এই পৃথিৱী কাৰ বাবে-নাছিৰ আহমেদ

©Admin
0
গোটেই বিশ্বজুৰি চলাথ কৰিও এই প্ৰশ্নৰ সমিধান নেপালো,
এই পৃথিৱী কাৰ বাবে ? 
মাথোঁ তেওঁলোকৰ বাবে নেকি  ;
যিবিলাকে ভোগ,বিলাসিতা আৰু প্ৰাচুৰ্যত
আজীৱন ডুব গৈ থাকে ; সুৰাৰ ৰাগীত হৈ উন্মত্ত।
পৃথিৱী তেওঁলোকৰ মতে ভোগ্য সামগ্ৰী 
সেয়েহে , তেওঁলোকৰ ‌একমাত্ৰ‌ মন্ত্ৰ উচ্ছাৰণ
" Eat , drink and be marry"
পুঁজিপতি,সাম্ৰাজ্যবাদী এই শোষক শ্ৰেণীৰ বাবেই
     এই পৃথিৱী খন চাগে।
তেওঁলোকৰ শান্তি - সমৃদ্ধিৰ বাবে সমাজ  ব্যৱস্থা।
সকলো ধৰ্মীয় আচাৰ অনুষ্ঠান, দাৰ্শনিক তত্ত্ব, অৰ্থনৈতিক বুনিয়াদ আৰু ৰাজনৈতিক চিন্তাধাৰা !

এই শ্ৰেণীটোৱেই হৈছে "যোগ্য,ভোগ্যা বসুন্ধৰা "।

 অথচ, আমাৰ বাবে এই পৃথিৱী এক নৰক সদৃশ  এক মৃত্যু উপত্যকা, চাৰিওফালে মৰুভূমিৰ ধূ ধূ।

যেতিয়াই পৃথিৱীৰ বুকুত নামি আহে কোনো দুৰ্যোগ
আমাৰ জীৱনলৈ নামি আহে ঘোৰ অমানিশা !
প্ৰতি পলে পলে হাত বাউলি মাতে মৃত্যুৰ বিভীষিকা 
এসাজ আহাৰৰ সন্ধানত ৰে'লৰ চকাত হয় আমাৰ জীৱন্ত মৃত্যু !
আমাৰ বাবে এই পৃথিৱীত আশ্ৰয়ৰ বৰ অভাৱ !
কৰোনা ব্যাধিতকৈ ভয়ঙ্কৰ আমাৰ দাৰিদ্ৰ্য-ক্লীষ্ট জীৱন আৰু প্ৰতি মুহূৰ্ত্তত নামে ঈশ্বৰৰ দীৰ্ঘ অভিশাপ?
আমাৰ পৰিচয় নুশুধিবা ,
নুশুধিবা আমাৰ ধৰ্ম পৰিচয় বা জন্মভূমি ক'ত ?
আমাৰ এটাই মাথোঁ পৰিচয় -----
আমি শোষিত,লাঞ্চিত ,বঞ্চিত ,
নিষ্পেষিত                        যুগে যুগে দেশে দেশে সৰ্ব্বহাৰা শ্ৰমিকৰ দল !

অথচ , হাড় ভঙা পৰিশ্ৰম কৰি আমিয়েই গঢ়ো
বৃহৎ বৃহৎ অট্টালিকা, পৃথিৱীৰ সপ্তাশ্বৰ্য কীৰ্তিচিহ্ন,
বৃহত্তম চহৰ,নগৰ, সেউজ গাঁও আৰু সভ্যতা ;
কল কাৰখানাত নানা ধৰণৰ ভোগৰ সামগ্ৰী ,
অট্টাধুনিক জীৱন নিৰ্বাহৰ সকলো ব্যৱস্থা!

কিন্তু, এই পৃথিৱী কাৰ বাবে
এই প্ৰশ্নৰ সমিধান কেতিয়াও নেপালো !!

বিঃ দ্ৰষ্টব্য :- এই কবিতাটি যদিও ২০২০ চনৰ ১০ মে তাৰিখে ৰচনা কৰিছিলোঁ , ইয়াৰ প্ৰাসিংগতা অনুভৱ কৰি আজি শ্ৰমিক দিৱস উপলক্ষে পুনৰাই মোৰ মুখপুথিত লিপিবদ্ধ কৰিলোঁ

নাছিৰ আহমেদ

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)