ডলু চাহ বাগিছা-নাৰায়ণ গঁড়

©Admin
0
পৰিৱৰ্তন
এয়াই পৰিৱৰ্তন

জল, জংগল, জমীনৰ পৰা
ওখ অট্টালিকা, এয়াৰপৰ্টলৈ

শ শ শ্ৰমিকৰ হিয়াৰ কান্দোন
কৰ্মভুমি হেৰুৱাৰ।

অকলশৰীয়া ডলু চাহ শ্ৰমিক
ক'ত কুৰ্মি, মাঝি, ঘাটোৱাৰ, তাছা, কিছান, দাস, তেলী, গোৱালা
চাহ শ্ৰমিকৰ ৰাজনৈতিক নেতাসব,
আচলতে দালাল॥

কৰবাতে হেৰাল আছা, আটছা, আৱা, এচিএম‌এছ,
আলনাকে ধৰি আনপালৈ....
সকলোৱে আজি নিশ্চুপ
নাজানো কাৰণ?

কাকুতি-মিনতি
ভৰি চুই আপত্তি

প্ৰতিবাদী জনতাক
দমন প্ৰশাসনৰ
১৪৪ ধাৰা লাগো
দুৰ্ভাগ্য জনতা

জনতাৰ চৰকাৰ,
জনতাৰ প্ৰতিবাদৰ নাইচোন কাম।

আছে মাথোঁ হাহাকাৰ
ধিক্কাৰ চৰকাৰ॥

নাৰায়ণ গঁড় 
     ঢেকীয়াজুলি

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)