নীলা খামৰ চিঠি-হিৰণ্যময়ী বৰুৱা

Rinku Rajowar
0
প্ৰতি,
অতি মৰমৰ মোৰ প্ৰীতি,
 
প্ৰথমে মোৰ আন্তৰিক  হিয়াভৰা মৰম ল'বা।তোমাৰ মৰমে মোক আজিও জীয়াই ৰাখিছে। তোমাৰ স'তে বহুত কথা পাতিবলৈ আছে ।
কেৱল তোমাৰ স'তে। তুমি যে মোৰ অতিকৈ প্ৰিয়, বুকুৰ আপোন।হৃদয়ৰ কথাবোৰ কেৱল তোমাৰ স'তেহে  পাতিবলৈ আশাৰে বাট চাই থাকো।সেইয়া-আশাধাৰী প্ৰাণীৰ কথা। মানে কথাতে কয় আশাধাৰী প্ৰাণী ; আশাই 
নিয়ে টানি। তোমাৰ  ধুনীয়া চকুযুৰিয়ে 
বহুত কথা কয় হেপাঁহৰ‌,প্ৰেমৰ আৰু 
জীয়াই থকাৰ প্ৰেৰণা  দিয়ে। বিশেষকৈ মোৰ বাবে তুমি স্বৰ্গীয় এপাহি গোলাপ ফুল।তোমাৰ আৱেগ-সহানুভূতি লৈ সদায়ে আশাৰে বাট চাই ৰওঁ। তুমি মোৰ হৃদয়ৰ সপোনৰ দুৱাৰ, তোমাৰ প্ৰেমেৰে আজিও মই জীয়াই আছো, জীয়াই থকা কেইদিন 
তোমাৰ স'তে সকলো কথা দুখ-সুখৰ সঙ্গী হিচাপে পাতিব পাৰিম।
তুমি মোৰ ; মই তোমাৰ। তোমাৰ মিঠা হাঁহিটি আজিও পাহৰি যোৱা নাই। এই মিঠা হাঁহিত যেন প্ৰেমৰ মাদকতা লুকাই আছিল এনে লাগে।
বহুত দিন পাৰ হৈ গ'ল।তোমাৰ খবৰ 
মই লোৱাহে নাই -তুমিও দেখোন আমাৰ অতীতৰ কথা এবাৰো মনত 
পেলোৱা নাই। তুমি কুশলে আছানে ?
ময়ো জীয়াই থাকিব লাগে বুলিয়ে জীয়াই আছোঁ।
তোমাৰ দীঘল চুলিটাৰিৰ গোন্ধ আজিও মোৰ নাকৰ পৰা আঁতৰি যোৱা নাই।  লগ পালে বহুতো কথা পাতিম। তুমি বাৰু একে আছানে ? তোমাৰ নীৰৱতা আৰু অমায়িকতাই 
তোমালৈ মনত পেলায় বাৰে-বাৰে।
তোমাৰ জানো মোলৈ বাৰু অলপো মনত নপৰেনে ?
অ' এটা কথা, তোমাৰ ঠিকনাটো বহুত কষ্ট কৰি সংগ্ৰহ কৰি আনিছো। পত্ৰখনিৰ উত্তৰ দিবলৈ নেপাহৰিবা ।
  

ইতি,
তোমাৰ মৰমৰ
 নীলা
মোৰ ঠিকনা 
ঘৰ নং --কল্পনা বিলাস
হাউচিং কলনি-পিন নম্বৰ --০৪
গুৱাহাটী, অসম
তাৰিখ-- ২৯মে/২০২০

হিৰণ্যময়ী বৰুৱা

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)