বিৰিখৰ সৰাপাতে চোতাল ভৰালে,
সুৰুঙাৰে ধূলিবোৰে আল্পনা আঁকিলে।
বাটে পথে নাচি ফুৰা
নহয় জানো তুমি
সৰুদৈচিলা?
চৌপাশে তোমাৰ
বা ৰিব্ ৰিব্
ফাগুনী পছুৱাই
গৃহস্থীক দিয়া উন্মনা
বহাগী বতৰা।
তুমিয়ে নহয় জানো,
বিৰিখৰ আৱৰণ খুলি
নসাজেৰে সজাই
ধৰণী ধুনীয়া কৰা
বৰদৈচিলা জনী?
সিঁচৰিত যেনি তেনি
আকাশৰ বিশাল বুকুত
এবুকু ভাল পোৱা
ঘৰে ঘৰে দিয়া বিলাই
বহু ৰঙী ধূলিৰ মায়া
নিৰলে নিৰৱে গোৱা,
চন্দোময় সময়ৰ গতি।
বিৰিখক লঠঙা কৰি
লাজুকী ওৰণি গুচাই
মেলি দিয়া কুঁহিপাতৰ
কঁপনি।
এনেকৈ এদিন তুমি,
অচিনাকি হৈ
উৰুৱাই লৈ যোৱা
দুখীয়াৰ পঁজা ।
বৰ ঘৰৰ জীয়ৰীয়ে,
ৰং মনৰ সৈতে,
নাচোনত হালিজালি পৰে।
দুখীয়াৰ চেমনীহঁতৰ
দুখতে চকুলো সৰে।
পুনৰ তৰাভৰা আকাশৰ তলত
জোনাকৰ লেচেৰি বুটলে।
তমসা নিশাৰ ধুমুহাত
বুকু কঁপি উঠে।
পুৱাৰ শ্যামলী পুৱাত
বিচাৰি পায় জীয়াই থকাৰ
সুখ।
প্ৰকৃতিৰ সেউজীয়াৰ মাজতে
সিহঁতে ৰচে জীয়াই থকাৰ
অলেখ সপোন।
এয়ে বসন্তৰ নিয়ম।
◾শ্ৰীমতী নীভা লয়িং
পাণবজাৰ, গুৱাহাটী-1
নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ