স্তব্ধ বসুন্ধৰা,
লাজত মৰহিল
সূৰুযৰ হেঙুলী কিৰণ ।
বৰষাৰ আগমণে
প্ৰকৃতিৰ বুকুৰ
মলিনতাবোৰ নিকা কৰি
হৃদয়ৰ সীমনাত
কোঁহে কোঁহে বিলাই যায়
অকৃত্ৰিম ভালপোৱা ।
ভালপোৱাৰ দিকচৌ বাটেৰে
আগুৱাই গৈ
জীৱনৰ বাটত সাজিব লাগিব
এখনি প্ৰকৃতি প্ৰেমৰ নৈ ।
মুষলধাৰ বৰষুণজাকৰ
কাণ তাল মৰা শব্দৰ অন্তত
ডাৱৰৰ ফাঁকেৰে সৰি পৰিল
আবেলিৰ কোমল ৰ'দালি ।।
◾ বিশ্বজিৎ সূত