পৰিৱেশ প্ৰদূষণ আৰু আমাৰ কৰণীয়-ৰুবিম্মীতা সান্দিল

©Admin
0
পৰিৱেশ বুলিলে আমাৰ চাৰিওফালে থকা জীৱ আৰু জীৱ- সম্প্ৰদায়ক বুজায়। পৰিৱেশে জৈৱিক আৰু অজৈৱিক দুয়ো প্ৰকাৰৰ উপাদান ক বুজায়। সাম্প্ৰতিক কালত মানুহৰ সৰ্বাধিক দৃষ্টি আকৰ্ষণ কৰা বিষয়টো হৈছে পৰিৱেশ। পৰিৱেশ প্ৰদূষণ: অনিষ্টকাৰী পদাৰ্থ ই পৰিৱেশ বিনষ্ট কৰাকে সহজ অৰ্থত পৰিৱেশ প্ৰদূষণ বোলে। অনিষ্টকাৰী পদাৰ্থ যেনে: ধূলি, ধোৱা,চাই ইত্যাদি। প্ৰদূষণ বিভিন্ন প্ৰকাৰৰ।যেনে : মাটি প্ৰদূষণ, পানী প্ৰদূষণ,বায়ু প্ৰদূষণ। মাটি প্ৰদূষণ: সাধাৰণতে কৃষিত ব্যাৱহাৰ কৰা বিভিন্ন ধৰণৰ ৰাসায়নিক পদাৰ্থ, বিষাক্ত ধাতু, কীটনাশক দৰৱ, প্লাষ্টিক,কাচ আদিৰ ফলত মাটি প্ৰদূষিত হয়। মাটিৰ স্বাভাৱিক গুণ বিনষ্ট হয়। উৰ্ব্বৰতা হ্ৰাস পায়। পানী প্ৰদূষণ: সহজ অৰ্থত দূষিত পদাৰ্থ পানীৰ লগত মিহলি হ'লে পানী প্ৰদূষণ হয়। মানুহৰ সৰ্বাধিক ব্যাৱহাৰ কৰা পদাৰ্থবোৰ পানীত পেলালে পানী প্ৰদূষণ হয়। বায়ু প্ৰদূষণ: বায়ুমণ্ডল প্ৰধানকৈ মানুহৰ কাৰ্যৰ ফলত প্ৰদূষিত হয়। নগৰীকৰণ ,যান-বাহনৰ বৰ্ধিত ব্যবহাৰ,আদি পৃথিৱীৰ বায়ুমণ্ডল দূষিত হোৱাৰ প্ৰধান কাৰণ। পৰিৱেশ সুৰক্ষাত আমাৰ কৰণীয়:আমি পৰিৱেশ প্ৰদূষণ ৰোধ কৰাৰ কাৰণে ব্যৱস্থা গ্ৰহণ কৰিব লাগিব।গছ কটা ৰোধ কৰিব লাগিব। এডাল গছ কাটিলে দহডাল গছ ৰোপণ কৰিব লাগিব। প্লাষ্টিকৰ ব্যৱহাৰ ৰোধ কৰিব লাগিব। তাৰ বাবে বিকল্প ব্যৱস্থা গ্ৰহণ কৰিব লাগিব। পেট্ৰোলিয়াম জাত সামগ্ৰীসমূহৰ ব্যৱহাৰ কমাই দিব লাগিব। পানী প্ৰদূষণ ৰোধ কৰাৰ কাৰণে পানীত মানুহে যিকোনো বস্তু পেলাব নালাগিব। পানীৰ অপব্যয় হোৱা ৰোধ কৰিব লাগিব। ইয়াৰ উপৰিও পানী হিচাপ অনুসৰি ব্যৱহাৰ কৰিব লাগিব। পৰিৱেশ সুৰক্ষাৰ কাৰণে  আইন প্ৰণয়ন কৰিব লাগিব। এনে আইনৰ ভিতৰত অন্যতম আইন হ'ল ১৯৭৭ চনত আফ্ৰিকা মহাদেশৰ নাইৰবিত ৰাষ্ট্ৰসংঘৰ এক সন্মিলন অনুষ্ঠিত হৈছিল। আমাৰ পৰিৱেশ প্ৰদূষণ ৰোধ কৰাৰ বাবে জৈৱিক সাৰ, ব্যবহাৰ কৰিব লাগিব। আমি পৰিৱেশ তন্ত্ৰৰ কথা এবাৰ ভাবি চাব লাগিব। নহ'লে আমাৰ পৃথিৱীৰ ধ্বংস অনিবাৰ্য। ভবিষ্যত প্ৰজন্মৰ বাবে আমি এখন সোণৰ পৃথিৱী এৰি যোৱাৰ ব্যবস্থা কৰিব লাগিব। পৃথিৱী আমাৰ জন্মভূমি গৰিয়সী। আমাৰ মাতৃভূমি সুৰক্ষাৰ দায়িত্ব আমাৰ ওপৰত।

ৰুবিম্মীতা সান্দিল

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)