আধৰুৱা সপোন -মিনাক্ষী দত্ত

Aditi Tanti
0
দেউতা কান্ধত কিমান ল'বা আৰু বোজা
মোক ডাঙৰ হ'বলৈ দিয়া
মই লম তোমাৰ কান্ধৰ বোজা ।
মা , তুমি দেখা আধৰুৱা সপোনবোৰ 
সজতনে সাঁচি ৰাখা
মোক ডাঙৰ হ'বলৈ দিয়া।
ৰাতি দেখা সপোনবোৰ 
দিঠকত মই পূৰাম অ' মা ।
কথা দিছিলো তোমালোকক এদিন
কিন্তু হঠাৎ আহিল দুৰ্দিন । 
কথা দি ৰাখিব নোৱাৰিলো অ 'মা
ডাঙৰ হোৱা আখৰা কৰোতেই
জীৱন নাটৰ সামৰণি পৰিল ।
দেউতা , ডাঙৰ হ'বৰ নেপাওঁতেই
ধুমুহাই উভালি পেলালে ।
মোৰ দেহৰ ভৰ বোলে পৃথিৱীয়ে 
সহিব নোৱাৰে ।
কিয় দেউতা কিয় .....?
মা' সপোন বোলে ৰাতি টোপনিতহে দেখে
দিঠকত নহয় ।
সেয়ে সিহঁতে মোক তোমাৰ সপোন 
পূৰাবলে নিদিলে ।
মোক অভিশাপ নিদিবা অ' মা ..... 
মই পলায়ন কৰা নাই অ' মা
কি জানা , মই ঢলি পৰোতে কোনোবাই
দূৰৈৰ পৰা অট্ৰহাস্যকৰি কয় ....
এ , পৰিলে পৰিলে ।
সহায় বিচাৰি দুহাত মেলিও
নাপালো কাৰোৰে হাত 
দুহাতেৰে সাৱটি ল'বলে
তুমিও যে নাই মোৰ কাষত ।
              

             

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)