি দিছিল।অৰিন্দমে নজনাৰ ভাও ধৰি সুহুৰিয়াই সুহুৰিয়াই সিহঁতৰ মাজত বহিছিলহি। শ্ৰদ্ধা  অৰিন্দমৰ সন্মুখত অসহজ হৈ পৰিছিল।তাই ৰিমিৰ লগত কেণ্টিনৰ পৰা  ওলাই যাবলৈ খৰধৰ কৰিছিল।লাজতে ৰঙা পৰি যোৱা মুখখন চাই গুঞ্জনৰ  সেইদিনা কিবা এটা হেপাঁহ লাগি গৈছিল। সি  দেখা সপোনটো সাকাৰ হ'বলৈ আগবাঢ়িছিল।এইয়া যে তাৰ জীৱনলৈ পুৱতি তৰাৰ আগমন!

 গুঞ্জন আৰু শ্ৰদ্ধাৰ হৃদয়ৰ নিভৃতত ভালপোৱাৰ এমুঠি সেউজীয়া  সুবাস ভৰি উঠিছিল ক্ৰমশঃ।শিক্ষা বৰ্ষৰ প্ৰতিটো ঢাপ দুয়োজনে সফলতাৰে অতিক্ৰম কৰিছিল।গুঞ্জনে ইকনমিক্সত মেজৰ লৈ গুৱাহাটী ইউনিভাৰ্চিটিৰ পৰা  প্ৰথম শ্ৰেণীৰ প্ৰথম স্থান লাভ কৰি স্নাতক ডিগ্ৰী অৰ্জন কৰা  সেই দিনটোৰ কথা আজিও পাহৰিব পৰা নাই।শ্ৰদ্ধাই আৱেগতে তাক সাৱটি ধৰিছিল।দুয়ো সেইদিনা ব্ৰহ্মপুত্ৰৰ পাৰত সূৰ্যাস্ত চাই বহু দেৰিলৈকে বহি আছিল।শ্ৰদ্ধাই গুঞ্জনৰ কোলাত মূৰ থৈ সিহঁতৰ সপোনবোৰ এটি এটিকৈ গুঁঠিছিল।গুঞ্জনে প্ৰথমবাৰৰ বাবে তাৰ প্রিয় নাৰী গৰাকীৰ কঁপালত আৰু  ওঁঠত আঁকি দিছিল প্ৰতিশ্ৰুতিৰ মিঠা চুমাবোৰ। শ্ৰদ্ধাই জীৱনানন্দৰ প্রিয় কবিতা বনলতা সেনৰ দুটামান শাৰী গুণগুণাই উচ্ছল নিজৰাৰ দৰেই খিলখিলাই হাঁহিছিল।গুঞ্জন দিল্লী বিশ্ববিদ্যালয়ত মাষ্টাৰ্চ কৰিবলৈ যাবলৈ ওলোৱা খবৰটো শুনাৰে পৰাই শ্ৰদ্ধাই কান্দি কান্দি চকু উখহাই দিছিল। গুঞ্জনৰ বুজনিয়েও তাইক শান্ত কৰিব পৰা নাছিল। সি ধেৎ আঁকৰীজনী বুলি চকুপানীবোৰ মচি দি বুকুলৈ চপাই আনিছিল। মৰমৰ সুগভীৰ নদীখনত তাই সোমাই পৰি  বেছিকৈহে উচুপিছিল।  অৱশেষত দুয়ো দুয়োৰে পৰা আঁতৰি থকাৰ সেই ক্ষণটো আহি পৰিছিল। শ্ৰদ্ধাই গুঞ্জনক এয়াৰপৰ্টত আগবঢ়াই দিবলৈ তাৰ মাক নিৰ্মালিৰ  বাবে যোৱা নাছিল।মাকে তাইক পছন্দ কৰা নাছিল।কাৰণ  একমাত্ৰ পুত্ৰৰ বাবে সম্ভ্ৰান্ত বংশৰ  ছোৱালী এগৰাকীক বোৱাৰী কৰি অনাৰ সপোনত বিভোৰ হৈ আছিল গুঞ্জনৰ মাতৃ নিৰ্মালি বৰঠাকুৰ।
আজিৰ দৰেই  সিহঁতৰ কাষত তেতিয়া স্মাৰ্ট ফোন নাছিল।কিন্তু তথাপিও দুয়োটাই পি. চি অ' ৰ পৰাই বহু সময় ধৰি  লেণ্ড ফোনত কথা পাতিছিল। শ্ৰদ্ধাৰ ইতিমধ্যে বি .এ ৰ ৰিজাল্ট ওলাইছিল। বৰ কষ্টেৰে পঢ়িও শ্ৰদ্ধাই ৰাজনীতি বিজ্ঞানত ফাষ্ট ক্লাছ পাইছিল। ককায়েকে তাইৰ কাৰণে কোম্পেনীত এক্সট্ৰা শ্বিফ্ট কৰিছিল। শ্ৰদ্ধাই টিউচন 
কৰি  ককায়েকক সহযোগ কৰিছিল। কাৰণ তাই কেতিয়াও গুঞ্জনৰ পৰা আৰ্থিক ভাৱে সহায় ল'ব খোজা নাছিল। মাকৰ পেঞ্চনটোৰে কোনোমতেহে  সিহঁতৰ মাহটো খাবলৈ জুৰিছিল।

গুঞ্জনে মাষ্টাৰ্চ শেষ কৰি 
এ. পি. এচি পৰীক্ষাৰ বাবে কোচিং কৰিবলৈ দিল্লীতে আৰু এটা বছৰ ৰৈ গৈছিল। মেধা ছাত্ৰ গুঞ্জনৰ বাবে জীৱনৰ সকলোবোৰ পৰীক্ষাই উজু আছিল। শ্ৰদ্ধাইও সফলতাৰে স্নাতকোত্তৰ ডিগ্ৰী সমাপ্ত কৰি দিছপুৰ হায়াৰ চেকেণ্ডাৰীত বিষয় শিক্ষকৰ পদত নিযুক্তি লাভ কৰিছিল।সিহঁতৰ অভাৱৰ ঘৰখনলৈ আশাবোৰ  সুখৰ খিৰিকীৰে সোমাই আহিছিল।মাক আৰু ককায়েকৰ মুখ দুখন কাঁচিয়লি  ৰ'দজাকৰ  মিঠা পৰশত উজ্বল হৈ পৰিছিল।
      গুঞ্জনে ডেপুটি কালেক্টৰ হিচাপে ৰঙিয়াত জইন কৰিছিল। ইতিমধ্যে সিহঁতৰ ঘৰত তাৰ বিয়াৰ বিষয়ে আলোচনা চলিছিল।মাকে তাক নজনোৱাকৈ কেইবা ঠাইতো ছোৱালী চাইছিল।অৱশেষত সি তাৰ সিদ্ধান্ত ঘৰত জনাই দিছিল যে সি শ্ৰদ্ধাৰ বাহিৰে আন কোনো ছোৱালীকে তাৰ জীৱন সংগীনি কৰিব নোখোজে।মাকৰ দাম্ভিকতাই তাক বেছিকৈহে জেদী কৰিছিল। সেয়েহে শ্ৰদ্ধাহতৰ ঘৰলৈ সি নিজেই বিয়াৰ প্ৰস্তাৱ লৈ গৈছিল।মাক আৰু ককায়েকে গুঞ্জনক লগ পাই সুখী হৈছিল।সি তাৰ মাকৰ আপত্তিৰ কথা অলপো আঁৰ নকৰাকৈ কৈ গৈছিল। শ্ৰদ্ধাৰ ককায়েক দিগন্তই ভনীয়েকৰ সুখৰ বাবে সকলো মানি ল'বলৈ সাজু হৈছিল।
অৱশেষত গুঞ্জনৰ কেইজনমান বন্ধুৰ সহযোগত কামাখ্যা মন্দিৰত সিহঁতৰ বিয়াখন অনুষ্টুপীয়াকৈ হৈ গৈছিল।মাক নিৰ্মালি কান্দি- কাটি গৈ মন্দিৰ পাইছিলগৈ।গুঞ্জনৰ দেউতাকৰ তেওঁৰ বিয়াত পূৰ্ণ সমৰ্থন আছিল। অৱশেষত আভিজাত্যৰ ভেম এৰি শ্ৰদ্ধাক বোৱাৰী হিচাপে গ্ৰহণ কৰিবলৈ নিৰ্মালি বৰঠাকুৰ সাজু হৈছিল। গুঞ্জনৰ ভাল লাগিছিল। মাক- দেউতাক দুয়োৰে আশীষ লৈ  সি তাৰ ভালপোৱাৰ প্ৰতিটো উশাহ শ্ৰদ্ধাৰ ওঁঠত গুঁজি দিবলৈ সাজু হৈছিল। কথাবোৰ কৈ কৈ গুঞ্জন হেৰাই গৈছিল অতীতৰ মধুৰ বক্ষত।।

  গুঞ্জন পুনৰবাৰ সোঁৱৰণিৰ কুঁৱলীৰ ভাঁজে ভাঁজে আকুলতাৰে ডুব গৈছিল নিজৰ মাজত।পৰীয়ে মাথোঁ অবাক হৈ শুনি গৈছিল  মাক-দেউতাকৰ পবিত্ৰ প্ৰেমৰ অসামান্য অনুভূতিৰ আত্মিক স্পর্শৰ কথাবোৰ।
গুঞ্জনে  তেওঁ আৰু শ্ৰদ্ধাৰ   ফুলশয্যাৰ নিশাটোৰ কথাও নিসংকোচে  পৰীৰ আগত কৈ গৈছিল।  সেইদিনা তেওঁৰ বুকুত কণমানি ছোৱালী এজনীৰ দৰেই  শ্ৰদ্ধা কুচিমুচি  সোমাই  পৰিছিল।সি ফুলশয্যাৰ নিশা আলফুলকৈ প্ৰণয়ৰ মিঠা চুমাবোৰ আঁকি দিছিল শ্ৰদ্ধাৰ ওঁঠত আৰু কৈছিল,, শ্ৰদ্ধা তুমি মোৰ  জীৱনৰ পুৱতি তৰা।" এই তৰাৰ সেউজীয়া পোহৰত  মই ওৰেটো জীৱনৰ বাবে ভালপোৱাৰ ৰ'দজাকক বুকুত সাৱটি লৈ স্নেহাসিক্ত বৰষুণত জুৰুলি জুপুৰীকৈ তিতিবলৈ  এতিয়াৰ পৰা সাজু হৈছোঁ শ্ৰদ্ধা । গুঞ্জনে তেওঁৰ  পুৱতি তৰাক প্ৰাণময় নিশাটোৰ গভীৰতাৰ বুকুত প্ৰত্যয়েৰে সাৱটি লৈছিল। স্নেহময় স্পৰ্শৰ শেতেলিত  সপোনৰ পাহিবোৰৰ মাজত ডুব গৈছিল তন্ময়তাৰ এজাক জোনাকৰ মাজত শ্ৰদ্ধা আৰু গুঞ্জন।
   পৰী অবাক হৈছিল।ইমান গভীৰ প্ৰেমেৰে তাইৰ মাক- দেউতাকে জীৱনক আঁকোৱালি লোৱাৰ পিছতো কিয় বাৰু নিয়তিয়ে  তাইক মাতৃৰ স্নেহৰ পৰা এনেকৈ জন্মৰ ক্ষণতেই বঞ্চিত কৰিলে? মাজে মাজে তাইৰ ঈশ্বৰৰ ওচৰত সেই বাবেই অভিমান হয়। । কিন্তু দেউতাকে পৰীক নিৰ্বাচন কৰি দিয়া কাপোৰসাজৰ সৈতে মেটচিং ইয়েৰিং যোৰ  পিন্ধিবলৈ পালে সেই অভিমান প্ৰাপ্তিলৈ সলনি হয়। তাই  আজিও দেউতাকৰ পচন্দৰ কাপোৰ সাজ  পিন্ধিহে ক'ৰবালৈ যাবলৈ ভাল পায়।পৰীৰ বাবে তাইৰ দেউতাক ঈশ্বৰ প্ৰেৰিত দেৱদূত । প্ৰতিটো জন্ম দিনত দেউতাক আৰু আইতাকে নেদেখাকৈ তাই লুকাই লুকাই  কান্দিলেও কিন্তু দুওঁঠত  হাঁহিটো আঁকি লৈ দুয়োকে সুখী কৰাৰ অহৰহ প্ৰয়াস  সদায়েই কৰি আহিছে।

কথাবোৰ কৈ  কৈ গুঞ্জন বৰঠাকুৰ কিছু সময়  থমকি ৰৈছিল।
গুঞ্জনে চকুহাল মোহাৰি লৈ শেঁতা হাঁহি এটাৰে তেওঁৰ একো হোৱা নাই বুলি পৰীক আশ্বস্ত কৰিবলৈ বিচাৰিছিল। সি তাৰ পিছৰ কথাবোৰ ক'বলৈ গৈ বাৰে বাৰে কঁপি উঠিছিল।কিন্তু সি যে আজি তাৰ জীৱন ডায়েৰীৰ পৃষ্ঠাবোৰ নতুনকৈ মেলিব লাগিব।নহ'লে সিহঁত দুয়োৰে পুৱতি তৰাই যে  সদায় নিৰলে উচুপিব ।
গুঞ্জন উভতি গৈছিল সিহঁতৰ বিয়াৰ দুটা বছৰ সম্পূৰ্ণ নৌ হওঁতেই  নিয়তিয়ে অপ্ৰত্যাশিত ভাৱে উপহাৰ দিয়া সেই অভিশপ্ত নিশাটোৰ মাজলৈ। শ্ৰদ্ধা আৰু গুঞ্জন শ্বিলঙৰ পৰা উভতি আহিছিল।হঠাতে যোৰাবাট নাপাওঁতেই সিহঁতৰ গাড়ীখনক এখন মালবাহী ট্রাকে মহতিয়াই নিছিল। তাক  কোনোমতে গাড়ীৰ তলৰ পৰা উলিয়াই আনিছিল।শ্ৰদ্ধাৰ শৰীৰটো আঘাত আছিল।কিন্তু তাই গুঞ্জনকহে হস্পিটেলত ভৰ্তি কৰাবলৈ বেছিকৈ তৎপৰ হৈছিল। ঘটনাস্থলীত উপস্থিত থকা মানুহবোৰে দুয়োজনকে ইণ্টাৰনেশ্যনেল হস্পিটেললৈ আনি ইমাৰজেঞ্চি ৰুমত ভৰ্তি কৰাইছিল। সাতমাহৰ অন্তঃসত্বা শ্ৰদ্ধাৰ ইতিমধ্যে ৰক্তক্ষৰণ হ'বলৈ আৰম্ভ কৰিছিল। প্ৰসূতি বিভাগৰ ডাক্তৰ অৰিন্দম দুৱৰাই শ্ৰদ্ধাৰ সাতমহীয়া গৰ্ভজাত সন্তানটোক  অপাৰেচন কৰি সুস্থিৰ অৱস্থাৰে পৃথিৱীৰ পোহৰ দেখুৱাবলৈ সমৰ্থ হৈছিল। কিন্তু শ্ৰদ্ধাক অশেষ চেষ্টাৰ পিছতো ডাক্তৰ অৰিন্দমে জীয়াই ৰাখিব নোৱাৰিলে।আচলতে কেইবাঘণ্টাও পলমকৈহে শ্রদ্ধাক ভৰ্তি কৰোৱা হৈছিল।তাইৰ ভিতৰত থকা প্ৰাণটোক অৰিন্দমে তেওঁৰ চিকিৎসা বিজ্ঞানৰ আশীষেৰে জীয়াই ৰাখিলে।মাত্ৰ গুঞ্জনৰ প্ৰাণৰ উশাহটোক তেওঁ বচাব নোৱাৰি অপাৰেচন থিয়েটাৰত সেইদিনা আটাহ পাৰি উঠিছিল। তেওঁ কি বুলি উত্তৰ দিব বন্ধু গুঞ্জনক?
কেনেকৈ মুখামুখি হ'ব গুঞ্জনৰ?  সিহঁতৰ প্ৰেমৰ সাঁকোডাল গঢ়িবলৈ সিয়েই  জানো সহায় কৰা নাছিল ? কিন্তু আজি শ্ৰদ্ধা আৰু গুঞ্জনৰ মৰমৰ  সাঁকোডালক সি  কিয় বাৰু মেৰামতি কৰিব নোৱাৰিলে?
ডাক্তৰ অৰিন্দমে  নিজৰ কেবিনত সোমাই উচুপি উঠিছিল সেইদিনা।গুঞ্জনৰ মাকে অৰিন্দমক বুজাইছিল।এইয়া নিয়তিৰ নিৰ্মম হাতুৰীৰ কোব ; অদৃশ্য জনৰ ওচৰত তোমালোকে কৰিব পৰাকৈ একো সুৰুঙাই নাছিল অৰিন্দম।ইন্টেনচিভ বেবী  কেয়াৰ ইউনিটৰ সন্মুখত নিৰ্মালি আৰু শ্ৰদ্ধাৰ মাক বাসৱী ঘণ্টাৰ পিছত ঘন্টা বহি ৰৈছিল।ডাক্তৰ অৰিন্দমে পৰীক আনি আইতাকৰ কোলাত তুলি দিওঁতে দুয়োগৰাকী মাতৃয়ে  বৰকৈয়ে উচুপি উঠিছিল। কেঁচুৱাৰ বাবে বিশেষ নাৰ্ছ এগৰাকীৰো ব্যৱস্থা অৰিন্দমে কৰি দিছিল। গুঞ্জন সুস্থ হৈছিল। গুঞ্জন শ্ৰদ্ধাৰ আলফুল সপোনটোৱে ডাক্তৰ আৰু নাৰ্চৰ হাতত প্ৰাণ পাবলৈ সক্ষম হৈছিল।   মমতাৰ সমস্ত সত্তাৰে কণমানি পৰীজনীক দুয়োগৰাকী  আইতাকে বুকুত সুমুৱাই লৈছিল।শ্ৰদ্ধাক হেৰুৱাই গুঞ্জনৰ হৃদয়ৰ গুঞ্জনবোৰো লাহে লাহে নীৰৱতাৰ আৱেষ্টনীত সোমাই পৰিছিল।

  গুঞ্জন সুস্থ হৈ ঘৰলৈ উভতি অহাৰ আগতে তাৰ বন্ধু  ডাক্তৰ অৰিন্দমে  গুঞ্জনক তাৰ কেবিনলৈ মাতি নি তাৰ জীৱনলৈ আহিব খোজা আৰু এজাক ধুমুহাৰ খবৰ দিছিল।এই দুৰ্ঘটনাত সি তাৰ পুৰুষত্ব হেৰুৱাইছে ।কিন্তু এই খবৰে গুঞ্জনক অলপো বিচলিত কৰিব পৰা নাছিল।। কাৰণ পুৱতি তৰাৰ লগতেই  তাৰ সকলোবোৰ সপোনৰ সেইদিনাই মৃত্যু হৈছিল।

মাক- দেউতাকৰ বুজনিত গুঞ্জন কিছু সুস্থ হৈছিল।কণমানি পৰীক  মাতৃৰ মমতাৰ সুবাসেৰে আৱৰি ৰাখিবলৈ গুঞ্জনে নিজকে সলনি কৰিছিল। যিদিনা পৰীয়ে গুঞ্জন অফিচৰ পৰা উভতি আহোঁতে প্ৰথম 'দিতা'বুলি মাতিছিল।সি আৱেগতে শ্ৰদ্ধাৰ ফটোখনৰ সন্মুখত থিয় হৈ চিঞৰি চিঞৰি আনন্দৰ খবৰটো  শ্ৰদ্ধাক দি কৈছিল, চোৱা শ্ৰদ্ধা আমাৰ পৰীয়ে মোক দিতা মাতিছে ।শ্ৰদ্ধাৰ দৰেই এযুৰি সুন্দৰ চকুৰ গৰাকী তাৰ পৰীজনী ককাক- আইতাকৰ কোলাত সাধু শুনি, নিচুকনি গীত শুনি ডাঙৰ হৈছিল। মাক নিৰ্মালিৰ 
স্নেহৰ আৱৰ্তত সিহঁতৰ যুগ্ম জীৱনৰ শ্ৰেষ্ঠতম 
ভালপোৱা উশাহটোৱে  পাঁচটা বছৰ অতিক্ৰম কৰিছিল।

 গুঞ্জনে আজিও  তাৰ মাকৰ এই ত্যাগক সন্মান কৰি আহিছে। আভিজাত্যৰ আৱৰণ ফালি তেওঁ পৰীৰ বাবে হৈ পৰিছিল মমতাময়ী যশোদা।কোনেও গুঞ্জনক দ্বিতীয় বিবাহ কৰাবলৈ জোৰ কৰা নাছিল। মাকে পুত্ৰৰ দুখবোৰক পুনৰবাৰ সোঁৱৰাই  দিবলৈ কোনোদিনেই বিচৰা নাছিল।পৰীৰ মাজতেই  তেওঁলোকে শ্ৰদ্ধাৰ অস্তিত্বক বিচাৰি পাইছিল।পৰী আজি বিশ বছৰীয়া এগৰাকী গাভৰু।সকলোৰে দায়িত্ব ল'ব পৰাকৈ সক্ষম, ঠিক শ্ৰদ্ধাৰ দৰেই স্নেহময়ী এক স্পৰ্শ তাইৰ মাজতো সকলোৱেই বিচাৰি পায়।

পৰীয়ে দেউতাকৰ কাষচাপি গৈ  তপত অশ্ৰুবোৰ দুহাতেৰে আঁকোৱালি ল'লে। প্লিজ ; দেউতা নাকান্দিবা বুলি তায়ো    এইবাৰ উচুপি উঠিল। শ্ৰদ্ধাৰ সেই মিঠা হাঁহিটোৰ ভাঁজত আজিও হৃদয়ৰ উত্তাপ 

  বিচাৰি পোৱা গুঞ্জনে পৰীৰ কঁপালত আলফুলকৈ চুমা এটা আঁকি দিলে। পৰীয়ে দেউতাকক ঘৰলৈ যাবলৈ উৎপাত কৰিলে।কাৰণ দেউতাকৰ দৰৱ খোৱাৰ সময় হৈছে। কোনো কাৰণতে দেউতাকক তাই হেৰুৱাব নোখোজে। তাইযে দুয়োজনী আইতাকৰ  বাবে হেঁপাহৰ এখন নীলিম আকাশ। যোৱাবছৰ মহামাৰী ক'ৰোনাত তাই  দুয়োগৰাকী আইতাকৰ কিমান যে যতন লৈছিল।শ্ৰদ্ধাৰ মাকে নাতিনী পৰীৰ মাজত জীয়েক শ্ৰদ্ধাৰ আব্দাৰবোৰ বিচাৰি পাইছিল। পৰীৰ "আইতা মা" হৈ  নিৰ্মালি বৰঠাকুৰে গুঞ্জনৰ 
শৈশৱক  পুনৰবাৰ বুকু ভৰাই পৰীৰ মাজত সজীৱ কৰি তুলিছিল।

গুঞ্জনৰ  আৰু এটা কাম কৰিব লগা আছিল।আজি বিশ বছৰে তেওঁ শ্ৰদ্ধাৰ অস্থি বিসৰ্জন দিব খোজা নাছিল। আজি পৰীক তেওঁৰ জীৱনৰ নিবিড় পৃষ্ঠাবোৰৰ লগত চিনাকী কৰাই দিবলৈ পাই অলপ হ'লেও দুখৰ ভাৰখন পাতল হৈছে। এইবাৰ গুঞ্জনে তাৰ পুৱতি তৰাক বিদায় দিব মহাজীৱনৰ অনন্ত তটত।যাৰ বাবে তেওঁ আজিৰ পৰাই সাজু হৈছে ।গুঞ্জনে অস্ফুট স্বৰত সিহঁতৰ
প্ৰেমৰ স্ৰোতশ্বিনীৰ বক্ষত বুকুত হাত থৈ পুৱতি তৰাক বিদায় দিছিল। ক্ৰমশঃ ব্ৰহ্মপুত্ৰৰ বুকুৰ ভাসমান আবেলিটোৱে গুঞ্জনৰ উদয়াস্ত জীৱনৰ আলিবাটত এমুঠি সেউজীয়া হেঁপাহ সিঁচি দিছিল তাৰ আৰু পুৱতি তৰাৰ  মাজত।সেই নতুনত্বৰ সন্ধানত গুঞ্জনে পৰীক হাতত ধৰি  হেঁপাহৰ মৌচুমী জাকক প্ৰাণৱন্ত  কৰি আগুৱাই যাবলৈ  আজি নতুনকৈ সাজু হৈছে  । গুঞ্জনে আজি তাৰ পুৱতি তৰাৰ পোহৰবোৰক হৃদয়ৰ মাজত আলফুলকৈ সাঁচি থ'লে। সিহঁত দুয়োৰে প্ৰেমৰ শতদল জীয়ৰী তপস্যাৰ কাষে কাষে আগুৱাবলৈ এতিয়াও বহুদূৰ বাট  গুঞ্জনৰ বাকী আছে।গুঞ্জনে নিজকে নিজেই কৈছিল ,তই কেতিয়াও ভাগৰি পৰিব নোৱাৰ তহঁতৰ পুৱতি তৰাৰ বাবে।""আজি তপস্যাইও মাক- দেউতাকৰ বিবাহ বাৰ্ষিকীৰ  এই বিশেষ ক্ষণত ৰ'দৰ এসাজ সুবাসিত  বসন দেহত মেৰিয়াই অতুলনীয় প্ৰেমৰ নীলাৰুণ  আকাশখনৰ ছাঁত খিলখিলাই  মাক শ্ৰদ্ধাৰ দৰেই পুনৰবাৰ হাঁহিলে।গুঞ্জনেও বহুদিন দুখৰ কাষত বন্ধকিত থোৱা হৃদয় খনৰ ঋণ পৰিশোধ কৰিবলৈ  এইবাৰ সাজু হ'ল ।

সমাপ্ত**

শেৱালি বৰুৱা শইকীয়া
    পুৰণিগুদাম; নগাঁও

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)