ধাৰাবাহিক উপন্যাস খণ্ড ১৩- বিটুমনি কোঁছ

©Admin
0
অনবৰতে কিছুমান আতংক আৰু অজান আশংকাই পহৰা দি থাকিব ল'লে।এটা পঙ্গু ঠিকনা হাতৰ মুঠিত লৈ চহৰৰ ছাঁ নপৰা  এখন দুৰ্গম আওহতীয়া ঠাইত মই মোৰ সন্তানৰ নিৰাপত্তা দিয়াৰ বাবে থিতাপি লৈছোঁ।এটা  ৰুগীয়া আশা আৰু অকনমান শান্তিৰে  উশাহ লোৱাৰ আশাত।

  মই  বৰ এলেহুৱা হৈ পৰিছোঁ।দুৰ্বল দেহাটো বৰকৈ বেয়া লগা হৈছে।পেটৰ সন্তানটোৱে পৃথিৱীৰ পোহৰ চাবলৈ বেছি দিন নাই।এই আনন্দত আত্মহাৰা হৈ বাৰে বাৰে পেটত খুন্দিয়াবলৈ ল'লে।যথেষ্ট কষ্ট অনুভৱ কৰিছোঁ।দিনবোৰ একেই গতানুগতিকতাত আৰম্ভ হয়, শেষ হয়।তাৰ পিছত  একেই আৰম্ভণি।কিছুমান অৰ্থহীন ছবি আঁকি ৰৈ যোৱা শুকান ৰং।ভগ্ন হীন হৃদয়ৰ গেলি যোৱা ঘাঁ।

ল'ৰা ছোৱালীহালৰ হাতত ধৰি এখোজ দুখোজকৈ কথাবোৰ ভাবি ভাবি আগবাঢ়িছোঁ।তৰাং বুকুত বালি সাৱটি শুই থকা  নদীখনৰ সেই সুঁতিটোৰ কাষলৈ।

খট- খট ,খট-খট এখন গৰুগাড়ী।বহু দিনৰ পিছত যেন চকা দেখিছোঁ।গাড়ীখন দেখি ল'ৰা ছোৱালী হাল স্ফুৰ্টিত  গাড়ীখনৰ কাষলৈ দৌৰ দিলে।নাযাবা বুলি চিঞঁৰি উঠা শব্দটো ডিঙিত লাগি ধৰিল।গাড়ীখন ৰৈ দিলে।উঠিবা নেকি?ল'ৰা ছোৱালীহালে মা ,মা বুলি চিঞঁৰিব ললে।

বহু দিনৰ মূৰত ছোৱালীজনীৰ মুখত হাঁহি দেখিবলৈ পালোঁ।

উঠা ,উঠা সেইয়া মামাহে।আত্মীয়তা গঢ়িবলৈ মই ক'লোঁ।দুইয়োটাই গৰু গাড়ীখনত উঠি ল'লে।এখোজ দুখোজকৈ আগবাঢ়ি গৈ ময়ো সেই ঠাই পালোগৈ।

তুমি কেতিয়াবা এই গৰুগাড়ী খন লৈ ডাক্তৰ ওচৰলৈ গৈ পাইছানে?

কাৰোবাৰ জীৱন মৰন অসুবিধা হ'লে ,এইখনতেই লৈ যাওঁ ডাক্তৰৰ ওচবলৈ।

মোৰ কিবা অসুবিধা হ'লে ,তুমি মোক সহায় কৰিবানে?  
                                                                     নিশ্চয়।পেহীৰ ঘৰৰ পৰা ৪ ঘৰ মানুহ পাৰ হ'লেই মোৰ ঘৰ।

ল'ৰা ছোৱালীহাল পাছফালে বহুৱাই গাৰোৱান জন গ'লগৈ।মই স্বস্তিৰ নিশ্বাস এৰিলোঁ। 

সেই ৰাতিয়েই প্ৰচণ্ড পেটৰ বিষত মই চটফটাই আছোঁ।নদীৰ পাৰত ঘূৰি ফুৰোঁতে মোক ভূতে পালে বুলি ওচৰ চুবুৰীয়াই সৰু বাঁহৰ ঘৰটো হেঁচা মাৰি ধৰিলে।পেহী দৌৰি গ'ল বেজৰ ওচৰলৈ।গাঁৱৰ ধাই বুঢ়ীজনী আহি মোক লক্ষ্য কৰি ক'লে, সময় পালেহি।প্ৰসৱ বেদনাত মই চটফটাই আছোঁ।বেজ ধাই মোক লৈ ব্যস্ত হৈ পৰিল।ধাই জনীয়ে পেহীক ক'লে, মতাটোক মাত ।কেঁচুৱা উভতি আছে।কিবা পাপ কৰি থৈছে।মই হ'লে যাওঁ।বেজ, ধাই লগতে ওচৰ চুবুৰীয়া সকলো ঘৰা-ঘৰি গ'ল।পেহীয়ে মোক ক'লে, কিবা কথা আছে যদি মোৰ আগতেই কৈ দে আই।বৰকৈ কষ্ট পাইছ।মই নিমাত হৈ পৰিলোঁ।কি ভাবি এই আওহতীয়া বিজ্ঞানৰ পোহৰ নপৰা ঠাইত আহি সোমাই পৰিলোঁ।গভীৰ ৰাতি চটফটাই থকা মোৰ কাষত মোৰ ল'ৰা ছোৱালীহাল।মই সিহঁতক আশ্বাস দিলোঁ ,মোৰ একো নহয়।পানীৰ সোঁতত উটি যোৱা জনৰ বাবে খেৰ কুটা ডালেই সাহ হোৱাৰ দৰে মই গৰুগাড়ী খনকে  সাৰথি কৰি পুৱতি পুৱাই ডাক্তৰৰ ওচৰলৈ যাবলৈ ওলাইছোঁ। আগলৈ,,,,,,,।

বিটুমনি কোঁছ

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)